একাউণ্ট খুলিবলৈ ধন নালাগে, কেৱল লিখক ৰামনাম, ৫ লাখ বাৰ ৰাম নাম লিখিলেই লাভ কৰিব পাছবুক, পাব লাখ লাখ টকাৰ ঋণ, কেনেকৈ একাউণ্ট খুলিব জানি থওক সবিশেষ

একাউণ্ট খুলিবলৈ ধন নালাগে, কেৱল লিখক ৰামনাম, ৫ লাখ বাৰ ৰাম নাম লিখিলেই লাভ কৰিব পাছবুক, পাব লাখ লাখ টকাৰ ঋণ, কেনেকৈ একাউণ্ট খুলিব জানি থওক সবিশেষ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৰাম নৱমী দেশজুৰি ধুমধামেৰে পালন কৰে ৰাম ভক্তই। ৰাম নৱমী উপলক্ষ্যে অযোধ্যাক সজাই পৰাই তোলা হৈছিল। ৰাম মন্দিৰ উদ্বোধনৰ পাছত এইয়াই প্ৰথম ৰামনৱমী। ৰামনৱমী উপলক্ষ্যে সূৰ্যৰ ৰশ্মিৰে তিলকো দিয়া হৈছিল ৰামলালাৰ মূৰত। সমগ্ৰ দেশে যেতিয়া ৰাম নৱমীক লৈ ব্যস্ত তেনে সময়তে ভাইৰেল হৈ এটা বেংকৰ কাহিনী। একাউণ্ট খুলিবলৈ এই বেংকত ধন বা অন্য তথ্য দাঙি ধৰিব নালাগে। বেংকত একাউণ্ট খুলিবলৈ লিখিব লাগে ৫লাখ বাৰ ‘সীতাৰাম’।

এই বেংক আছে উত্তৰপ্ৰদেশত। ১৯৭০ চনত এই বেংক প্ৰতিষ্ঠা কৰা হৈছিল। এই বেংকত একাউণ্ট খুলিলে ৰামৰ ভক্তসকলে লোনৰ সুবিধাও লাভ কৰিব। অৱশ্যে ঋণ লাভ কৰিবলৈ বেংকত একাউণ্ট থকাটো বাধ্যতামূলক। আৰু এই একাউণ্ট খুলিবলৈ কোনোধৰণৰ আগধন দিব নালাগে। তাৰ সলনি দিব লাগিব গ্ৰাহকে ৫লাখ বাৰ সীতাৰাম বুলি লিখিব লাগিব।

এই আজৱ বেংকত এতিয়ালৈকে প্ৰায় ৩৫০০০ লোকে একাউণ্ট খুলিছে। ভাৰতৰ ওপৰিও আমেৰিকা, ব্ৰিটেইন, কানাডা, নেপাল, সংযুক্ত আৰৱ আমিৰশাহীতো এই বেংকৰ গ্ৰাহক আছে। বেংকে দাঙি ধৰা তথ্যমতে অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পাছৰে পৰা এই বেংক চাবলৈকে বহু লোক আহে। এই বেংকত একাউণ্ট খোলা গ্ৰাহকক বেংকৰ তৰফৰ পৰা বিনামূলীয়াকৈয়ে এখন বহী আৰু ৰঙা কলম উপহাৰ দিয়া হয়। সেই বিশেষ কলমেৰে বহীখনত ৫ লাখ বাৰ সীতাৰাম লিখাৰ পাছতহে গ্ৰাহকজনে বেংকৰ পাছবুক লাভ কৰে। এই বেংকৰ জনপ্ৰিয়তা ৰাম মন্দিৰ নিৰ্মাণৰ পাছৰে পৰা আৰু বৃদ্ধি হৈছে। বৰ্তমানলৈকে সমগ্ৰ বিশ্বজুৰি এই বেংকৰ মুঠ ১৩৬টা শাখা আছে।

এই বেংকৰ পৰা কেনেকৈ ঋণ ল’ব?

এই বেংকত ঋণ লোৱাৰ বাবেও আছে কিছু বিশেষ নীতি-নিয়ম। এই বেংকত ঋণ লোৱাৰ বাবে তিনিটা বিশেষ উপায় আছে। ঋণ পৰিশোধৰ বাবেও আছে নিৰ্দিষ্ট সময়। বেংকৰ পৰা তিনিজন ঈশ্বৰৰ নামত ঋণ ল’ব পাৰি। প্ৰথম ঋণ লোৱাৰ উপায় হৈছে ৰাম নাম জপ কৰা, দ্বিতীয়টো পাঠ আৰু তৃতীয়টো লেখাৰ বাবে। লিখিত ঋণ পৰিশোধৰ বাবে গ্ৰাহকক ৪মাহ ১০ দিনৰ সময় দিয়া হয়। এই লিখিত ঋণ লাভৰ বাবে এজন গ্ৰাহকে ১লাখ ২৫ হাজাৰ বাৰ ৰাম নাম লিখিব পাৰে। এই বেংকৰ প্ৰধান লেন দেনেই হৈছে ধৰ্ম, অন্তৰৰ শান্তি আৰু বিশ্বাসৰ ভেটি। এই বেংকতেই এনে কিছু একাউণ্ট হোল্ডাৰ আছে যিয়ে ২৫ লাখৰো অধিক ৰাম নাম লিখিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *