হঠাৎ বুকুৰ বিষ, হাস্পতালত ভৰ্তী ৰাখী স্বাৱন্ত, গুৰুতৰ ৰোগত আক্ৰান্ত ৰাখী?

হঠাৎ বুকুৰ বিষ, হাস্পতালত ভৰ্তী ৰাখী স্বাৱন্ত, গুৰুতৰ ৰোগত আক্ৰান্ত ৰাখী?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- নিজৰ কামকাজৰ বাবেই সংবাদৰ শিৰোনামত থাকে ৰাখী স্বাৱন্ত৷ নানান কাৰণত তেওঁ খবৰৰ শিৰোনাম হৈ থাকে৷ এইবাৰ ৰাখীয়ে কোনো অঘটন ঘটাই বাতৰিৰ শিৰোনাম দখল কৰা নাই৷ ৰাখীৰ শাৰীৰিক অৱস্থা শোচনীয়৷ হাস্পতালৰ বিচনাত শুই থকা ৰাখীৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

বলীউডৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাখীক শাৰীৰিক অসুস্থতাৰ বাবে ভৰ্তি কৰোৱা হৈছে হাস্পতালত৷ ৰাখী হৃদৰোগত আক্ৰান্ত বুলি জনাইছে সূত্ৰটোৱে৷ এই খবৰে ৰাখীৰ অনুৰাগীৰ মাজত হাহাকাৰৰ সৃষ্টি কৰাৰ সময়তে একাংশই আকৌ কৈছে যে ৰাখীয়ে কেনেবাকৈ এক্টিং কৰা নাইতো? কিন্তু বেছিভাগেই ৰাখীৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰিছে৷

ভাইৰেল ভায়ানীয়ে তেওঁৰ ইনষ্টাগ্ৰামত ৰাখী স্বাৱন্তৰ কিছু ছবি শ্বেয়াৰ কৰিছে য’ত দেখা গৈছে যে ৰাখী হাস্পতালত আছে৷ ৰাখী সংজ্ঞাহীন অৱস্থাত বিচনাত শুই আছে৷ এটা আঙুলিয়ে অক্সিমিটাৰ আৰু আনখন হাতত আছে ছেলাইনৰ পাইপ৷ এখন ছবিত আকৌ নাৰ্ছৰ সৈতে দেখা গৈছে ৰাখীক৷ নাৰ্ছে ৰাখীৰ ব্লাড প্ৰেছাৰ পৰীক্ষা কৰি আছে৷ অভিনেত্ৰী ৰাখীক এই অৱস্থাত দেখি হতবম্ব হৈ পৰিছে বহুজন৷ ৰাখীৰ এই ছবি দেখি আচৰিত হৈ পৰিছে বহুজন৷ মিডিয়া ৰিপৰ্ট অনুসৰি ৰাখীৰ কিছু হাৰ্টৰ সমস্যা আছে৷ তাৰপাছতেই তেওঁক দ্ৰুতভাৱে হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷

দ্ৰুত সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰিছে অনুৰাগীয়ে

ৰাখীৰ এই ছবি দেখা মাত্ৰকেই সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰিছে ভক্তই৷ একাংশ নেটীজেনে আকৌ এয়া ৰাখীৰ নতুন নাটক বুলিও জনাইছে৷ একাংশই লিখিছে, ‘ৰাখীক বিশ্বাস কৰা টান৷’ কোনোৱে আকৌ লিখিছে, ‘ৰাখী শাৰীৰিকভাৱে ফিটেই, মানসিকভাৱেহে অসুস্থ৷’
প্ৰাক্তন স্বামী আকৌ ঘূৰি আহিছে?
ৰাখীৰ সৈতে শেহতীয়াকৈ একেলগে দেখা গৈছে স্বামী ৰীতেশক৷ সম্প্ৰতি তেওঁ ৰঙা ৰঙৰ এক বিশেষ ড্ৰেছত প্ৰাক্তন স্বামী ৰীতেশৰ সৈতে থকা ভিডিঅ’ ভাইৰেল হৈছে৷ ৰীতেশক এৰি ৰাখীয়ে আদিল খান ডুৰানীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ কিন্তু আদিলৰ সৈতে এই বিবাহ নিটিকিল৷ তাৰপিছত ৰাখীয়ে আকৌ ৰীতেশৰ সৈতে একেলগে ঘূৰা ফুৰা আৰম্ভ কৰিছে৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *