আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- একমাত্ৰ তেলেংগানাক লৈয়েই কিছু সংশয় আছে৷ কিন্তু মধ্যপ্ৰদেশ, ছত্তিছগড় আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনক লৈ আত্মবিশ্বাসী কংগ্ৰেছ দল৷ এই তিনিখন প্ৰদেশক লৈ আত্মবিশ্বাসী ৰাহুল গান্ধীও৷ কিন্তু এই আত্মবিশ্বাস কেনেকৈ বাঢ়িছে ৰাহুলৰ? ৱাইনাডৰ সাংসদ ৰাহুল গান্ধীৰ দাবী, কৰ্ণাটক নিৰ্বাচনৰ পৰাই কংগ্ৰেছ দলে জয়ৰ ফৰ্মূলা শিকি গৈছে৷ বিজেপিক কেনেকৈ পৰাস্ত কৰিব পাৰিব তাৰ শিক্ষা কৰ্ণাটক নিৰ্বাচনৰ পৰাই কংগ্ৰেছে লৈছে৷ সেই শিক্ষাক কামত লগাইয়েই আসন্ন বিধানসভা নিৰ্বাচনসমূহ বাজিমাৎ কৰিব কংগ্ৰেছে৷

বৰ্তমান আত্মবিশ্বাসী ৰাহুলে এসময়ত কৈছিল, ‘আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম৷ আমাৰ হাতত উপায়ো নাই৷’ কিন্তু এতিয়া ৰাহুলৰ ভাষ্য সম্পূৰ্ণ সলনি হৈছে৷ কৰ্মত, ভাষণত সকলোতেই ৰাহুল এতিয়া আত্মবিশ্বাসী৷ মধ্যপ্ৰদেশ আৰু ছত্তিছগড় আৰু ৰাজস্থানত আমি জিকিমেই বুলি বুকু ফিন্দাই ক’ব পৰা হৈছে ৰাহুলে৷ চলিত বছৰতেই চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ চাৰি ৰাজ্যৰ মাজত ছত্তীছগডড় আৰু ৰাজস্থানত এতিয়া কংগ্ৰেছ চৰকাৰেই আছে৷ মধ্যপ্ৰদেশতো পোনতে কংগ্ৰেছেই চৰকাৰ গঠন কৰিছিল৷ কিন্তু জ্যোতিৰাদিত্য সিন্ধিয়াসহ কেইজনমান বিধায়কে শিবিৰ সলনি কৰি বিজেপিত যোগ দিয়ে৷ আৰু তাৰপিছতেই শিৱৰাজ সিং চৰকাৰে চৰকাৰ গঠন কৰে৷ আসন্ন নিৰ্বাচনৰ আগত কিন্তু এইবাৰ দলত্যাগীসকলৰ অধিকাংশই আকৌ কংগ্ৰেছলৈ উভতি আহিছে৷

ৰাহুল গান্ধীয়েও ওভতি অহা আটাইকেইগৰাকী নেতাক দললৈ স্বাগতো জনাইছে৷ ৰাহুলে শেহতীয়াকৈ দিল্লীৰ এক অনুষ্ঠানত এই সন্দৰ্ভত মন্তব্যও কৰিছে৷ ৰাহুলে ভাষণত কয় যে কৰ্ণাটক নিৰ্বাচনৰ পৰাই কংগ্ৰেছৰ আত্মবিশ্বাস বাঢ়িছে৷ চলিত বছৰৰ আৰম্ভণিতেই দক্ষিণৰ কৰ্ণাটকত বিধানসভা নিৰ্বাচন হৈছিল৷ ব্যাপক সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহিছিল কংগ্ৰেছ দল৷ কৰ্ণাটক নিৰ্বাচনৰ পৰা কি কি শিক্ষা লাভ কৰিছে কংগ্ৰেছে সেই সন্দৰ্ভতো প্ৰকাশ কৰিছে ৰাহুলে৷ কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে ৰাজ্যই ৰাজ্যই বিৰোধীসকলৰ ৰাজনৈতিক গাঁঠনি তৈয়াৰত বিজেপিয়ে বাধাৰ সৃষ্টি কৰি আহিছিল৷ অদৰকাৰী ইচ্ছুসমূহ সন্মুখলৈ আনি প্ৰকৃত সমস্যাক তল পেলাই ৰাখে বিজেপিয়ে৷ বিৰোধীসকলেও প্ৰকৃত সমস্যা উদঘাটন কৰিব পৰা নাছিল৷ সেয়ে পিছপৰি আছিল বিৰোধীও৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *