১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বলীউড চুপাৰষ্টাৰ ছলমান খানক লৈ আলোচনাৰ অন্ত নাই। বলীউডৰ টাইগাৰৰ ঘৰত গুলী চলোৱাৰ পাছত খবৰৰ শিৰোনামত আছে ছুলতান। এই ঘটনাৰ পাছত ছলমানে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলেও তেওঁৰ পৰিয়াল, অভিনেতা সকলো চিন্তিত হৈ পৰিছে। ইয়াৰোপৰি ছলমান পূৰ্বৰে পৰাই Y+ কেটেগৰীৰ নিৰাপত্তাত থাকে।

ইয়াৰোপৰি ছলমান খানে কি কি নিৰাপত্তাৰ মাজত থাকে?

Y+নিৰাপত্তা

অভিনেতা ছলমান খানক হত্যাৰ ধমকি দিয়াৰ পাছৰে পৰাই তেওঁৰ নিৰাপত্তা বঢ়াই দিয়া হৈছে। অভিনেতাজন সেই ভাবুকিৰ পাছৰে পৰাই Y+ নিৰাপত্তাত আছে। এই নিৰাপত্তা খুবেই কাঢ়া। ইয়াত কমেও ১১জনীয়া এটা টিম আছে। এই টিমৰ মাজেৰেহে ছলমানে যাত্ৰা কৰে। ইয়াৰোপৰি অভিনেতাজনৰ নিৰাপত্তাৰ দায়িত্বত আছে ২ৰ পৰা ৪ জন কমাণ্ডোও।

বুলেটপ্রুফ গাড়ি

অভিনেতা ছলমানৰ নিৰাপত্তাৰ বাবে আছে ২খন টিপিএছ। ইয়াৰোপৰি বুলেটপ্ৰুফ বাহনতহে যাত্ৰা কৰে ছলমান খানে। ইয়াৰোপৰি তেওঁলোকৰ বাহনৰ সন্মুখত এখন আৰু পিছফালে এখন বাহন সকলো সময়তে থাকে।

টাইগাৰৰ টিম

কেৱল সেয়াই নহয়, ছলমান খানৰ নিৰাপত্তাৰ বাবে অত্য়ন্ত শক্তিশালী দেহৰক্ষীও ৰখা হৈছে। অভিনেতাজনৰ দেহৰক্ষীও প্ৰতিসময়তে লগত থাকে। য’ত ছলমান থাকে সেই স্থানতেই থাকে তেওঁৰ দেহৰক্ষী ছেৰা। ছেৰা ছলমানৰ ছায়াৰ দৰে। ছলমান বিপদৰ সন্মুখীন হ’লে ছেৰাই প্ৰথমে সকলোবোৰৰ সৈতে মোকাবিলাৰ বাবে আগুৱাই যায়।

চিকন্দৰ’ ছবি সন্দৰ্ভত আলোচনাত ভাইজান

চাৰিওফালে তেওঁৰ ভক্তসকল চিন্তাত আছে। সকলোৱে ভাৱিছে অভিনেতাজন কুশলে থাকক। কিন্তু ছলমানে এই বিষয়বোৰক লৈ কোনো প্ৰতিক্ৰিয়া ব্য়ক্ত কৰা নাই। ঈদৰ দিনাই ছলমানে নিজৰ অনুৰাগীক দিছে নতুন ছবি আহি থকাৰ খবৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *