আম্বানীয়ে নোৱাৰে কি? আম্বানীৰ বাবেই ২৪ বছৰৰ পাছত একেটা ফ্ৰেমত ঐশ্বৰ্য-ছলমান

আম্বানীয়ে নোৱাৰে কি? আম্বানীৰ বাবেই ২৪ বছৰৰ পাছত একেটা ফ্ৰেমত ঐশ্বৰ্য-ছলমান

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, বলীউড বাৰ্তাঃ আম্বানীয়ে সকলো পাৰে। বিগত ২৪ বছৰে কোনোৱে কৰিব নোৱাৰা এই কামো সমাধা কৰিলে আম্বানীয়েই। ছলমান খান আৰু ঐশ্বৰ্য ৰায় বিগত ২৪ বছৰে কোনো অনুষ্ঠানতেই একলগ হোৱা নাছিল। ছলমান উপস্থিত থাকিলে ঐশ্বৰ্যক সেই স্থানত ক’তোৱেই কোনোৱে দেখা নাছিল। কিন্তু শেহতীয়াভাৱে নীতা মুকেশ আম্বানী কালছাৰেল চেণ্টাৰৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা গৈছে ঐশ্বৰ্য আৰু ছলমানক।

ঐশ্বৰ্য আৰু ছলমান এসময়ৰ হিট যুঁটিৰ ভিতৰত অন্যতম আছিল। দুয়োৰে সম্পৰ্ক বিচ্ছেদ হওঁতেই দেশ বিদেশৰ বাতৰিৰ শিৰোনাম হৈছিল দুয়োৰে প্ৰেমকাহিনী। এই দুয়োৰে সম্পৰ্ক বিচ্ছেদ হৈছিল ২০০২ চনত। সম্পৰ্কত ইমানেই তিক্ততা আহিছিল যে সম্পৰ্ক বিচ্ছেদৰ পাছত এজনে আনজনৰ নাম পৰ্যন্ত লোৱা নাছিল। কিন্তু এইবাৰ অভাৱনীয়ভাৱেই দুয়ো পুনৰ একলগ হৈছে। এটা ফ্ৰেমতেই বন্দী হৈছে ছলমান আৰু ঐশ্বৰ্য।

উল্লেখ্য যে, নীতা মুকেশ আম্বানী কালছাৰেল চেণ্টাৰৰ উদ্বোধনী অনুষ্ঠানত সমগ্ৰ বলীউডেই উপস্থিত আছিল। শ্বাহৰুখ, ছলমান, প্ৰিয়ংকা, আলিয়া, ৰজনীকান্ত, হেমা মালিনীকে ধৰি নবীন-প্ৰবীন সকলোবোৰেই উপস্থিত আছিল অনুষ্ঠানত। সেই অনুষ্ঠানতেই কন্যা আৰাধ্যাক লৈ হাজিৰ হৈছিল ঐশ্বৰ্য৷ গাঢ় সেউজীয়া চুৰিদাৰ পিন্ধি উপস্থিত হৈছিল ঐশ্বৰ্য৷ তাৰবিপৰীতে ছলমানেও পিন্ধিছিল কলপতীয়া ৰঙৰ পোছাক৷ সামাজিক মাধ্যমত ফটোসমূহ দেখা মাত্ৰকেই বহুতেই চলাইছে চৰ্চা, ‘ঐশ্বৰ্যৰ বাবেই চিৰকুমাৰ হৈ থকা ভাইজানক প্ৰাক্তন প্ৰেয়সীৰ সৈতে দেখি ভাল লাগিছে৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *