ভৰষা সংবাদমাধ্যমেই! সংবাদ মাধ্যমলৈ পত্ৰত কি কি লিখিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত নাম সাঙোৰ খোৱা ৰাহুল ছেত্ৰীয়ে…

ভৰষা সংবাদমাধ্যমেই! সংবাদ মাধ্যমলৈ পত্ৰত কি কি লিখিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত নাম সাঙোৰ খোৱা ৰাহুল ছেত্ৰীয়ে…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিঙৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। কেৱল আনন্দই নহয় অন্য আৰু দুই ছাত্র ৰেগিঙৰ বলি হৈছিল পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিৱাসত। শেহতীয়াকৈ বহুকেইজন ছাত্ৰক ৰেগিং কাণ্ডত জড়িত থকাৰ অভিযোগত আটকো কৰা হৈছে। কিন্তু এই ঘটনাৰ সৈতে নাম সাঙোৰ খাই থকা ৰাহুল ছেত্ৰী পলাতক হৈ আছিল। কিন্তু আজি পুৱাৰ ভাগত সংবাদ মাধ্যমক উদ্দেশ্যি এখন পত্ৰ প্ৰেৰণ কৰি আত্মসমৰ্পণ কৰিছে ৰাহুলে শৰ্মাই। পত্ৰখনত ৰাহুলে লিখিছে,

সন্মানীয় সাংবাদিক বন্ধুসকল আৰু শ্ৰদ্ধাৰ অসমবাসী ৰাইজ।

পোনপ্ৰথমে মই ভাতৃপ্ৰতীম আনন্দ শৰ্মাৰ দ্ৰুত আশু-আৰোগ্য কামনা কৰিলো। যোৱা ২৬ নৱেম্বৰ তাৰিখে যি ঘটনা সংঘটিত হ’ল সেয়া খুব দুৰ্ভাগ্যজনক। ঘটনাটোৰ সৈতে মই কোনো প্ৰকাৰেই জড়িত নহয়। উক্ত ঘটনাৰ সৈতে মোৰ নাম সাঙোৰ খোৱাত মই বৰ আচৰিত হৈছো। আইনৰ এজন ছাত্ৰ হিচাপে মই সদায়ে আইনক সন্মান কৰো আৰু আইনৰ ওপৰত অগাধ বিশ্বাস আছে। কিন্তু বৰ্তমান পৰিস্থিতি এনেকুৱা কৰি দিয়া হ’ল যে, মই যেন গোটেই ঘটনাটোৰ মূল দোষী। আৰু মোক যেন পালেই মাৰি পেলাব। মই আচলতে এই পৰিস্থিতিত ইমানেই আতংকিত হৈ পৰিলো, মোৰ এনেকুৱা লাগিল যেন মোৰ জীয়াই থকাৰ সকলো পথ বন্ধ হৈ পৰিল।

মই এইকেইদিন মোৰ প্ৰাণটো লৈ কোনোমতে জীয়াই থাকিব পাৰিছো। আজিকালি যিদৰে ঠাইতে ন্যায় প্ৰদানৰ নামত এনকাউণ্টাৰ কৰা হয়, তালৈ ভয় খাই কিছুদিন আঁতৰি আছিলো। তাতেই সংবাদ মাধ্যমে মিডিয়া ট্ৰেণ্ড চলাই মোক কেৱল দোষী সাব্যস্ত কৰাই নহয়, মোক দুৰ্ধৰ্ষ অপৰাধী, কয়লা মাফিয়াও সজাই দিলে। সেইবাবে মই বেছিকৈ ভয় খাইছিলো, মোৰ এনে লাগিছিল কিজানি মোক পালেই কোনোবাই মাৰি পেলাব। মই প্ৰাণৰ ভয়ত কিছুদিন আঁতৰি থাকিবলগীয়া হৈছিল। মই এজন ছাত্ৰ, মই কোনো দুৰ্ধৰ্ষ অপৰাধী নহয়। মই আৰক্ষীৰ তদন্তত সম্পূৰ্ণ সহযোগ কৰিম। সংবাদ মাধ্যমৰ জৰিয়তে ন্যায়ালয়লৈ অনুৰোধ যাতে মোৰ সুৰক্ষা নিশ্চিত কৰে যেন। মোক যেন মোৰ কথা ক’বলৈ সুযোগ দিয়ে।

ৰাহুল চেত্ৰী

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *