ৰবীনা টেণ্ডনৰ ড°ভূপেন হাজৰিকা বঁটা পোৱাৰ যোগ্যতা আছে! অসমৰ সৈতে ৰবীনাৰ আছে বহু পুৰণি সংযোগ…

ৰবীনা টেণ্ডনৰ ড°ভূপেন হাজৰিকা বঁটা পোৱাৰ যোগ্যতা আছে! অসমৰ সৈতে ৰবীনাৰ আছে বহু পুৰণি সংযোগ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, সাংস্কৃতিক বাৰ্তা, গুৱাহাটীঃ বেলতলা বহাগী উৎসৱ সমিতিয়ে ড°ভূপেন হাজৰিকা বটা, ২০২৩ৰ বাবে ৰৱীনা টেণ্ডনৰ নাম ঘোষণা কৰাৰ পাছতেই আৰম্ভ হৈছে কিছু বিতৰ্কৰো৷ কিয় ৰবীনাক বঁটা দিব লাগে? অসমৰ সংস্কৃতি ৰবীনাই কিমান জানে? ৰবীনাই অসমৰ কথা জানেনে বুলি উঠা প্ৰশ্নৰ উত্তৰত এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে লিখিছে বিশেষ কথা৷

বিশ্বজিৎ বৰুৱা নামৰ ইউজাৰকাৰীয়ে ৰবীনা সম্পৰ্কত লিখিছে, বাতৰিত ৰৱীনা টেণ্ডন, বেলতলা বহাগী উৎসৱ সমিতিয়ে ড°ভূপেন হাজৰিকা বটা, ২০২৩ৰ বাবে ৰৱীনা টেন্ডনৰ নাম ঘোষণা কৰা বুলি জানি অত্যন্ত সুখী হ’লো৷ সমিতিক ধন্যবাদ যাচিলো৷

অভিযোগ উঠে অসমৰ প্ৰচলিত বটাবোৰৰ বেছিভাগেই তেলীৰ মুৰত তেল দিয়াৰ দৰে উদ্যোক্তাসকলে নিজৰ মাজতে সলনাসলনি কৰি থাকে৷ একেখিনিৰ মাজতে বটা ঘুৰি পকি থাকে৷ মই ভূপেনদাৰ যোগেদি অসমীয়া সাহিত্য আৰু সংস্কৃতি জগতলৈ বিৰল অৱদান আগবঢ়োৱা গুলজাৰ, মিন্টু মুখোপাধ্যায়, পন্ডিত নৰেন্দ্ৰ শাস্ত্ৰী, সুমন কল্যাণপুৰ, সন্মানীয় খাচী চিয়েম, সন্মানীয় ৰয়িঙৰ ৰজা ইটাপলো, সন্মানীয় বিছা ৰজা আদিকো অসমলৈ নিমন্ত্ৰণ কৰি আনি যথোপযুক্ত সন্মান আগবঢ়াব লাগে বুলি লিখি আহিছো৷ কিংবদন্তি গীতিকাৰ গুলজাৰ অসম বিশ্ববিদ্যালয়ৰ প্ৰ- ভাইচ চেন্সেলৰ হৈ থাকোতে অসমলৈ আহি আছিল৷ কিন্তু কাৰো কৰ্ণকুহৰত আমাৰ আহ্বান নোসোমাল৷

’দমন’ৰ নায়িকাৰ প্ৰস্তাৱ লৈ যেতিয়া কল্পনা লাজমী গৈছিল তেতিয়া ৰবীনাৰ হাতত সময় নাছিল৷ কিন্তু ড° ভূপেন হাজৰিকাৰ ইচ্ছাৰ কথা জানি লগে লগে সন্মত হৈ গৈছিল আৰু অতি ব্যস্ত চিডিউল দলিয়াই শ্ৰীমতী দুৰ্গা শইকীয়া হ’বলৈ নিজে গুৱাহাটীলৈ আহি দমনৰ শ্বুটিং সম্পন্ন কৰিছিল৷ আজি Domestic Violence Actৰ বিষয়ে সকলোৱে জানে৷ কিন্তু দমনত গাৰ্হস্থ্য হিংসাৰ গভীৰলৈ গৈ চিনেমাৰ যোগেদি বিশ্লেষণ কৰা হৈছিল৷ পত্নীৰ ওপৰত যৌন অত্যাচাৰৰ বিৰুদ্ধে দেশজুৰি বুদ্ধিজীৱি মহলত সজাগতা আনিছিল ’দমনে’৷ বক্স অফিচত বৰ হিট হোৱা নাছিল কিন্তু ৰৱীনাই লাভ কৰিছিল National Award for Best Actress. এজন ফিল্ম ক্ৰিটিকে মন্তব্য দিছিলঃ Oh my God, She truly deserved the Nationl Award for the film. Such a matured actress! Bravo.

এই চিনেমাখনত ভূপেনদাৰ আৱহ সংগীতে আপোনাক শিহৰিত কৰিব৷ ’হু হু পাগল পৱন চলে/ চাহে গগন চে অগন ঝৰে/ চাথী তুম মেৰে সংগে ৰেহেনা’ গীত গোৱা পত্নীৰ ’গুমচুম গুমচুম/চাদৰ নীলি লায়ি’ লৈ কেনেদৰে পৰ্যবসিত হব লগা হৈছিল সেয়া অনুভৱ কৰিছিল ভূপেনদাই আৰু সেয়াই জোকাৰি গৈছিল দেশৰ বৌদ্ধিক সমাজক, যাৰ মাজত যেনেদৰে নাৰীবাদী আছিল তেনেদৰে আছিল আইন প্ৰনেতা৷ দুয়োটা গান মোৰ অতি প্ৰিয়-Instrument for social change.

ভূপেনদাৰ বন্ধু ৰবি টেণ্ডনৰ জীয়ৰী ৰবীনাই কৈ থৈছেঃ Dada has been a legend. I shared beautuful time with him. His soulful music and his voice will remain with me for ever. This kind of legend comes only once in a life time. সচাকৈয়ে ভূপেনদা আছে মোৰ বেডৰূমত, মোবাইলত, অফিচ কোঠাত, গাড়ীত, অন্তৰৰ যতে ততে৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *