১৩৬ দিন লাভ কৰা নাছিল দৰমহাৰ লগতে অইন চৰকাৰী সুবিধা! মাহিলী কিমান ধন লাভ কৰে ৰাহুল গান্ধীয়ে?

১৩৬ দিন লাভ কৰা নাছিল দৰমহাৰ লগতে অইন চৰকাৰী সুবিধা! মাহিলী কিমান ধন লাভ কৰে ৰাহুল গান্ধীয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ১৩৬ দিনৰ পাছত সাংসদ পদ ওভতাই পাইছে ৰাহুল গান্ধীয়ে। বিগত সোমবাৰে ৰাহুল গান্ধীয়ে ওভতাই পাইছে সাংসদ পদ। মোদী চৰকাৰক টাৰ্গেট কৰি বক্তব্য ৰাখিয়েই সাংসদ পদ হেৰুৱাইছিল ৰাহুল গান্ধীয়ে। সাংসদ হিচাপে প্ৰত্যাবৰ্তনৰ পাছতেই ৰাহুলে মুঠ কিমান দৰমহা লাভ কৰিছে?

১৩৬ দিন ৰাহুলে দৰমহা পোৱা নাছিল
মোদী উপাধীক লৈ মন্তব্য কৰি সাংসদ পদ হেৰুওৱা ৰাহুলে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পাছত উভতাই পাইছে হেৰুওৱা সাংসদ পদ। কেৱল লোকসভালৈকে ৰাহুলৰ কামবেক হোৱা নাই। সাংসদ হিচাপে তেওঁ পূৰ্বে লাভ কৰা সকলো সুবিধা আকৌ লাভ কৰিবলৈ সক্ষম হৈছে। ৱাইনাড সমষ্টিৰ সাংসদ হিচাপে ৰাহুলে পোৱা দৰমহাও বিগত ১৩৬ দিনে লাভ কৰা নাছিল। মাহিলী সাংসদ হিচাপে ৰাহুলে এক লাভ টকা মাহিলী বেতন পাইছিল। ইয়াৰোপৰি সংসদৰ অধিৱেশন চলাৰ সময়ত সাংসদসকলে প্ৰতিদিনে অতিৰিক্ত ২ হাজাৰকৈ ধন লাভ কৰে।

কৰ্তন হৈ থকা দৰমহা লাভ কৰিছে ৰাহুলে
ৰাহুল গান্ধীয়ে ১৩৬ দিন ধৰি কৰ্তন হৈ থকা দৰমহা পুনৰাই লাভ কৰিছে। বিনামূলীয়া ৰেলযাত্ৰাৰ সুবিধা, বিনামূলীয়া চিকিৎসা সেৱা, মোবাইল, পানীৰ খৰচ, বিদ্যুতৰ খৰচ সকলোবোৰেই লাভ কৰিব। ১৯৫৮ চনত মেম্বাৰ্ছ অৱ পাৰ্লিয়ামেণ্ট এক্ট অনুসৰি লোকসভাৰ সাংসদ হিচাপে এই সকলো সুবিধা পুনৰ লাভ কৰিব ৰাহুলে। সাংসদ পদ খাৰিজ হোৱাৰ সময়ছোৱাত এই সকলো সুবিধাই কৰ্তন কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *