ফাঁট মেলিছে দলত… IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব

ফাঁট মেলিছে দলত… IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-হাৰ্দিক পাণ্ডিয়াক অধিনায়ক কৰাৰ পাছতেই সৃষ্টি হৈছে এটাৰ পাছত আনটো সমস্যা। মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত এতিয়া এটাৰ পাছত আনটো বিতৰ্ক। প্ৰথমে হাৰ্দিয়াক মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে ঘোষণা কৰাৰ পাছতেই সূৰ্যকুমাৰ যাদৱ আৰু জছপ্ৰীত বুমৰাহে নাম নোলোৱাকৈয়ে ক্ষোভ ভৰা পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। বহুতেই তেওঁলোকৰ এই বিশেষ পোষ্টক সমৰ্থনো জনাইছিল। পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হোৱাত কোনো এজন সতীৰ্থ ক্ৰিকেটাৰেও তেওঁক শুভেচ্ছা জনাই কোনোধৰণৰ পোষ্ট সামাজিক মাধ্যমত দিয়া নাছিল।

আইপিএল আৰম্ভ হ’ল। আইপিএল আৰম্ভ হোৱাৰ পাছতেই মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীক নিৰাশ কৰি এখনৰ পাছত আনখন মেচত পৰাজয় বৰণে এতিয়া ক্ৰিকেটপ্ৰেমীৰ মাজত চৰ্চাৰ কাৰণ কৰি তুলিছে পাণ্ডিয়াক। তিনিখন মেচ ইতিমধ্যেই হাৰিছে মুম্বাই ইণ্ডিয়ানছে। এই পৰিস্থিতিত সকলোৱে আকৌ এবাৰ নাম লৈছে প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ। ৰোহিত শৰ্মাৰ অধিনায়ক পদ কাঢ়ি লোৱাৰ পৰাই দলটোৰ ৰাজহাঁড় ভাঙি পৰিছে। ৰোহিত শৰ্মাই অৱশ্যে বিষয়টোক লৈ এতিয়ালৈকে কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

এই পৰিস্থিতিতেই আকৌ এবাৰ বহুতে চৰ্চা চলাইছে যে ৰোহিত শৰ্মাইৱ মুম্বাই ইণ্ডিয়ানছ দল এৰিব। সম্প্ৰতি এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত সেই ৰিপৰ্ট প্ৰকাশ পাইছে। চলিত বছৰৰ আইপিএল চলি থকাৰ মাজতেই ৰোহিতে এই সিদ্ধান্ত ল’ব বুলিও প্ৰকাশ পাইছে ৰিপৰ্ট। মুম্বাই ইণ্ডিয়ানছ দলত্যাগৰ আঁৰত হাৰ্দিকৰ অধিনায়কত্বত তেওঁ অসুখী সেয়ে দলত্যাগ কৰিব বুলি উল্লেখ কৰিছে।

মুম্বাইৰ ছবি একেবাৰেই বেয়া
প্ৰথম মেচত দেখা গৈছে যে ৰোহিতক হাৰ্দিকে বাউণ্ডৰীৰ কাষলৈ ফিল্ডিঙৰ বাবে পঠিয়াইছে। ৰোহিতে সাধাৰণতে ৩০গজৰ ভিতৰত ফিল্ডিং কৰে। কিন্তু হাৰ্দিকে ৰোহিতৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে তেওঁক বাউণ্ডেৰীৰ কাষত ফিল্ডিঙৰ বাবে দায়িত্ব দিয়ে। সকলো সিদ্ধান্তই নিজৰ ইচ্ছানুসৰি লৈছে হাৰ্দিকে। প্রথম মেচত ভুল হ’ব পাৰে বুলি একাংশ অনুৰাগীয়ে তেওঁক মাফ কৰি দিলেও দ্বিতীয় আৰু তৃতীয় মেচতো একে কামেই কৰিছে হাৰ্দিকে। দ্বিতীয় মেচৰ পৰাজয়ৰ পাছতেই ৰোহিতৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰিছে আকাশ আম্বানীয়ে। আইপিএল চলি থকাৰ সময়ত কোনোৱে দলত্যাগ কৰিব নোৱাৰাটো আইপিএলৰ নিয়ম সেয়েহে এই ছিজন শেষ হ’লেই দলত্যাগ কৰিব পাৰে ৰোহিত শৰ্মাই বুলি বহুতেই চৰ্চা কৰা পৰিলক্ষিত হৈছে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *