দুৰ্গাপূজাৰ আগতেই ঘৰৰ পৰা আঁতৰাওক এই ৪বিধ সামগ্ৰী, অন্যথা দেৱীৰ ৰোষত পৰিব আপুনি

দুৰ্গাপূজাৰ আগতেই ঘৰৰ পৰা আঁতৰাওক এই ৪বিধ সামগ্ৰী, অন্যথা দেৱীৰ ৰোষত পৰিব আপুনি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হিন্দু কেলেণ্ডাৰ অনুসৰি আহিন মাহৰ শুক্লপক্ষৰ প্ৰতিপজ তিথিৰ পৰা আৰম্ভ হয় দেৱীপক্ষ বা শাৰদীয় নৱৰাত্ৰী। এই বছৰ ১৫ অক্টোবৰ দেওবাৰৰ পৰা আৰম্ভ হ’ব দেৱীপক্ষ। তাৰপাছতেই ২০ অক্টোবৰ মহাষষ্ঠীত দেৱীৰ বোধনেৰে আৰম্ভ হ’ব দুৰ্গা পূজা। নৱৰাত্ৰীৰ ৯দিন দেৱী দুৰ্গাৰ ৯ ৰূপৰ উপাসনা কৰা হয়। প্ৰচলিত বিশ্বাস অনুসৰি এই সময়ত মৰ্ত্যলৈ আগমন হয় মা দুৰ্গাৰ। দেৱীক সুখী কৰিবৰ বাবে ভক্তিসহকাৰে পূজা কৰাটো জৰুৰী বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। দুৰ্গা পূজা আৰম্ভ হোৱাৰ আগে আগে ঘৰৰ পৰা কেইবিধমান সামগ্ৰী আঁতৰাই দিব লাগে। এই সামগ্ৰী কেইবিধে ঘৰত নিগেটিভ এনাৰ্জী তৈয়াৰ কৰে। এই অশুভ শক্তি আপোনাৰ ঘৰত পঞ্জীভূত হৈ থাকিলে দেৱী দুৰ্গা ৰুষ্ট হয়।

দেৱী ৰুষ্ট হোৱাৰ ফলতত নানান বিপদ আহিব পাৰে। বিশেষকৈ বাস্তু অনুসৰি এই সামগ্ৰীসমূহে দাৰিদ্ৰতা আনে। সেয়ে মা দুৰ্গা মৰ্তলৈ অহাৰ আগে আগেই এই সামগ্ৰীসমূহ ঘৰৰ পৰা আঁতৰাই ৰখাটো জৰুৰী। কি কি সামগ্ৰী আঁতৰাই ৰাখিব?

ভঙা মূৰ্তি
ধৰ্মীয় বিশ্বাস অনুসৰি কোনো দেৱতাৰ ভঙা মূৰ্তি ঘৰত ৰাখিব নালাগে। ঘৰত থকা মূৰ্তি ভাঙি গ’লে লগে লগেই ঘৰৰ পৰা পেলাই দিব। ভঙা মূৰ্তি ঘৰত ৰাখিলে দুশ্চিন্তা বৃদ্ধি পাব।

নিপিন্ধা জোতা
অব্যৱহৃত জোতা ঘৰত ৰাখি নথব। এনেকৈ অব্যৱহৃত সামগ্ৰী ঘৰত ৰাখিলে নিগেটিভ এনাৰ্জী তৈয়াৰ হয়। এই নিগেটিভ এনাৰ্জীয়ে আমাৰ জীৱনত দুৰ্ভাগ্য কঢ়িয়াই আনে। সেয়ে ঘৰত অব্যৱহৃত সামগ্ৰী থাকিলে আঁতৰাই দিব। ব্যৱহাৰযোগ্য হ’লে কাৰোবাক দান কৰি দিব।

পিঁয়াজ-নহৰু
নৱৰাত্ৰি চলি থকাৰ সময়ত পিঁয়াজ, নহৰু বা কোনো ধৰণৰ আমিষ নাখাব। এই সময়ত ঘৰত পিঁয়াজ নহৰু বা অন্য কোনো আমিষ খাদ্য ঘৰলৈ নানিব। এই সময়ত সম্পূৰ্ণ সাত্ত্বিক আহাৰ গ্ৰহণ কৰিব পাৰে।

বন্ধ ঘড়ী
আপোনাৰ ঘৰত কোনো বন্ধ ঘড়ী আছে নেকি? যদি আছে তেন্তে সেই ঘড়ী অচিৰেই ঘৰৰ পৰা আঁতৰাই দিয়ক। ভুলতো বন্ধ ঘড়ী ঘৰত নাৰাখিব। দুৰ্গা পূজাৰ আৰম্ভণিৰ পূৰ্বেই এই কাম কৰক। অন্যথা দেৱী ৰুষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *