৫০০ বছৰৰ অন্তত আবিৰৰ ৰঙেৰে ৰঙীন ৰামলালা। প্ৰাণ প্ৰতিষ্ঠাৰ পাছত প্ৰথমবাৰলৈ হোলী উদযাপন ৰামমন্দিৰত

৫০০ বছৰৰ অন্তত আবিৰৰ ৰঙেৰে ৰঙীন ৰামলালা। প্ৰাণ প্ৰতিষ্ঠাৰ পাছত প্ৰথমবাৰলৈ হোলী উদযাপন ৰামমন্দিৰত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ৰঙৰ উৎসৱ ফাকুৱা। আবিৰৰ ৰঙেৰে ৰঙীন সমগ্ৰ দেশ। ৫০০ বছৰৰ অন্তত ৰামলালত উদযাপন ফল্গুৎসৱ। ৰামমন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত প্ৰথমবাৰৰ বাবে ৰামলালাত উদযাপন আবিৰৰ উৎসৱ। ফাকুৱা উদযাপনৰ বাবে অযোধ্যাবাসীয়ে কৰিছে বিশেষ আয়োজন। পুৰোহিতসকলে আয়োজন কৰিছে বিশেষ আৰতিৰো। আৰতিৰ অন্তত ভগৱান ৰামৰ মূৰত ফাকু দিয়া হয় আৰু তাৰ পাছতে ভক্তগণৰ মাজত সেই ফাকুৰে খেলা হয় হোলী।

https://x.com/ANI/status/1771917693660049533?s=20

 

ফল্গুৎসৱ উপলক্ষে ৰামলালাৰ মূৰ্তিৰ লগতে ৰামমন্দিৰ প্ৰাংগন ফুলেৰে সজাই-পৰাই তোলা হয়। আনহাতে হোলী গীত, ৰাম ভজনেৰে মুখৰিত মন্দিৰৰ প্ৰাংগন। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্য নাথে ৰামমন্দিৰলৈ প্ৰেৰণ কৰে হাৰ্বেল হোলী। জানিব পৰা মতে, কাচনাৰ ফুলৰ পৰা তৈয়াৰ কৰা হয় এই হাৰ্বেল হোলীৰে মংগলবাৰে ৰামলালাত উদযাপন কৰা হ’ব আবিৰৰ উৎসৱ।

 

 

ইতিমধ্যে ৰামনগৰী অযোধ্যাত ভিৰ কৰিছে অগণন ভক্তগণে। ভগৱানৰ পৰা ভক্তলৈকে সকলো ৰঙীন আবিৰৰ ৰঙত।

 

 

এই বৰ্ষৰে ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল ৰাম মন্দিৰৰ। আৰু তাৰ পাছত এইয়া প্ৰথম হোলী ৰামলালাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *