গ্ৰেনাইটৰ স্তৰৰ ওপৰত নিৰ্মাণ হৈছে এই মন্দিৰ! ৰামনৱমীত সূৰ্যৰ ৰশ্মি পৰিলেই জিলিকি উঠিব ৰামৰ মূৰ্তি

গ্ৰেনাইটৰ স্তৰৰ ওপৰত নিৰ্মাণ হৈছে এই মন্দিৰ! ৰামনৱমীত সূৰ্যৰ ৰশ্মি পৰিলেই জিলিকি উঠিব ৰামৰ মূৰ্তি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চলিত মাহৰ ২২ তাৰিখে অযোধ্যাত ৰাম মন্দিৰত ৰামৰ বিগ্ৰহ প্ৰতিষ্ঠা হ’ব। সেইদিনা ৰাম মন্দিৰৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেই দিনাই মন্দিৰৰ গৰ্ভগৃহত ৰামৰ প্ৰাণপ্ৰতিষ্ঠা হ’ব। উৎসাহীসকলৰ মাজত ৰাম মন্দিৰৰ ৰামৰ মূৰ্তিক লৈ এতিয়া প্ৰবল কৌতূহল। ৰাম জন্মভূমি মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে জনোৱা অনুসৰি গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা হ’ব কৃষ্ণবৰ্ণৰ শিলেৰে তৈয়াৰ কৰা বিশেষ মূৰ্তি। ৰামৰ মূৰ্তিটো দণ্ডায়মান। মূৰ্তিটো ভৰিৰ পৰা ডিঙিলৈকে প্ৰায় ৫১ ইঞ্চি উচ্চতাৰ। এই মূৰ্তি তৈয়াৰ কৰিছে মহীশূৰৰ বিখ্যাত ভাস্কৰ অৰুণ যোগীৰাজে। তিনিজন শিল্পীয়ে নিৰ্মাণ কৰা মূৰ্তিৰ ভিতৰত অৰুণৰ মূৰ্তিয়ে ৰাম মন্দিৰত স্থাপন কৰাৰ সিদ্ধান্ত লয় ৰাম মন্দিৰ ট্ৰাষ্টে। চম্পত ৰায়ে অৰুণ যোগীৰাজে তৈয়াৰ কৰা মূৰ্তিৰ বিশেষত্ব সম্পৰ্কে শেহতীয়াকৈ প্ৰকাশ কৰিছে।

২২ জানুৱাৰীত প্ৰতিষ্ঠা হ’বলগীয়া ৰামৰ মূৰ্তিটো প্ৰায় ৫১ ইঞ্চি দীঘল অৰ্থাৎ ৪ ফুট ৩ ইঞ্চিৰ। এই মূৰ্তিটোৰে পাঁচ বছৰ বয়সীয়া ৰামক দেখুওৱা হৈছে। ২২ জানুৱাৰীৰ সেই মূৰ্তিৰেই প্ৰাণ প্ৰতিষ্ঠা কৰিব মোদীয়ে। অৰুণ যোগীৰাজে তৈয়াৰ কৰা এই মূৰ্তিটো কলা পাথৰৰ। মুখত পাতল হাঁহি। এখন হাতত তীৰ-ধনু, চকুত দীপ্তি। মূৰ্তিৰ ওজন প্ৰায় ডেৰ টন। যদিও তিনি শিল্পীৰ মূৰ্তিয়েই গৃহীত হৈছে তথাপিও অৰুণ যোগীৰাজে তৈয়াৰ কৰা মূৰ্তিটো ৰাম মন্দিৰৰ গৰ্ভগৃহত স্থাপন হ’ব। হিন্দু ধৰ্মত ৰামক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয়। পুৰাণ অনুসৰি তেওঁ ৰজা দশৰথৰ পুত্ৰ আছিল।

মূৰ্তিটোৰ মূৰত আছে বিশেষ মুকুট। মূৰ্তি তৈয়াৰ কৰাত যি শিল ব্যৱহাৰ কৰা হৈছে সেই শিলটোৰ বাবেই ৰামক পানী বা গাখীৰেৰে গা নুধুৱালেও উজলি থাকিব। চম্পত ৰায়ে জনোৱা অনুসৰি প্ৰতি বছৰ চৈত্ৰ শুক্ল নৱমীত সূৰ্যৰ ৰশ্মিয়ে মূৰ্তিটোক উজলাই তুলিব। তেওঁ জনোৱা অনুসৰি মূল গৰ্ভগৃহত কোনো এটা মূৰ্তি প্ৰতিষ্ঠা হ’লেও যথাযোগ্য মৰ্যাদা পাব অন্য মূৰ্তিকেইটাইয়ো। দীৰ্ঘ উপাচাৰ মানি মন্দিৰৰ গৰ্ভগৃহত ৰামৰ প্ৰাণপ্ৰতিষ্ঠা হ’ব।

চম্পত ৰায়ে বিবৃতিত উল্লেখ কৰিছে যে, স্থাপত্যবিদসকলে জনাইছে যে, ৩০০ বছৰ এনে কোনো মন্দিৰ উত্তৰ ভাৰতত নিৰ্মাণ হোৱা নাই। হাজাৰ বছৰৰ অন্ততো এই ৰামমন্দিৰত স্থাপন কৰা মূৰ্তিৰ কোনো ক্ষতি নহ’ব। ইয়াৰোপৰি সূৰ্যৰ তাপ, বতাহ আৰু পানীয়ে মন্দিৰৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰে। কাৰণ ৰাম মন্দিৰৰ তলত আছে গ্ৰেনাইটৰ এটা স্তৰ। এই স্তৰৰ আৰ্দ্ৰতা শোষণ প্ৰতিৰোধ ক্ষমতা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *