কিয় দিছপুৰ থানা পালেহি ৰাছিয়াৰ আলেকজেণ্ডাৰ? এজাহাৰ দিবলৈ আহি নিজেই বিপদত!

কিয় দিছপুৰ থানা পালেহি ৰাছিয়াৰ আলেকজেণ্ডাৰ? এজাহাৰ দিবলৈ আহি নিজেই বিপদত!

আলেকজেণ্ডাৰ
আলেকজেণ্ডাৰ
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আলেকজেণ্ডাৰ নামৰ ৰাছিয়াৰ এগৰাকী যুৱকক লৈ ব্যস্ত হৈ পৰিছে গুৱাহাটীৰ দিছপুৰ আৰক্ষী চকীৰ বিষয়াসকল। আলেকজেণ্ডাৰে আৰক্ষীৰ ওচৰ চাপিছিল গোচৰ তৰিবলৈ। কিন্তু থানালৈ আহি নিজেই বিপদত পৰিল ৰাছিয়াৰ যুৱকগৰাকী। প্ৰৱঞ্চনাৰ অভিযোগ দিবলৈ আহি নিজৰেই বিপদ ঘণীভূত হৈছে আলেকজেণ্ডাৰৰ।
গুৱাহাটীলৈ আহি প্ৰৱঞ্চনাৰ জালত পৰাৰ অভিযোগ উত্থাপন কৰিছে আলেকজেণ্ডাৰ নামৰ ৰাছিয়ান নাগৰিকগৰাকীয়ে। ডিব্ৰুগড়ৰ আশীষ শৰ্মা নামৰ এগৰাকী লোকে আলেকজেণ্ডাৰক প্ৰৱঞ্চনা কৰাৰ অভিযোগ আনে। বিৱৰিত ঘটনা অনুসৰি আশীষ শৰ্মাই কলকাতালৈ এদিনীয়া বিশ্বকাপৰ মেচ চাবলৈ যাওতে চিনকী হৈছিল আলেকজেণ্ডাৰৰ সৈতে। কলকাতাৰ ৰে’ল ষ্টেচনত চিনাকী হৈছিল দুয়ো। গুৱাহাটীৰ ISKCON মন্দিৰলৈ আহিবলৈ আলেকজেণ্ডাৰৰ মাতৃৰ বেংক একাউণ্টৰ পৰা আশীষৰ একাউণ্টলৈ পঠিওৱা হৈছিল ধন। আশীষ শৰ্মাই প্ৰবঞ্চনাৰে আলেকজেণ্ডাৰৰ পৰা ১১ হাজাৰ ৭ টকা সৰকোৱা বুলি দাবী কৰে ৰাছিয়ান যুৱকগৰাকীয়ে।
ৰাঁচী, দাৰ্জিলিং ঘূৰি আশীষৰ সৈতে গুৱাহাটী পাইছিল আলেকজেণ্ডাৰ। আলেকজেণ্ডাক থকাৰ সুবিধা কৰি দিবৰ বাবে ভাড়াঘৰো বিচাৰি গৈছিল আশীষে। তাৰ পাছত আলেকজেণ্ডাৰৰ ভিছাৰ ম্যাদ ওকলাৰ বিষয়ে জ্ঞাত হয় আশীষ। ভাড়াঘৰ নাপাই দিছপুৰৰ এটা লজতে দুটা নিশা কটায় দুয়োগৰাকীয়ে। বিভিন্ন সময়ত আশীষে ভাবুকি দিয়াৰো অভিযোগ আনে আলেকজেণ্ডাৰে। আলেকজেণ্ডাৰে দিয়া টকা ঘূৰাই বিচাৰিলেই হাৰাশাস্তি কৰাৰো বিস্ফোৰক অভিযোগ আশীষৰ বিৰুদ্ধে। সমগ্ৰ অভিযোগ উত্থাপন কৰি সোমবাৰে দিছপুৰ থানাত এক গোচৰ তৰে আলেকজেণ্ডাৰে। আশীষে সকলো অভিযোগ নস্যাৎ কৰিলেও তদন্ত অব্যাহত ৰাখে দিছপুৰ আৰক্ষীয়ে।
কিন্তু ঘটনাই ওলোটা মোৰ লয় আলেকজেণ্ডাৰৰ পক্ষে। এজাহাৰ দাখিল কৰিবলৈ আহি এতিয়া দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা ৰাছিয়ান যুৱকগৰাকীৰ। ভিছাৰ ম্যাদ ওকলা আলেকজেণ্ডাৰক সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ম্যাদ ওকলা ভিছাৰ পুনৰ পৰীক্ষণো কৰিব আৰক্ষীয়ে। ইতিমধ্যে দিছপুৰ থানাত উপস্থিত হৈছে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া। আলেকজেণ্ডাৰৰ ক্ৰিমিনেল ৰেকৰ্ডো পৰীক্ষা কৰিব ক্ৰাইম ব্ৰাঞ্চে। পৰৱৰ্তী সময়ত ৰাছিয়ান হাই কমিশ্যনৰ পৰা আলেকজেণ্ডাৰৰ তথ্য বিচাৰিব আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *