মোদীক দ্ৰোণাচাৰ্য মানি অংগুষ্ঠ প্ৰদান এজন লোকৰ, কিয়নো…

মোদীক দ্ৰোণাচাৰ্য মানি অংগুষ্ঠ প্ৰদান এজন লোকৰ, কিয়নো…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

মোদীক দ্ৰোণাচাৰ্য মানি অংগুষ্ঠ প্ৰদান এজন লোকৰ, কিয়নো…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰেষ্ঠ অনুৰাগী বুলি নিজকে কোৱা কৰ্ণাটকৰ এজন লোকে প্ৰধানমন্ত্ৰী মোডীৰ নামত প্ৰদান কৰিলে অংগুষ্ঠ। নিজৰ তৰ্জনী আঙুলি কাটি উচৰ্গা কৰি দিলে। লগতে তেজেৰে লিখিলে মোদী জিন্দাবাদ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ বাবে প্ৰাৰ্থনা কৰি বাওঁহাতৰ তৰ্জনী আঙুলি কাটি দেৱী কালীক বলিদান হিচাপে আগবঢ়াইছিল নোজীৰ অনুৰাগীগৰাকীয়ে। শনিবাৰে নিশা পোহৰলৈ আহে এই অনন্য ঘটনা।

কৰ্নাটকৰ কাৰৱাৰ চহৰৰ সোণাৰৱাড়া অঞ্চলত সংঘটিত হয় এই ঘটনা। প্ৰধানমন্ত্ৰী মোদীৰ নিষ্ঠাৱান অনুগামীগৰাকীক অৰুণ ভাৰ্নেকাৰ বুলি জানিব পৰা গৈছে।

ভাৰ্নেকাৰে তেওঁৰ বাসগৃহতে পি এম মোদীৰ মন্দিৰো নিৰ্মাণ কৰি নিয়মিতভাৱে “বিশেষ পূজা” কৰে। আঙুলি কাটি ঘৰৰ বেৰত তেজেৰে লিখিলে “মা কালি মাতা, মোদী বাবাক ৰক্ষা কৰক”।

তেওঁ দেৱালত লিখিছিল ‘মোদী বাবা’ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব। ‘মোদী বাবা সৰ্বশ্ৰেষ্ঠ’ বুলিও দেৱালত লিখিছে লোকগৰাকীয়ে। অৰুণ ভাৰ্নেকাৰৰ মন্তব্য কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদী ক্ষমতালৈ অহাৰ পিছতহে ‘চীন আৰু পাকিস্তানে সৃষ্টি কৰা সমস্যাৰ অন্ত পৰিছে’।

“পূৰ্বতে কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু জোৱানৰ মৃত্যুৰ খবৰ আহিছিল, কিন্তু এতিয়া অঞ্চলটো শান্তিপূৰ্ণ। দেশৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰয়োজন।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *