আকৌ আমেঠিলৈ ৰাহুল, ৰাহুলে আমেঠিত প্ৰতিদ্বন্দিতা কৰাটো বিচাৰে নে সাধাৰণ ভোটাৰে? সমীক্ষাৰ ৰিপৰ্টত খহিছে স্মৃতিৰ ভৰিৰ তলৰ মাটি

আকৌ আমেঠিলৈ ৰাহুল, ৰাহুলে আমেঠিত প্ৰতিদ্বন্দিতা কৰাটো বিচাৰে নে সাধাৰণ ভোটাৰে? সমীক্ষাৰ ৰিপৰ্টত খহিছে স্মৃতিৰ ভৰিৰ তলৰ মাটি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ‘ৰাহুল গান্ধী পলৰীয়া নহয়। পৰাজয়ৰ পৰা শিক্ষা লৈ ৰাহুলে নতুনত্বৰ বাট বিচাৰে। সেই বাটত খোজ দিয়েই ৰাহুলে এইবাৰ দেখুৱাব জয় কাক কয়।’ এই মন্তব্য এজন কংগ্ৰেছ কৰ্মকৰ্তাৰ। দেশৰ ৰাজনীতিত এতিয়া ২৪ ৰ নিৰ্বাচনক লৈ ব্যস্ততা তুংগত উঠিছে। নৰেন্দ্ৰ মোদীতকৈ ২৪ ৰ নিৰ্বাচনত চৰ্চিত নাম হৈ পৰিছে ৰাহুল গান্ধী। বিৰোধী জোঁটৰ প্ৰধানমন্ত্ৰীৰ বাবে মনোনীত প্ৰাৰ্থী কোন হ’ব পাৰে সেই বিষয়টোক লৈয়ো চলিছে চৰ্চা। বিৰোধীৰ ক্ষমতাশালী নেতাসকলে কোনে ক’ৰ পৰা নিৰ্বাচন খেলিব সেই বিষয়ক চৰ্চাও চলিছে দেশত।

সম্প্ৰতি ৰাহুলে কোন কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব সেই বিষয়টোক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰি আছিল। শেহতীয়াকৈ সেই প্ৰশ্নৰ উত্তৰ ৰাহুলে দিছে। ২০১৯ চনৰ দৰে এইবাৰো কংগ্ৰেছ নেতা ৰাহুলে আমেঠিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। ২০১৯ চনত স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হৈছিল ৰাহুল। ৰাহুল গান্ধীৰ হাতৰ পৰা দীৰ্ঘদিন কংগ্ৰেছে দখল কৰি অহা আসন কাঢ়ি লৈছিল স্মৃতি ইৰাণীয়ে। কিন্তু এইবাৰ ৰাহুল পূৰ্বতকৈ শক্তিশালী হৈ স্মৃতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে। ৰাহুলে আমেঠিত নিৰ্বাচন খেলিব বুলি ঘোষণা কৰাৰ পাছতেই একাংশই ৰাহুলৰ এয়া ভুল সিদ্ধান্ত বুলিও সামাজিক মাধ্যমত চৰ্চা চলাইছে। কেৱল ৰাহুলেই নহয় শাসক দলৰ বিৰুদ্ধে এইবাৰ পূৰ্বতকৈ অধিক যুঁজাৰু মন লৈ নিৰ্বাচন খেলিবলৈ সাজু হৈছে কংগ্ৰেছৰ প্ৰায়সকল নেতাই। ইফালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বাৰাণসীৰ পৰা নিৰ্বাচন খেলিব পাৰে প্ৰিয়ংকা গান্ধীয়ে। উত্তৰপ্ৰদেশ বাসীয়ে এইবাৰ দুই বায়েক-ভায়েকৰ যৌথ যুঁজ দেখিব বুলিও একাংশই চৰ্চা চলাইছে।

ৰাজনৈতিক চৰ্চাৰ মাজতেই এবিপি নিউজ আৰু চি ভোটাৰে এক সমীক্ষা চলাইছিল। এই সমীক্ষাত অংশগ্ৰহণকাৰীসকলক প্ৰশ্ন কৰা হৈছিল, ‘তেওঁলোকে ৰাহুল গান্ধীক আমেঠিত নিৰ্বাচনী যুঁজত চাব বিচাৰেনে? ৰাহুল গান্ধীয়ে আমেঠিৰ পৰা নিৰ্বাচন খেলা উচিত নে?’ এই প্রশ্নৰ উত্তৰত ৪৩.২ শতাংশই ৰাহুলক আমেঠিত বিচাৰো বুলি মন্তব্য কৰিছে। ইয়াৰোপৰি এই সমীক্ষাত অংশগ্ৰহণ কৰাসকল মাজত ৪৯.৯ শতাংশ ভোটাৰে ইণ্ডিয়া জোঁটক সমৰ্থন কৰিছে। তেওঁলোকে কয় যে, ৰাহুলে আমেঠিৰ পৰা নিৰ্বাচন খেলা উচিত। ইয়াৰোপৰি সমীক্ষাত অংশগ্ৰহণ কৰা ৩৩.১ শতাংশৰ NDAৰ সমৰ্থক। এন ডি এৰ সমৰ্থকেও ৰাহুল গান্ধীয়ে আমেঠিত নিৰ্বাচন খেলাটো ভাল বুলি মন্তব্য কৰিছে।

আনহাতে ২৩.৬ শতাংশ ইণ্ডিয়া জোটৰ সমৰ্থক আৰু ৩৪.৭ শতাংশ NDAৰ সমৰ্থকে কিন্তু ৰাহুল সেই সমষ্টিলৈ পুনৰ ঘূৰি যোৱাটো বিচৰা নাই। তেওঁলোকৰ মতে এবাৰ হাৰি যোৱা সমষ্টিত পুনৰ যোৱাটো উচিত নহয়। অৰ্থাৎ মুঠ ২৮ শতাংশ ভোটাৰে বিচাৰিছে যে ৰাহুলে স্মৃতি ইৰাণীৰ বিৰুদ্ধে নিৰ্বাচন খেলিব নালাগে। উল্লেখ্য যে ২০১৯ ত স্মৃতি ইৰাণীৰ হাতত শোচনীয় পৰাজয় হৈছিল ৰাহুলৰ। কিন্তু কংগ্ৰেছ দলে এই পৰাজয়ৰ বাবে পিছপৰি থাকিব নোখোজে। তেওঁলোকৰ দাবী, ‘এইবাৰ আমি জয়ী হমেই। ৰাহুলৰ জনপ্ৰিয়তাক ভয় কৰি যি তি ক’বলৈ লৈছে স্মৃতি ইৰাণীয়ে। ৰাহুলৰ জয় এইবাৰ নিশ্চিত। ৰাহুলে এইবাৰো আমেঠি আৰু ৱাইনাড দুই সমষ্টিৰ পৰাই নিৰ্বাচন খেলিব।’

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *