জিৰ’ৰ পৰা হিৰ’ হোৱা ৰিংকু সিং! পিতৃয়ে আজিও কান্ধত চিলিণ্ডাৰ তুলি ঘৰে ঘৰে বিলাই ফুৰিছে, প্ৰকৃত কাহিনী কি?

জিৰ’ৰ পৰা হিৰ’ হোৱা ৰিংকু সিং! পিতৃয়ে আজিও কান্ধত চিলিণ্ডাৰ তুলি ঘৰে ঘৰে বিলাই ফুৰিছে, প্ৰকৃত কাহিনী কি?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-  নিজৰ লক্ষ্য যদি অটুত থাকে তেন্তে এদিন আপুনি সাফল্যৰ চূড়াত থাকিবই৷ আপোনাক সেই স্থানত উপনীত হোৱাত কোনোৱে বাধা দিব নোৱাৰে৷ অৱশ্যে সফলতাৰ বাবে আপুনি পৰিশ্ৰম কৰিব লাগিবই৷ পৰিশ্ৰমৰ বিকল্প আপোনাৰ হাতত একো নাই৷ আৰু মানুহ যিমানেই ডাঙৰ নহওক কিয় নিজৰ অতীত পাহৰিলেই সেই মানুহৰ শিঁপা হেৰাই৷ অৰ্থাৎ সাফল্যৰ চূড়াৰ পৰা পৰি যোৱাৰো সম্ভাৱনা থাকে৷ সফলতাৰ শীৰ্ষত থাকিও মাটিৰ সৈতে মিলি এইসমূহ নীতিক অনুসৰণ কৰিয়েই আগবাঢ়িছে ক্ৰিকেটাৰ ৰিংকু সিং৷

https://x.com/KKRSince2011/status/1750940210832286194?s=20

বহু পৰিশ্ৰম কৰি বৰ্তমান তেওঁ কেকেআৰৰ সৈতে আইপিএল খেলি শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট দলতো নিজা পৰিচয় দিছে৷ এসময়ত পেট চলোৱাৰ বাবে হাতত ঝাড়ু তুলি লোৱা লৰাজনৰ হাতত এতিয়া দেশৰ হৈ বেট তুলি লোৱাৰ সুযোগে অপেক্ষা কৰিছে৷ ছাফাইকৰ্মীৰ পৰা ভাৰতৰ নতুন ফিনিছাৰ হৈছে ৰিংকু সিং৷ কিন্তু তেওঁৰ পৰিয়াল এতিয়াও মাটিতেই ভৰি থৈ চলি আছে৷ পুত্ৰ দেশৰ জনপ্ৰিয় ক্ৰিকেটাৰ হৈ উঠিলেও পিতৃয়ে এৰি দিয়া নাই পূৰ্বৰ কাম৷

কেকেআৰৰ হৈ খেলত নমাৰ পৰা পৰিচিত ৰিংকু সিঙৰ পিতৃ খানচন্দ্ৰ সিঙে ঘৰে ঘৰে গেছ চিলিণ্ডাৰ বিলাই দুবেলা দুঁসাজ পৰিয়ালৰ বাবে গোটাই আনিছিল৷ আজিও একে কামেই কৰি আছে ৰিংকুৰ পিতৃয়ে৷ শেহতীয়াকৈ চিলিণ্ডাৰ লৈ ঘৰে ঘৰে ঘূৰি ফুৰা ৰিংকুৰ পিতৃৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ সেই ভিডিঅ’ত দেখা গৈছে চিলিণ্ডাৰ নিজৰ হাতেৰেই তুলি গ্ৰাহকক দি গৈছে ৰিংকুৰ পিতৃয়ে৷

ৰিংকু সিং বৰ্তমান ভাৰতীয় দলৰ সৈতে ইংলেণ্ড লায়েন্সৰ বিৰুদ্ধে খেলাত ব্যস্ত হৈ আছে৷ সামাজিক মাধ্যমত এজন ব্যক্তিয়ে ৰিংকুৰ পিতৃক উদ্দেশ্যি লিখিছে, ‘ৰিংকুৱে পিতৃক ৰিকুৱেষ্টো কৰিছে এইবোৰ কাম এৰক, আপুনি এতিয়া অলপমান অৱসৰ লওক৷ কিন্তু পিতৃয়ে এই কথা মানিবলৈ প্ৰস্তুত নহয়৷ তেওঁ আজীৱন কৰি অহা এই কাম পুত্ৰই ক’লে বুলিয়েইতো সহজে এৰি দিব নোৱাৰে বুলিও বিভিন্নজনৰ সন্মুখত মন্তব্য কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *