প্ৰধানমন্ত্ৰী মই ব্ৰিটেইনৰ কিন্তু ভাৰত বুলিলেই মই আৱেগিক, হিন্দু হিচাপে এই দেশৰ প্ৰতি মোৰ আত্মিক টান আছে… ভাৰতৰ মাটিত ভৰি দিয়েই হিন্দু ধৰ্মক প্ৰশংসা ঋষি ছুনাকৰ

প্ৰধানমন্ত্ৰী মই ব্ৰিটেইনৰ কিন্তু ভাৰত বুলিলেই মই আৱেগিক, হিন্দু হিচাপে এই দেশৰ প্ৰতি মোৰ আত্মিক টান আছে… ভাৰতৰ মাটিত ভৰি দিয়েই হিন্দু ধৰ্মক প্ৰশংসা ঋষি ছুনাকৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ভাৰতত ভৰি দিছে ভাৰতীয় বংশোদ্ভুতৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে৷ ভাৰতত উপস্থিত হৈয়েই ভাৰতীয় সংস্কৃতি পৰম্পৰা ধৰ্মক লৈ মন্তব্য প্ৰধানমন্ত্ৰী ঋষিৰ৷ ভাৰত ভ্ৰমণলৈ আহি প্ৰথমবাৰ সংবাদ সংস্থা ANIৰ সন্মুখত মুখ খুলিছে ছুনাকে৷ ভাৰতীয় বংশোদ্ভূতৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ছুনাকে G-20 সন্মিলনীত ভাগ ল’বৰ বাবে ভাৰতলৈ আহিছে৷ আহিয়েই হিন্দু ধৰ্মক লৈ বিশেষ মন্তব্য ছুনাকৰ৷

ANIৰ সন্মুখত ছুনাকে কয়, ‘মই গৰ্বিত হিন্দু৷ মই বিদেশত থাকিও হিন্দু হিচাপেই ডাঙৰ হৈছো৷ সময় মিলিলেই মন্দিৰলৈ যাম বুলি ভাৱিয়েই আহিছো৷ কেইবাদিনো মই ভাৰতত থাকিম৷ কেইদিনমান পূৰ্বে ৰাখি বন্ধনো পাৰ হৈছে৷ ভণ্টীয়ে ৰাখিও পিন্ধাইছে৷ জন্মাষ্টমী পালন কৰিবলৈ সুযোগ নোপোৱাৰ বাবে মনটো বেয়া লাগিছে৷ এবাৰ যদি কোনোবা মন্দিৰলৈ যাব পাৰো তেন্তে মই মানসিক শান্তি পাম৷ আমি বিশেষ গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে দেশলৈ আহিছো৷ তথাপিও মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছো তেওঁ ৰাস্তা দেখুৱাই নিবই৷ বিশ্বাসীক তেওঁ কাহানিও উপেক্ষা নকৰে৷ আমি অনবৰত চাপত কাম কৰি থাকো৷ এই চাপৰ মাজত ঈশ্বৰৰ বিশ্বাসেই আমাক মানসিক শান্তি দিয়ে৷ সেয়ে মোৰ বাবে নেদেখাজন সদায়েই বিশেষ৷’

ইয়াৰোপৰি ছুনাকে কয়, ‘মই গৰ্বিত হিন্দু৷ মই নিজৰ দেশতো হিন্দু ধৰ্মৰ সকলো নীতি নিয়ম পালন কৰো৷ হিন্দু ধৰ্মৰ সৈতে মোৰ আৱেগ জড়িত হৈ আছে৷ মই বহা আসনৰ সন্মুখতেই মই গণেশৰ মূৰ্তি থৈছো৷’ G-20 সন্মিলনত অংশ ল’বলৈ ভাৰতৰ মাটিত ভৰি দিছে প্ৰধানমন্ত্ৰী ঋষি ছুনাকে৷ হিন্দু ধৰ্মৰ সৈতে জড়িত আৱেগক মন্তব্যতেই প্ৰকাশ কৰিছে ছুনাকে৷ ‘জন্মসূত্ৰে মই ব্ৰিটিছ, কিন্তু আত্মীক সম্পৰ্ক হিন্দু ধৰ্মৰ সৈতে আছে৷ সৰুতে ভাই-ভনী কেইটাৰ লগত পূজাত অংশ লও৷ প্ৰসাদ খাওঁ৷ হিন্দু মুল্যবোধটো কৰোবাত ব্ৰিটিছ মুল্যবোধৰ সৈতে মিলি যায়৷’

ছুনাকে হিন্দু ধৰ্মক লৈ গৰ্ব কৰাৰ কথা পূৰ্বেও কেইবাটাও ইণ্টাৰভিউত কৈ আহিছে৷ তেওঁ সংবাদসংস্থা পিটিআইৰ আগত দিয়া এক মন্তব্যত হিন্দুৰ উপাস্য দেৱতা ৰামৰ কথাও কৈছিল৷ ৰাম সম্পৰ্কে ছুনাকে পিটিআই কৰ্মীক কৈছিল, ‘ভগৱান ৰামচন্দ্ৰ মোৰ সকলোসময়ৰ অনুপ্ৰেৰণা৷ তেওঁ দি যোৱা ভালপোৱা, দায়বদ্ধশীলতাৰ শিক্ষাই মোক অনুপ্ৰাণিত কৰে৷’ কেমব্ৰিজ বিশ্ববিদ্যালয়ত ৰামকথাৰ চৰ্চা চলে৷ তাত ৰামকথাৰ প্ৰবচন শিকাই গুৰু মুৰাৰী বাপুয়ে৷ তেওঁৰ সৈতে ছুনাকে কেইবাবাৰো মিলিত হৈ হিন্দু ধৰ্ম সম্পৰ্কীয় আলোচনাত বহিছে৷

ছুনাকে সংসাৰৰ প্ৰসংগতো হিন্দু ধৰ্মৰ কথা টানি আনি পিটিআইৰ সন্মুখত মন্তব্য কৰিছে৷ তেওঁ সংসাৰ সন্দৰ্ভত কয়, ‘ভাৰতীয় শিঁপাক লৈ মই অত্যন্ত গৰ্বিত৷ মোৰ পত্নীও ভাৰতীয়৷ তেওঁ ভাৰতীয় হোৱাৰ বাবে আজীৱন এই দেশৰ টান মোৰ থাকিবই৷ চিৰকাল ভাৰত আৰু ভাৰতৰ মানুহৰ সৈতে মই সম্পৰ্ক ৰাখিবলৈ আগ্ৰহী৷ মই যেতিয়া প্ৰধানমন্ত্ৰীৰ আসনত বহো তেতিয়া ভাৰতীয়সকলে মোক অভিনন্দন জনোৱাৰ শৈলীক মই আজীৱন বুকুত কঢ়িয়াম৷’

ছুনাকে লগতে কয়, ‘প্রধানমন্ত্ৰীৰ আসনত বহাৰ পাছত মই প্রথমবাৰৰ বাবে ডাউনিং ষ্ট্ৰীটত দীপাৱলীৰ অনুষ্ঠান পাতিলো৷ ১০ নম্বৰ ডাউনিং ষ্ট্ৰীটত বহু প্ৰৱাসী ভাৰতীয়ই ভাগ ললে৷ ব্ৰিটিছে ভাৰতীয় মূলৰ মানুহক সন্মান যাচিলে৷ সেয়া মোৰ বাবে অত্যন্ত আৱেগিক এক মুহূৰ্ত৷’ ইয়াৰোপৰি ছুনাকে কয়, ‘ভাৰতৰ সৈতে যোগসূত্ৰক লৈ মোৰ যেনে অনুভূতি, সেই একেই অনুভূতি বহু ব্ৰিটিছৰ বুকুত আছে৷ তেওঁলোকেও এই দেশক ভালপায়৷ এই দেশৰ সংস্কৃতি, পৰম্পৰাক সন্মান কৰে৷ এই দেশৰ শক্তিয়েই হৈছে বৈচিত্ৰ৷ প্ৰধানমন্ত্ৰী মই ব্ৰিটেইনৰেই কিন্তু ভাৰত বুলিলেই মই আৱেগিক৷ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মই য’তেই যেনেকৈ নহওক ভাৰতীয় সংস্কৃতি পৰম্পৰা ব্ৰিটেইন বাসীক দেখুৱাও৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *