৯ বছৰ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

৯ বছৰ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ২০১৪ চনৰ মে মাহত প্রধানমন্ত্ৰীৰ আসনত বহিছিল নৰেন্দ্ৰ মোদী৷ তেতিয়াৰ পৰা বৰ্তমানলৈ মাজত ৯ বছৰ৷ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টাতকৈ অধিক সময় ধৰি প্ৰধানমন্ত্ৰীৰ আসনত আছে নৰেন্দ্ৰ মোদী৷ এই সময়ছোৱাত কিমান দিন কৰ্মৰ পৰা বিৰতি লৈছে প্রধানমন্ত্ৰী মোদীয়ে? তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত একাংশই এই সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ পৰিছিল৷ সেই প্রশ্নৰ উত্তৰ অৱশেষত দিছে প্রধানমন্ত্ৰীৰ অফিচৰ পৰা৷

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে দিয়া তথ্যমতে ২০১৪ চনৰ ২৬ মে তাৰিখে প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল মোদীয়ে৷ প্রধানমন্ত্ৰী পদত শপত লোৱাৰ পাছত ২০১৪ চনৰ জুন মাহত তেওঁ মন্ত্ৰীসভা গঠন কৰে৷ স্বচ্ছ আৰু দক্ষ চৰকাৰৰ প্ৰতিশ্ৰুতি তেওঁ নিৰ্বাচনৰ সময়তেই দিছিল৷ সেই কথা আখৰে আখৰে পালন কৰা বুলি জনাইছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে৷ প্ৰধানমন্ত্ৰীয়ে সেই সময়ত মন্ত্ৰীসভাৰ সদস্যসকলক স্পষ্টভাষাৰে প্রধানমন্ত্ৰী মোদীয়ে নিৰ্দেশ দিছিল, ‘মানসিকতা সলাওক৷ সন্মুখত বহু কাম বাকী আছে৷ জনতাক দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰাত গুৰুত্ব দিয়ক৷ ক্ষমতা লাভ কৰিছে বুলিয়েই উত্ৰাৱল হৈ নাযাব৷’

আৰ টি আইৰ প্ৰশ্নৰ উত্তৰত জনা গৈছে যে মোদীয়ে বিগত ৯ বছৰীয়া কাৰ্যকালত এদিনো ছুটি লোৱা নাই৷ দৈনিক ১৭ ঘণ্টাকৈ তেওঁ কাম কৰিছে৷ মোদীয়ে নিৰৱচ্ছিন্নভাৱে দেশৰ সেৱাত নিজকে বিলীন কৰি দিছে বুলিও আৰ টিআইৰ উত্তৰত জনা গৈছে৷ এই আৰ টিআই ৰিপৰ্ট দেখা মাত্ৰকেই বিৰোধীয়ে সমগ্ৰ বিষয়টোক লৈ আৰম্ভ কৰিছে বিতৰ্ক৷ বিৰোধীৰ মতে কেদাৰনাথৰ গুহাৰ ধ্যানৰ পৰা উত্তৰাখণ্ডৰ জিম কৰবেট জাতীয় উদ্যানৰ বেয়াৰ গ্ৰিলছৰ টিভি শ্বত প্রধানমন্ত্ৰীৰ উপস্থিতি চৰকাৰী নে দলীয় কাৰ্যসূচীৰ অন্তৰ্গত বিষয়? ইয়াৰোপৰি এনে একাধিক কৰ্মৰ লিষ্ট বিৰোধীৰ হাতত আছে এইসমূহৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দিবনে বুলি প্রশ্ন উত্থাপন কৰিছে বহুজনেই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *