ৰাম মন্দিৰ নিৰ্মাণত খৰচ ১৮০০ কোটি! উদ্বোধনৰ বাবে কিমান কোটি খৰচ হ’ল?

ৰাম মন্দিৰ নিৰ্মাণত খৰচ ১৮০০ কোটি! উদ্বোধনৰ বাবে কিমান কোটি খৰচ হ’ল?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অতীত খুচৰিলে দেখা যায় যে, ৰাম মন্দিৰ এই দেশৰ সকলোতকৈ দামী মন্দিৰসমূহৰ তালিকাত প্ৰথম স্থানত। এই মন্দিৰ নিৰ্মাণৰ বাবে মোদী চৰকাৰে খৰচ কৰিছে ১৮০০ কোটি টকা। ৰাম মন্দিৰৰ পাছতেই দ্বিতীয় স্থানত আছে গুজৰাটৰ বিষ্ণু উমিয় ধামৰ মন্দিৰ। বিষ্ণু উমিয় মন্দিৰ নিৰ্মাণত খৰচ হৈছে প্ৰায় ১ হাজাৰ কোটি টকা। বহু প্ৰতীক্ষিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা ইতিমধ্যে সম্পন্ন হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮৪ ছেকেণ্ডৰ ভিতৰত ৰামৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰে। প্ৰধান যজমানৰ ভূমিকাৰে ৰাম মন্দিৰৰ গৰ্ভগৃহত সমস্ত নীতি-নিয়ম পালন কৰে মোদীয়ে। ৭০ দিন ধৰি চলি থকা ৰামোৎসৱৰ বাবে মুঠ কিমান কোটি ব্যয় কৰিছে মোদী চৰকাৰে?

ৰাম মন্দিৰৰ নিৰ্মাণত কিমান খৰচ হৈছে?
অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ যাৱতীয় কাম চোৱাৰ দায়িত্ব হৈছে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত এই ট্ৰাষ্টে নিৰ্মাণৰ সমস্ত দায়িত্ব কান্ধত লৈছিল। এই ট্ৰাষ্টতেই ভগৱান ৰামৰ নামত মুঠ ৩ হাজাৰ কোটি টকা অনুদান জমাও হৈছে। কেৱলমাত্ৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবেই খৰচ হৈছে ১৮০০ কোটি টকা।

ৰাম মন্দিৰ টাইম কেপছুল
ৰাম মন্দিৰৰ নামত জমা হোৱা মুঠ অনুদানৰ পৰাই তৈয়াৰ কৰা হৈছে এটা টাইম কেপছুল। এই কেপছুল প্ৰতিস্থাপন কৰা হৈছে ৰাম মন্দিৰৰ ২ হাজাৰ ফুট তলত।এই টাইম কেপছুলৰ ভিতৰত ৰখা হৈছে ৰাম মন্দিৰ সম্পৰ্কীয় যাৱতীয় তথ্য। ভগৱান ৰাম, অযোধ্যা আৰু এই মন্দিৰৰ সকলো তথ্য ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত হৈ থাকিব এই কেপছুলত।

ৰামোৎসৱত খৰচ হৈছে ১০০ কোটি
নৱেম্বৰত সংযোজিত বাজেটত কেন্দ্ৰৰ তৰফৰ পৰা অযোধ্যাৰ এই ৰামোৎসৱৰ বাবে ১০০ কোটি টকা খৰচ কৰা হৈছে। ৭০দিনৰ মহোৎসৱৰ বাবে এই ধন খৰচ কৰা হৈছে। ১৪ জানুৱাৰীৰ পৰা অযোধ্যাত এই উৎসৱ আৰম্ভ হৈছে। এই উৎসৱ চলিব আগন্তুক ২৪ মাৰ্চ পৰ্যন্ত। অযোধ্যাক সজাই তোলা আৰু ভক্তৰ আৱেগক গুৰুত্ব দি একাধিক অনুষ্ঠানৰ আয়োজন কৰিছে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *