কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুজৱ! হঠাৎ শুভমনক উদ্দেশ্যি বিশেষ বাৰ্তা দিলে শচীন তেণ্ডুলকাৰে

কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুজৱ! হঠাৎ শুভমনক উদ্দেশ্যি বিশেষ বাৰ্তা দিলে শচীন তেণ্ডুলকাৰে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বিশাখাপত্তনমত ইংলেণ্ডৰ বিৰুদ্ধে শতৰানৰ পাছত শুভমন গীলক বিশেষ বাৰ্তা দিছে শচীন তেণ্ডুলকাৰে। ছাৰা তেণ্ডুলকাৰৰ সৈতে শুভমনৰ প্ৰেমৰ জল্পনা বহুদিন ধৰিয়েই চলি আছে। অৱশ্যে বৰ্তমানলৈকে দুজনেই এই বিষয়টোক স্বীকাৰ কৰি লোৱা নাই। শচীনেও এই বিষয়ে কোনো মন্তব্য কৰা নাই। তেওঁ শুভমনক উদ্দেশ্যি দিছে ইনিংছৰ বাৰ্তা।

১১ মাহৰ পাছত শতৰান কৰিছে শুভমনে। সেই ইনিংছৰ পাছত এক্স হেণ্ডেলত শচীনে কৈছে, ‘শুভমনৰ এই ইনিংছৰ পৰাই বুজা গৈছে শুভমনযে এজন দক্ষ ক্ৰিকেটাৰ। এই শতৰানৰ বাবে শুভমনক শুভেচ্ছা।’ নিজৰ বাৰ্তাৰ সৈতে শুভমনৰ উল্লাসৰ মুহূৰ্তৰ ছবিও শ্বেয়াৰ কৰিছে শচীনে। ১১ মাহৰ পাছত এই শতৰান শুভমনৰ। কেইবাখনো মেচত ৰান কৰিব পৰা নাছিল শুভমনে। ১২টা ইনিংছৰ পাছত টেষ্টত অৰ্ধশতৰান কৰিছে শুভমনে।

বিগত মাৰ্চত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আহমেদাবাদত শতৰান কৰিছিল শুভমনে। প্ৰায় এবছৰ পাছত ৫০ৰানৰ লক্ষ্য পাৰ কৰিছে শুভমনে। ১৪৭টা বলত ১০৪ ৰান কৰি আউট হয় শুভমন। মুঠ ১১ ট বাউণ্ডেৰী আৰু দুটা ছিক্স কোবাইছে শুভমনে। প্ৰথমে শ্ৰেয়ছ আৰু অক্ষৰক লৈ এই ইনিংছ গঢ়িবলৈ সক্ষম হৈছে। শুভমনৰ বেটৰ ভৰতেই দ্বিতীয় ইনিংছত ইংলেণ্ডৰ সন্মুখত বৃহৎ লক্ষ্য বান্ধি দিয়ে ভাৰতে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *