ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান কেৱল নৰেন্দ্ৰ মোদীৰ ফাংছন, নৰেন্দ্ৰ মোদীৰ পলিটিকেল ফাংছনত আমি কিয় যামঃ ৰাহুল গান্ধী

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান কেৱল নৰেন্দ্ৰ মোদীৰ ফাংছন, নৰেন্দ্ৰ মোদীৰ পলিটিকেল ফাংছনত আমি কিয় যামঃ ৰাহুল গান্ধী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- নাগালেণ্ডৰ কহিমাৰ পৰা ৰাহুল গান্ধীৰ সংবাদমেল। ৰাহুলে সংবাদমেলত দাঙি ধৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ কথা। ৰাহুলে সংবাদমেলত স্পষ্ট কৰি দিয়ে যে, ‘এই যাত্ৰা পূবৰ পৰা পশ্চিমলৈ চলিব। মই যাত্ৰা কৰিছো ৰাজনৈতিক, সামাজিক ন্যায় বিচাৰি। মণিপুৰবাসীয়ে ন্যায় পাবই লাগিব। আমাৰ ন্যায় যাত্ৰা এক আদৰ্শগত যাত্ৰা। ন্যায় যাত্ৰা বেলেগ বস্তু, আমি এই যাত্ৰাৰে ৰাজনৈতিক ন্যায়, অৰ্থনৈতিক ন্যায়, সামাজিক ন্যায় দাবী কৰিছো। আমাৰ এই যাত্ৰা নিৰ্বাচনী যাত্ৰা নহয়, নিৰ্বাচনৰ বাবে আমি পৃথককৈ যাত্ৰা কৰিম। মণিপুৰবাসীয়ে ন্যায় পোৱাটো খুবেই জৰুৰী সেয়ে আমি ন্যায় যাত্ৰা মণিপুৰৰ পৰা আৰম্ভ কৰিছো।’

যাত্ৰাৰ মাজতেই প্ৰধানমন্ত্ৰী মোদীয়ে হিংসাজৰ্জৰ মণিপুৰলৈ আজিলৈকে কিয় নাহিল বুলি আকৌ প্ৰশ্ন ৰাহুলৰ। নাগালেণ্ডৰো সামাজিক ৰাজনৈতিক পৰিস্থিতি উন্নত কৰাটো খুবেই প্ৰয়োজন বুলিও মন্তব্য ৰাহুলৰ। ইফালে ইণ্ডিয়া এলায়েন্স সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছে ৰাহুলে। ৰাহুলে কয়, ‘ইণ্ডিয়া এলায়েন্স খুব ভালধৰণে আগবাঢ়িছে। আমি ছীটক লৈ চলি থকা কথাবোৰ সোনকালেই সমাধান কৰিম, সহযোগী দলৰ সৈতে আমি আসনৰ ভাগ বটোৱাৰা কৰিমেই। ভাৰত জোড়ো যাত্ৰাত আমি কৈছিলো, ভাৰতক আমি ভাগ ভাগ কৰাটো অনুচিত সকলো সমিল মিলেৰে আমি আগবাঢ়িব লাগিব। বিজেপিয়ে দেশত অন্যায়েৰে ভাগ বটোৱাৰা কৰি আছে। বিজেপিয়ে কেইজনমান উদ্যোগপতিৰ হাতত সকলোবোৰ তুলি দিছে আৰু দলিত আদিবাসীসকলক উপেক্ষা কৰি আহিছে। আমাৰ ন্যায় যাত্ৰাৰ উদ্দেশ্যও প্ৰায় একেই। আমি ক’ব বিচাৰিছো অন্যায়ৰ বাবেই দেশত দুৰ্নীতি বাঢ়িছে সেয়ে আমি ন্যায় যাত্ৰা কৰিছো। দেশত অন্যায় কমাব লাগিব। আমি জনতাক সেই বিষয়টোৱেই এই যাত্ৰাত বুজাই যাম।’

ইয়াৰোপৰি ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানত কিয় ভাগ নলয় কংগ্ৰেছ দলে সেই সম্পৰ্কেও মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুলে কয়, ‘ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান এটা ৰাজনৈতিক অনুষ্ঠান। এয়া নৰেন্দ্ৰ মোদী ফাংছন। এয়া আৰ এছ এছ আৰু বিজেপিৰ এটা ফাংছন। নৰেন্দ্ৰ মোদীৰ পলিটিকেল ফাংছনত আমি কেনেকৈ যাম? শংকৰাচাৰ্যই এই অনুষ্ঠানত অংশগ্ৰহণ নকৰে ইয়াৰ কাৰণ এটাই তেওঁলোকে গোটেই অনুষ্ঠানতো নিৰ্বাচনকেন্দ্ৰীক এটা অনুষ্ঠান কৰি পেলাইছে। যিসকলে প্ৰকৃততে ধৰ্ম মানি চলে তেঁওলোকে কেতিয়াও ধৰ্মক লৈ ফায়দা উঠাব নোখোজে। মই কেতিয়াও ধৰ্মক লৈ ফায়দা উঠাব নোখোজো। মই ধৰ্মক শ্ৰদ্ধা কৰো, মই হিংসা বিয়পোৱা কাম নকৰো, সাধাৰণ লোকৰ কথা শুনো সেয়াই মোৰ বাবে ধৰ্ম। সেয়াই মোৰ বাবে হিন্দুত্বৰ পৰিচয়। মই ধৰ্মৰ চোলা পৃথককৈ পিন্ধিব নোৱাৰো। ’

ন্যায় যাত্ৰা সন্দৰ্ভত ৰাহুলে লগতে কয়, ‘উত্তৰ পূবলৈ মই কথা ক’বলৈ অহা নাই। আমি কথাবোৰ শুনিবলৈকে আহিছো। পলিটিকেল হেঁচাৰে আমাৰ যাত্ৰাৰ ৰাস্তা সলনি কৰিবলৈ চেষ্টা কৰি লাভ নাই। আমি যি ৰোড মেপ তৈয়াৰ কৰিছো সেই ৰাস্তাৰেই আমি যাত্ৰা কৰিম।’

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *