অযোধ্যাৰ ৰামমন্দিৰত প্ৰথম ৰামনৱমী, ৩দিন ২৪ ঘণ্টাই সাৰে থাকিব লাগিব ৰামলালা, কিন্তু কিয়?

অযোধ্যাৰ ৰামমন্দিৰত প্ৰথম ৰামনৱমী, ৩দিন ২৪ ঘণ্টাই সাৰে থাকিব লাগিব ৰামলালা, কিন্তু কিয়?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৰাম নৱমীৰ সময়ত তিনিদিন সাৰে ৰখা হ’ব ৰামলালাক। ২৪ ঘণ্টাই ভক্তৰ বাবে সাৰে থাকিব ৰামলালা। এই খবৰ ৰামমন্দিৰ ট্ৰাষ্টে জনোৱাৰ পাছতেই আপত্তি দৰ্শাইছে একাংশ সাধু সন্ন্যাসীয়ে। তেওঁলোকৰ মত পূজাৰ বাবে এনে কোনো পৰম্পৰা নাই। শিশু ৰামক এনেকৈ জগাই ৰখাটো অনুচিত।

৩দিন ২৪ঘণ্টা ভক্তক দৰ্শন দিব ৰামলালাই?
আগন্তুক ৯এপ্ৰিলত আৰম্ভ হ’ব ৰাম নৱমীৰ মেলা। এই সময়ত ৫০লাখৰো অধিক তীৰ্থযাত্ৰী অযোধ্যাত উপস্থিত হ’ব। ভীৰৰ কথা ভাৱিয়েই সকলোকে ৰামলালাৰ দৰ্শন যাতে দিয়াব পাৰে তাৰবাবে ২৪ঘণ্টাই ৰাম মন্দিৰ খোলা ৰখাৰ কথা চিন্তা কৰিছে কৰ্তৃপক্ষই। বৰ্তমান ৰাম মন্দিৰ দিনে ১৪ঘণ্টাকৈ খোলা থাকে। প্ৰতিদিনে ডেৰৰ পৰা দুইলাখ ভক্তই ৰামলালাৰ দৰ্শন কৰে। জিলা প্ৰশাসনে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টক অষ্টমী, নৱমী আৰু দশমী তিথিত ৰাম মন্দিৰ ২৪ ঘণ্টা খোলা ৰখাৰ বাবে আৰ্জি জনাইছে বহুজনে। ট্ৰাষ্টৰ বক্তব্য, সাধু সন্তসকলৰ পৰা এই প্ৰসংগত মতামত লৈহে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব।

আপত্তি দৰ্শাইছে সন্তসকলে
সাধু-সন্তসকলৰ বক্তব্য যে, ৰামলালাক সঠিক সময়ত শয়ন কৰিবলৈ নিদিয়াতো শাস্ত্ৰ সন্মত নহয়। ট্ৰাষ্টৰ মহাসচিব চম্পত ৰায়ে কয়, ‘ৰামলালা অযোধ্যাৰ ৰাম মন্দিৰত ৫বছৰীয়া বালক হিচাপেহে আছে। তেওঁ ২৪ঘণ্টা সাৰে থকা সেয়ে সম্ভৱ নহয়। ৰাম নৱমীৰ সময়ত ভক্তসকলে তেওঁক দৰ্শন কৰিবলৈ আশা ৰাখিলেও ২৪ঘণ্টা জগাই ৰখাটো উচিত নহ’ব।

উল্লেখ্য যে অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰত এইবাৰ প্ৰথম ৰামনৱমী। ৰামৰ জন্মোৎসৱ উপলক্ষ্যে সৰয়ূ নদীৰ পাৰো সজাই পৰাই তোলা হৈছে। ন ৰূপে সাজিছে অযোধ্যা নগৰীও। ৰামলালাৰ অভিষেকৰ পাছতেই দেশ বিদেশৰ পৰা অযোধ্যামুখী হৈছে বহু ভক্ত। ১৭এপ্ৰিলত ৰাম নৱমীৰ দিনা ভীৰ বঢ়াৰ সম্ভাৱনা আছে। ৯এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ৰাম নৱমী মেলা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *