৩৪বছৰৰ পাছত ফাগুনত পালিত হ’ব ৰমজান! জানি থওক কেতিয়াৰে পৰা আৰম্ভ হ’ব ৰোজা?

৩৪বছৰৰ পাছত ফাগুনত পালিত হ’ব ৰমজান! জানি থওক কেতিয়াৰে পৰা আৰম্ভ হ’ব ৰোজা?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মুছলমান সম্প্ৰদায়ৰ বাবে ৰমজান মাহৰ গুৰুত্বই বিশেষ। ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ ৰমজান মাহ। ৰমজান মাহত মুছলমানসকলে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্ত পৰ্যন্ত ৰোজা ৰাখে বা উপবাসে থাকে। এই সময়ত আল্লাহৰ ওচৰত প্ৰাৰ্থনা, নামাজ পাঠ আদি ধৰ্মীয় কামত মুছলমানসকল যুক্ত হয়।

ৰমজান মাহত ৰোজা পালন
ৰমজান মাহত মুছলমানে যেতিয়া ৰোজা ৰাখে, তেতিয়া পুৱা সূৰ্যোদয়ৰ পূৰ্বে এবাৰ খাদ্য গ্ৰহণ কৰে, এই খাদ্যক কোৱা হয় শেহৰী। সম্পূৰ্ণ দিনটো উপবাসে থকাৰ পাছত সূৰ্যাস্তৰ পাছত তেওঁলোকে গ্ৰহণ কৰা খাদ্যক কোৱা হয় ইফতাৰ। ৰমজান মাহত যিসকল মুছলমানে ৰোজা ৰাখে, তেওঁলোকে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্ত পৰ্যন্ত এটুপিও পানী নাখায়। ৰমজানৰ শেষত পালিত হয় ঈদ-উল-ফিতৰ। ঈদ-উল-ফিতৰৰ পৰাই আৰম্ভ হয় মুছলমান কেলেণ্ডাৰৰ ছাৱেল মাহ।

২০২৪ৰ ৰমজান কেতিয়া?

পাক সংবাদমাধ্যমে জনোৱা অনুসৰি ১১ মাৰ্চ ২০২৪ৰ পৰা আৰম্ভ হ’ব ৰমজান মাহ। পাকিস্তানৰ এদিন পাছত ভাৰতত আৰম্ভ হ’ব ৰমজান মাহ। সেই হিচাপে ১২ মাৰ্চ ২০২৪ৰ পৰা ভাৰতত ৰমজান মাহ আৰম্ভ হ’ব।

৩৪ বছৰ পাছত মাৰ্চত ৰমজান
ফেব্ৰুৱাৰী আৰু মাৰ্চত শীত পাতলীয়াভাৱে থাকে। ফাগুন মাহ শেষ হওঁ হওঁ সময় আৰু বসন্ত আগমণৰ সুকীয়া প্ৰস্তুতি প্ৰকৃতিয়ে ৰাখে। এইবাৰ তেনে সময়তে ৰমজান মাহ আৰম্ভ হোৱাক লৈ সুখী প্ৰায়সংখ্যক মুছলমান লোকেই। বিগত কেইবা বছৰ ধৰি প্ৰখৰ গৰমতে ৰমজান মাহ পৰিছিল। এইবাৰ ৩৪ বছৰ পাছত মাৰ্চত আৰম্ভ হৈছে ৰমজান মাহ। ইয়াৰপূৰ্বে ১৯৯১ আৰু ১৯৯২ চনত মাৰ্চৰ মাজভাগত ৰমজান মাহ আৰম্ভ হৈছিল।

ৰমজান মাহৰ মাহাত্ম্য
মুছলমান সম্প্ৰদায়ৰ বাবে ৰমজান মাহ অতি পবিত্ৰ মাহ। এই সময়ত ৰোজা ৰাখিলে, নামাজ পঢ়িলে, কোৰাণ পাঠ কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায় বুলি বিশ্বাস কৰে মুছলমান লোকসকলে। এমাহ ধৰি সংযম আৰু আত্মত্যাগ কৰি ঈদ উদযাপন কৰে মুছলমান লোকে। এই দিনটোত নতুন কাপোৰ পিন্ধাৰ ওপৰিও বিভিন্ন খাদ্যসম্ভাৰেৰে অতিথিকো আপ্যায়ণ কৰে মুছলমান লোকে।

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *