ডুবাইৰ বানত আৱদ্ধ শিল্পী ৰাহুল বৈদ্য, ডুবাইৰ চুবুৰীয়া ৰাষ্ট্ৰ ওমানত বানত মৃত্যু ১৮জন লোকৰ

ডুবাইৰ বানত আৱদ্ধ শিল্পী ৰাহুল বৈদ্য, ডুবাইৰ চুবুৰীয়া ৰাষ্ট্ৰ ওমানত বানত মৃত্যু ১৮জন লোকৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জলমগ্ন ডুবাই। সামাজিক মাধ্যমত পশ্চিম এছিয়াৰ এই চহৰৰ বিভিন্ন ছবি ভাইৰেল হৈছে। ডুবাইত হোৱা কৃত্ৰিম বানত আৱদ্ধ হৈ পৰিছে সংগীতশিল্পী তথা প্ৰাক্তন বিগবছ প্ৰতিযোগী ৰাহুল বৈদ্য। শিল্পীৰ ভিডিঅ’ দেখি এতিয়া দুশ্চিন্তাত পৰিছে অনুৰাগী। সামাজিক মাধ্যমত ৰাহুলে দিয়া বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ৰাহুলে শ্বেয়াৰ কৰা বিশেষ ভিডিঅ’ত দেখা গৈছে যে ৰাহুল কেইবামহলীয়া এক অট্টালিকাত আছে। অট্টালিকাৰ তলত চৌদিশে কেৱল পানী আৰু পানী। সেই অট্টালিকাৰ পৰা নামি এহাতত চেণ্ডেল হৈ আগুৱাইছে ৰাহুল। চাৰিওফালে একাধিক বাহন ৰাস্তাতেই পৰি আছে। বাহনৰ চকাসমূহ পানীত তলত। ভিডিঅ’ ভাইৰেল হোৱা মাত্ৰকেই সামাজিক মাধ্যমত নানান মন্তব্য আহিছে।

উল্লেখ্য যে ডুবাইত অত্য়াধিক বৰষুণ হোৱাৰ বাবেই কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বিশ্বৰ অন্য়তম ব্যস্ত বিমান বন্দৰ হিচাপে পৰিচিত ডুবাইত মঙলবাৰৰ পৰা বিমানৰ চলাচলতো ব্যাঘাত জন্মিছে। সংবাদ সংস্থাই জনোৱা অনুসৰি ডুবাইৰ বহু ৰাস্তা ঘাটেই এতিয়া পানীৰ তলত। এই বানত ডুবাইৰ প্ৰতিবেশী ৰাষ্ট্ৰ ওমানত ১৮ জন লোকৰ মৃত্যুও হৈছে। ডুবাইত বৰ্তমান বন্ধ ৰখা হৈছে সমূহ স্কুল-কলেজ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *