‘দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰৰ মাজত যুদ্ধ হ’লে তাৰ ফলাফলে আন এক ইতিহাস ৰচনা কৰিব’ এইবাৰ ৰাছিয়া-আমেৰিকাৰ মাজত বাজিছে যুদ্ধৰ দামামা!

‘দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰৰ মাজত যুদ্ধ হ’লে তাৰ ফলাফলে আন এক ইতিহাস ৰচনা কৰিব’ এইবাৰ ৰাছিয়া-আমেৰিকাৰ মাজত বাজিছে যুদ্ধৰ দামামা!

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ‘ননছেঞ্চ’! ৰাছিয়াক জোকাই ল’লে পৰিণাম ভয়ংকৰ হৈ যাব।’ এই ধমক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ। ইজৰাইল-হামাছ যুদ্ধ পৰিস্থিতিৰ মাজত এই মন্তব্য অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি প্ৰকাশ কৰিছে যুদ্ধ বিশেষজ্ঞসকলে। প্ৰথমে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। তাৰপিছত হামাছ-ইজৰাইলৰ যুঁজ। তৃতীয় বিশ্বযুদ্ধৰেই এয়া প্ৰাৰম্ভিক কাল নেকি? এই সংঘৰ্ষই বিশ্বক ক্ৰমশ তৃতীয় বিশ্বযুদ্ধৰ দিশেৰে ঠেলি নিছে নেকি? আন্তৰ্জাতিক যুদ্ধ বিশেষজ্ঞসকলে বিষয়টোক লৈ প্ৰকাশ কৰিছে ভিন্ন মত।

তৃতীয় বিশ্বযুদ্ধৰ দামামা?
সম্প্ৰতি মাৰ্কিন কংগ্ৰেছৰ তৰফৰ পৰা এখন বিশেষ কমিটি গঠন কৰা হৈছে। বৃহস্পতিবাৰে কমিটিৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি আমেৰিকাই, চীন আৰু ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰ বাবে নিজকে প্ৰস্তুত কৰিছে। জ’ বাইডেনৰ চৰকাৰক এই বিশেষ কমিটিয়ে পৰামৰ্শ দিছে যে তেওঁলোকৰ বাহিনী আৰু সম্প্ৰসাৰণ কৰিব লাগিব। জোট শক্তিশালী কৰিবলৈ পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণ প্ৰক্ৰিয়াও আৰম্ভ কৰিব লাগিব মাৰ্কিন যুক্তৰাষ্ট্ৰই।

এই বিবৃত্তিৰ পাছতেই ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনে দিছে বিশেষ হুংকাৰ। সংবাদমাধ্যমৰ সন্মুখত তেওঁ কয়, ‘ৰাছিয়া আৰু আমেৰিকাৰ মাজত যুদ্ধ হ’লে বিশ্বৰ বাবেই ই ক্ষতিকাৰক হ’ব। জনসমাজত এই মন্তব্যই বিৰূপ প্ৰভাৱ পেলাব। এনে ধৰণৰ লঘু মন্তব্য আমেৰিকাই কৰাটো উচিত নহয়। ইয়াৰ ফল তেওঁলোকে কিন্তু ভাল নাপাব।’

আমেৰিকাক ঠাট্টা কৰি পুটিনৰ মত
ভ্লাডিমিৰ পুটিনে সংবাদমেলত লগতে কয়, ‘স্বাস্থ্যবান মানুহে এনে অস্বাস্থ্যকৰ মন্তব্য কৰাটো একেবাৰেই অনুচিত। মই ভাৱো এনে চিন্তা মূৰত অনাটোৱেই বিপজ্জনক। কাৰণ আমেৰিকাই যদি সঁচায়ে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মন স্থিৰ কৰিছে তেন্তে মস্কোৱে ইয়াৰ জৱাব নিদিয়াকৈ নাথাকে। আমিও মনে মনে যুদ্ধৰ বাবে নিজকে প্ৰস্তুত কৰি ৰাখিছোৱেই। এটা পুৰণা কথা খুবেই মনলৈ আহিছে? যদি তুমি শান্তি বিচাৰা তেন্তে যুদ্ধৰ বাবে প্ৰস্তুত হোৱা।’

ৰাছিয়াই কি বিচাৰিছে?
সাংবাদিকে এই বিষয়ে প্ৰশ্ন সোধাত পুটিনে কয়, ‘আমি শান্তি বিচাৰো। এই শান্তিৰ কথা কওঁতেই এক কটাক্ষমূলক হাঁহি তেওঁৰ ওঁঠত খেলি যায়। ওঁঠৰ কোণত হাঁহি বিয়পায় পুটিনে কয়, ‘আমেৰিকাই যি কৈছে ৰাছিয়া আৰু চীন দুয়োটা পাৰ্টীৰ লগতেই যুঁজ কৰিব। ননছেন্স! মই ভাৱিছো তেওঁলোকে ধেমালীতেই এই কথা কৈছে। ভয় খুৱাবলৈকে চেষ্টা কৰিছে আমেৰিকাই। যদি সঁচাকৈয়ে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব খুজিছে তেন্তে এই যুঁজ সাধাৰণ নহ’ব। কোনো স্পেছিয়েল মিলিটাৰী অপাৰেছন নহ’ব। মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধতকৈ এই যুদ্ধ কিন্তু পৃথক হ’ব।’

ইয়াৰোপৰি ধমকিৰ সুৰত পুটিনে কয়, ‘দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰৰ মাজত যুদ্ধ হ’লে তাৰ ফলাফলে আন এক ইতিহাস ৰচনা কৰিব। মই নাভাৱো সোঁ পন্থীৰ মানুহে এনে চিন্তা চৰ্চা কৰিব। যদি আমেৰিকাই সঁচাকৈ যুদ্ধৰ কথা ভাৱিছে তেন্তে ইয়াৰ পৰিনাম বিশ্বই দেখিব।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *