বিজেপি হাৰিব খাটাং, আম্বানী আদানীৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে মোদীয়েঃ ৰাহুল গান্ধী

বিজেপি হাৰিব খাটাং, আম্বানী আদানীৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে মোদীয়েঃ ৰাহুল গান্ধী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এইবাৰ ভয় খাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁক ৰক্ষা কৰিবলৈকে আদানী, আম্বানীৰ নাম বাৰে বাৰে লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ উত্তৰপ্ৰদেশক কনৌজৰ এখন নিৰ্বাচনী সভাত আকৌ এবাৰ নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ ৰাহুলৰ মুখত আকৌ এবাৰ আদানী আৰু আম্বানীৰ নাম৷ পূৰ্বেও আম্বানী আৰু আদানীৰ প্ৰসংগ লৈ প্ৰধানমন্ত্ৰী মোদীক টাৰ্গেট কৰি লৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ ৰায়বৰেলীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীয়ে শুকুৰবাৰে কনৌজৰ এখন সভাত কয়, ‘বিগত ১০ বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াও আদানী আৰু আম্বানীৰ নাম মুখেৰে লোৱা নাছিল কিন্তু এইবাৰ তেওঁ নিজেই নাম লৈছে আম্বানী, আদানীৰ৷ বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে হাজাৰ হাজাৰ বক্তৃতা দিছে৷ কিন্তু তেওঁ ভুলতো আম্বানী আদানীৰ নাম লোৱা নাই৷ এইবাৰ মোদীয়ে নাম লৈছে কাৰণ তেওঁ ভয় খাইছে, এইবাৰ ৰক্ষা কৰিবলৈ দুই বন্ধু আম্বানী, আদানী নাহিলে নিস্তাৰ নাই৷ তেওঁৰ অন্তৰাত্মাই কৈছে, ‘মোক বচাওক৷ ইণ্ডিয়া জোঁটে মোক শেষ কৰি পেলাইছে৷ মই হাৰিবলৈ গৈ আছো৷ আদানী-আম্বানী আপোনালোকেই মোৰ ভৰসা৷’

ৰাহুলক টাৰ্গেট মোদীৰ

কিছুদিন পূৰ্বে তেলেংগানাৰ এখন সভাৰ পৰা নৰেন্দ্ৰ মোদীয়ে টাৰ্গেট কৰিছিল ৰাহুলক৷ তেওঁ কয় যে, নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰাই আম্বানী আৰু আদানীক গালি পৰা বন্ধ কৰিছে ৰাহুলে৷ কংগ্ৰেছে নিশ্চয় আম্বানী আৰু আদানীৰ পৰা ধন হৈছে৷ সেয়ে গালি পৰা নাই ৰাহুলে৷ কোনখন টেম্পোৰে তেওঁলোকে কংগ্ৰেছৰ ঘৰলৈ ধন পঠিয়াইছে সেই কথাও সুধিছিল মোদীয়ে৷ তাৰপাছতেই মোদীক উভতাই আক্ৰমণ কৰিছে ৰাহুলে৷ আম্বানী আৰু আদানীয়ে টেম্পোৰে টকা পঠিয়াই বুলি মোদীয়ে কেনেকৈ গম পায়? পূৰ্বে নিশ্চয় তেনেকৈ ধন লৈছে৷ ৰাহুলে কয়, প্ৰধানমন্ত্ৰীয়ে যিমান টকা লৈছে সিমান টকা কংগ্ৰেছে দেশবাসীক উভতাই দিব৷

 বিভ্ৰান্তিৰ সৃষ্টি নকৰিব

ইয়াৰ সৈতে কংগ্ৰেছৰ এগৰাকী নেতাই কয় যে, প্ৰধানমন্ত্ৰীয়ে আদানী আৰু আম্বানীৰ পৰা টকা কেনেকৈ লয় নিজেই কৈ পেলাইছে৷ টেম্পোত টকা পঠিয়াই বুলি সেয়ে তেওঁলোকে জানে৷ এই টেম্পোক লৈ প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত অভিজ্ঞতা আছে বুলি ৰাহুলেও দাবী কৰিছে৷ ইয়াৰ সৈতে ৰাহুলৰ দাবী, এতিয়া হাৰি যাব বুলি বুজিয়েই বিজেপিয়ে, প্ৰধানমন্ত্ৰীয়ে মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰাত লাগিছে৷
ৰাহুলে এই সন্দৰ্ভত কয়, ‘এতিয়া নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে  বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা কৰিছে৷ আগন্তুক ১০ ৰ পৰা ১৫ দিন এই চেষ্টা তেওঁলোকে চলাব৷ কিন্তু তেওঁলোকৰ কথাত আপোনালোক বিভ্ৰান্ত নহ’ব৷ ভাৰতৰ লোকসভা নিৰ্বাচনত এয়া এটা ইছ্যু হে৷’

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *