আদৱানীৰ পাছতেই দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ ভাৰত ৰত্ন ঘোষণা, তালিকাত এগৰাকী বিজ্ঞানীও

আদৱানীৰ পাছতেই দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ ভাৰত ৰত্ন ঘোষণা, তালিকাত এগৰাকী বিজ্ঞানীও

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আৰু তিনিগৰাকী ভাৰতীয়ক ভাৰত ৰত্ন দিয়াৰ কথা ঘোষণা কৰিলে প্রধানমন্ত্ৰী মোদীয়ে। সম্প্ৰতি দেশৰ প্ৰাক্তন উপপ্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীক ভাৰতৰত্ন দিয়াৰ কথা ঘোষণা কৰিছে তেওঁ। এইবাৰ দেশৰ অইন দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীক এই সন্মান দিয়াৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। শুকুৰবাৰে প্রধানমন্ত্ৰী মোদীয়ে জনোৱা অনুসৰি কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওক ভাৰত ৰত্নৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছে মোদী চৰকাৰে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা অনুসৰি কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৰসিংহ ৰাওৰ ওপৰিও ভাৰতৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী তথা লোক দলৰ প্ৰতিষ্ঠাতা চৌধুৰি চৰণ সিঙক ভাৰত ৰত্ন সন্মান আগবঢ়োৱা হৈছে।

এই দুগৰাকী ৰাজনৈতিক ব্যক্তিৰ ওপৰিও দেশৰ এগৰাকী বিজ্ঞানীকো দেশৰ সৰ্বোচ্চ সন্মান প্ৰাপক হিচাপে নাম ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। ভাৰত ৰত্ন সন্মানৰ বাবে নাম যোগ্য বিবেচনা কৰা হৈছে বিজ্ঞানী এম এছ স্বামীনাথনক। বিগত ছেপ্টেম্বৰ মাহতেই মৃত্যুক সাবটি হৈছে দক্ষিণভাৰতীয় কৃষি বিজ্ঞানী তথা একদা ৰাজ্যসভাৰ সাংসদ স্বামীনাথনে। ভাৰতৰ সেউজ বিপ্লৱৰ অন্যতম পথ প্ৰদৰ্শক বুলি স্বামীনাথনক কোৱা হয়। স্বামীনাথনৰ ওপৰিও অন্য দুজন প্রাক্তন প্ৰধানমন্ত্ৰীকো মৰোণোত্তৰভাৱেই এই সন্মান আগবঢ়োৱা হৈছে।

এইবছৰ ভাৰতৰত্ন লাভ কৰা আটাইকেইগৰাকীৰ ভিতৰত একমাত্ৰ দেশৰ প্ৰাক্তন উপপ্ৰধানমন্ত্ৰী আদৱানীয়েহে নিজ হাতে সন্মান গ্ৰহণ কৰিব। বাকী চাৰিওটা সন্মানেই মৰোণোত্তৰভাৱে আগবঢ়োৱা সন্মান। এইবাৰ মৰোণোত্তৰভাৱে ভাৰতৰত্ন লাভ কৰা প্রধানমন্ত্ৰী নৰসিংহ ৰাও হৈছে দেশৰ প্রথমগৰাকী দক্ষিণ ভাৰতীয় প্রধানমন্ত্ৰী। বৰ্তমানৰ তেলেংগানা হায়দৰাবাদত তেওঁৰ জন্ম। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু হৈছে ২০০৪ চনত। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ নিৰ্বাচিতও হৈছে। তাৰপাছতেই কেন্দ্ৰীয় চৰকাৰৰ বিদেশ দফতৰৰ মন্ত্ৰীও হৈছিল তেওঁ। প্ৰতিৰক্ষা আৰু স্বৰাষ্ট্ৰ দফতৰৰো তেওঁ মন্ত্ৰী আছিল। সেই সময়ত দেশৰ বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল মনমোহন সিং।

অন্যহাতে চৌধুৰী চৰণ সিং আছিল মহাত্মা গান্ধীৰ একাগ্ৰ অনুগামী। দৰিদ্ৰ কৃষক পৰিয়ালৰ সন্তান আছিল চৌধুৰী চৰণ সিং। উত্তৰপ্ৰদেশৰ এইগৰাকী নেতা আছিল কংগ্ৰেছৰ একনিষ্ঠ সেৱক। কিন্তু পাছলৈ তেওঁ কংগ্ৰেছ এৰি নিজা দল গঠন কৰে। ১৯৮৭চনত তেওঁৰ মৃত্যু হয়।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *