মৃত্যুৰ পূৰ্বে এই ৫ উপদেশ দিছিল দশানন ৰাৱণে, ৰাৱণৰ এই উপদেশ আজিও কিয় চৰ্চাত

মৃত্যুৰ পূৰ্বে এই ৫ উপদেশ দিছিল দশানন ৰাৱণে, ৰাৱণৰ এই উপদেশ আজিও কিয় চৰ্চাত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৰাক্ষককূলৰ ৰজা আছিল ৰাৱণ। সেই যুগত তেওঁৰ দৰে শক্তিশালী ক্ষমতাধৰ মানুহ কোনো নাছিল। সেই কাৰণেই তেওঁক লংকাধিপতি দশানন বুলিও কোৱা হয়। লংকাৰ অধিপতি ৰাৱণ আছিল বিপুল শক্তিধৰ, সুদক্ষ যোদ্ধা আৰু শিৱভক্ত। ইয়াৰোপৰি তেওঁ আছিল এগৰাকী জ্ঞানী তথা বেদজ্ঞ পণ্ডিতো। ইমান গুণ থকা সত্ত্বেও কেৱলমাত্ৰ অহংকাৰেই ধ্বংস কৰিছিল লংকাধীপতি ৰাৱনক।

জৈন ধৰ্মতো ৰাৱণৰ কথা উল্লেখ আছে। জৈন শাস্ত্ৰ অনুসৰি ৰাৱণৰ প্ৰতি-নাৰায়ণ বুলিও কোৱা হয়। সেয়ে জৈন ধৰ্মৰ ৬৮ শলাকাৰ মাজত ৰাৱণৰ নাম পোৱা যায়। প্ৰৱল শক্তিশালী আৰু বেদজ্ঞ পণ্ডিত হোৱাৰ ওপৰিও ৰাৱণে তন্ত্ৰ-মন্ত্ৰ, জাদু আদিও জানিছিল। ৰাৱণৰ পুষ্পক ৰথ আকাশতো উৰিব পাৰিছিল। ইয়াৰোপৰি এই পুষ্পক ৰথকেই বিশ্বৰ প্ৰথম বিমান বুলিও কোৱা হয়। ৰাৱণ ইমান গুণবান আৰু বিদ্বান আছিল যে তেওঁ যেতিয়া মৃত্যুশয্যাত পৰিছিল তেতিয়া ভাতৃ লক্ষ্মণক ৰামে ৰাৱণৰ কাষলৈ পঠিয়াইছিল। ৰাৱণ ৰামৰ সকলোতকৈ ডাঙৰ শত্ৰু হ’লে ৰাৱণৰ গুণ আৰু পাণ্ডিত্যক ৰামেও সন্মান কৰিছিল। সেয়ে ৰামে ভাতৃ লক্ষ্মণক কৈছিল যে মৃত্যুশয্যাত থকা ৰাৱণৰ পৰা উপদেশ গ্ৰহণ কৰিবলৈ তেওঁৰ কাষলৈ যোৱা।

মৃত্যুৰ পূৰ্বে লক্ষ্মণক কি কি পৰামৰ্শ দি গৈছিল ৰাৱণে?

ৰাৱণে লক্ষ্মণক কৈছিল, ‘যদি কোনো শুভ আৰু ভাল কাম কৰিব খোজা তেন্তে আগতেই মনস্থিৰ কৰা। শুভ কামত কাহানিও দেৰী নকৰিব। কাৰণ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে সময়। আমি নাজানো আমাৰ জীৱনৰ শেষ সময় কেতিয়া আহিব। বহু সময়ত আমি এলেহুৱা ভাৱ পোষণ কৰি কাম পেলাই থওঁ। সেয়ে আমি বহু কামত পিছপৰি থাকো। নিজৰ শক্তি আৰু ক্ষমতাক লৈ কাৰোৱে অতিৰিক্ত অহংকাৰ থকা উচিত নহয়। নিজৰ ক্ষমতাৰ দম্ভত অন্ধ হৈ থাকিলে আমি শত্ৰুক দুৰ্বল জ্ঞান কৰি পেলাও। সেয়াই আমাৰ জীৱনৰ ডাঙৰ ভুল।

ৰাৱণৰ দ্বিতীয়টো উপদেশ আছিল, ‘নিজৰ সঠিক বন্ধু আৰু শত্ৰুক চিনি পোৱাটো অত্যন্ত জৰুৰী। বহু সময়ত আমি আমাৰ শত্ৰুক বন্ধু ভাৱি ভুল কৰি পেলাওঁ। পাছত যেতিয়া সেই কথা গম পাওঁ তেতিয়ালৈ আমাৰ বহু ক্ষতিও হয়। আৰু যাক আমি শত্ৰু ভাৱি দূৰত ৰাখো তেনে লোকেই আমাৰ উপকাৰী বন্ধু হৈ পৰে। নিজৰ জীৱনৰ গভীৰ গোপন সত্য কেতিয়াও কোৱা উচিত নহয়। তেওঁলোক আপোনাৰ আপোনেই হওক বা শত্ৰুৱেই হওক। বিভীষণ মোৰ শুভাকাঙ্খী আছিল। মোৰ শুভাকাঙ্খী বাবেই মই বিভীষণক মোৰ কেতিয়া মৃত্যু হ’ব সেই কথা কৈছিলো। কিন্তু বিভীষণে সেই কথা ৰামক ক’লেগৈ। সেয়াই মোৰ ধ্বংসৰ কাৰণ।

লক্ষ্মণক দিয়া ৰাৱণৰ শেষ উপদেশ হৈছে, ‘কোনো নাৰীৰ ফালে কাহানিও বেয়া দৃষ্টি নিদিব। কাৰণ নাৰীৰ প্ৰতি দিয়া বেয়া দৃষ্টিয়েই ধ্বংস নিশ্চিত কৰিব।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *