ন্যায়ৰ বাট দীঘলীয়া হ’লেও অবাস্তৱতো নহয়! এগৰাকী মহিলাক সাবটি ধৰি ৰাহুলে দিলে এইকেইটা আশাৰ খবৰ

ন্যায়ৰ বাট দীঘলীয়া হ’লেও অবাস্তৱতো নহয়! এগৰাকী মহিলাক সাবটি ধৰি ৰাহুলে দিলে এইকেইটা আশাৰ খবৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- প্ৰত্যাহ্বান নেওচি ৰাহুল গান্ধীয়ে অব্যাহত ৰাখিছে ভাৰত জোড়ো ন্যায় যাত্ৰা। ন্যায়ৰ বাট দীঘলীয়া সেই কথা মনত ৰাখিয়েই ৰাহুলে এই প্ৰত্যাহ্বানমূলক যাত্ৰা কৰি অসমত উপস্থিত হৈছে। যোৰহাটত ৰাহুলে কৰা বিশাল ৰেলীয়ে দৃষ্টি কাঢ়িছে বহুজনৰ। ঠিক তেনে সময়তে ৰাহুল গান্ধীৰ এটা টুইট খুবেই ভাইৰেল হৈ পৰিছে। এগৰাকী মহিলাই ৰাহুল গান্ধীক সাবটি ধৰিছে। সাবটি ধৰি মহিলাগৰাকীয়ে ৰাহুলক কৈছে তেওঁক ন্যায় লাগে। কিন্তু কি ন্যায় লাগে মহিলাগৰাকীক?

কাহিনীৰ আৰম্ভণি ৪ বছৰ পূৰ্বেই। ৰাহুলে মহিলাগৰাকীৰ সৈতে উঠা বিশেষ ফটোখন টুইট পৰি কেপশ্ব্যনত লিখিছে, ‘এগৰাকী প্ৰতিভাশালী আৰু মেধাৱী ছাত্ৰ ৰোহিত বেমুলাৰ আজিৰ পৰা ৪বছৰ পূৰ্বে মৃত্যু হৈছে। কিন্তু মৃত্যুৰ পূৰ্বে ৰোহিতে প্ৰান্তীয় দুখীয়া সমাজৰ বহু ছবি সমাজৰ সন্মুখত তুলি থৈ গৈছে। কেনেকৈ সাহসেয়ে যুঁজি জীয়াই থাকিব লাগে সেই সাহস দি গৈছে প্ৰান্তীয় প্ৰতিজন যুৱক-যুৱতীক। যিসকল লোকক মানুহ বুলিয়েই ধৰা নহয় সেইখন সমাজক ৰোহিতে দি গৈছে জীয়াই থকাৰ প্ৰেৰণা। ৰোহিতৰ কাহিনীয়ে সমাজৰ এক নিৰ্মোহ সত্যকো তুলি ধৰিছে। জীৱন সকলোৰে বাবে একেই নহয় সেই কথাও তেওঁ বুজাই থৈ গৈছে।

আজি মই সুখী এই কাৰণেই যে, আজি আমি সেই অন্যায়পূৰ্ণ ব্যৱস্থাৰ সৈতে যুঁজিবলৈ ওলাই আহিছো। ৰোহিতৰ দৰে বহু সম্ভাৱনাময় ভৱিষ্যতক কলিতে মৰহি যাবলৈ বাধ্য কৰোৱা এই ব্যৱস্থাৰ সৈতে আমি যুঁজিছো আৰু যুঁজি যাম। ন্যায় আমাৰ প্ৰাপ্য। ন্যায়ৰ বাট দীঘলীয়া হ’লেও ন্যায় এদিন সকলোৱে পাবই। মই আশাবাদী, এদিন আমি ন্যায়পূৰ্ণ এটা ব্যৱস্থাৰ জন্ম দিমেই। যি ব্যৱস্থাই ৰোহিতক হত্যা কৰিছে সেই ব্যৱস্থাকেই এদিন আমি সলাই পেলাম। এদিন ৰোহিতে দেখা সপোনবোৰ মুকলি আকাশত উৰিব। সকলোৱে সমান অধিকাৰেৰে জীয়াই থাকিব। এই দিনটোৱেই হ’ব ৰোহিতৰ প্ৰতি আগবঢ়োৱা প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *