সময়ে বিচাৰিলে সকলো কৰিব লাগে! এইবাৰ কুলিৰ অৱতাৰত ৰাহুল, ৰঙা চোলা পিন্ধি কিয় কুলিৰ ভেশ লৈছে ৰাহুল গান্ধীয়ে?

সময়ে বিচাৰিলে সকলো কৰিব লাগে! এইবাৰ কুলিৰ অৱতাৰত ৰাহুল, ৰঙা চোলা পিন্ধি কিয় কুলিৰ ভেশ লৈছে ৰাহুল গান্ধীয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এইবাৰ কুলিৰ ভেশত থকা ৰাহুল গান্ধীৰ এখন ফটো খুবেই ভাইৰেল হৈ পৰিছে৷ বৃহস্পতিবাৰে পুৱা দিল্লীৰ আনন্দ বিহাৰ ৰেল ষ্টেচনত হঠাৎ কুলিৰ পোছাকত দেখা গৈছে ৱাইনাডৰ সাংসদ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক৷ ভাইৰেল এটা ভিডিঅ’ত ৰাহুল গান্ধীক ৰঙা পোছাক পৰিধান কৰি মূৰত এটা নীলা ট্ৰলীবেগ লৈ থকা দেখা গৈছে৷ ষ্টেচনত কুলিৰ সুবিধা অসুবিধাৰ বুজ ল’বলৈ গৈ এই ভেশ ধৰিছে ৰাহুলে৷ কুলিসকলৰ বিভিন্ন সমস্যাৰ বুজ লৈ তেওঁলোকক আশ্বাসো প্ৰদান কৰিছে কংগ্ৰেছ নেতা ৰাহুলে৷ কংগ্ৰেছে এক্স হেণ্ডেলত থকা তেঁওলোকৰ অফিচিয়েল পেজত এই ফটো শ্বেয়াৰ কৰি লিখিছে, ‘জননেতা ৰাহুলে দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনত কুলিৰ সৈতে মিলিত হৈছে৷ তাত উপস্থিত হৈ মাল কঢ়িওৱা কুলিৰ সুবিধা অসুবিধাৰ বুজ লৈছে৷ এয়াও ভাৰত জোড়োস যাত্ৰাৰেই এক অংশ৷’

বিভিন্ন পেছাৰ মানুহৰ সৈতে মিলিত হৈ পূৰ্বেও বিভিন্ন বিষয়ত বাৰ্তালাপত মিলিত হৈছে ৰাহুল৷ জুন মাহত দিল্লীৰ কৰোল বাগ এলেকাত থকা এটা গেৰেজত মিস্ত্ৰিৰ সৈতে মিলিত হৈ বাইক মেৰামতিৰ কামো কৰিছিল ৰাহুলে৷ কংগ্ৰেছৰ অফিচিয়েল পেজত ৰাহুলে গেৰেজত বহি বাইক মেৰামতি কৰি থকা দেখা গৈছিল৷ ৰাহুলে নিজৰ ফেছবুক পেজতো সেই ফটো শ্বেয়াৰ কৰিছিল৷ একাধিকবাৰ সাধাৰণ মানুহ, শ্ৰমিক, কৃষকৰ সৈতে কথা পতা দেখা গৈছে ৰাহুলক৷

চলিত বৰ্ষত ৰাহুলে কৰা আমেৰিকা ভ্ৰমণত ৰাহুলক ৱাছিংটনৰ পৰা নিউয়ৰ্ক লৈ ট্ৰাকত ট্ৰাক ড্ৰাইভাৰৰ সৈতে যোৱাৰ ভিডিঅ’ও ভাইৰেল হৈ পৰিছিল৷ ভাৰতীয় বংশোদ্ভুতৰ ট্ৰাকচালকৰ দৈনন্দিন সমস্যাৰ বুজ লৈছিল ৰাহুলে৷ আমেৰিকাৰ পৰা আহি দিল্লী আৰু চণ্ডীগড়লৈ যোৱা ট্ৰাকসমূহৰ ড্ৰাইভাৰসকলৰ জীৱনশৈলী জনাৰ চেষ্টা কৰিছিল ৰাহুলে৷ এইবাৰ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ বাবে যাওঁতে স্কুটাৰ চলোৱাও দেখা গৈছিল ৰাহুলক৷ জুলাই মাহত আকৌ হাৰিয়ানাৰ মদিনা গাওঁত কৃষকৰ সৈতে ভুঁই ৰোৱলৈ গৈছিল ৰাহুল৷ তাতেই ট্ৰেক্টৰ চলাই, কৃষকৰ সৈতে বাৰ্তালাপ কৰি আহাৰো গ্ৰহণ কৰা দেখা গৈছিল ৰাহুল গান্ধীক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *