“বোপাই মোক নামাৰিবি”-পুত্ৰক কাকুতি কৰ্কট আক্ৰান্ত মাতৃৰ

“বোপাই মোক নামাৰিবি”-পুত্ৰক কাকুতি কৰ্কট আক্ৰান্ত মাতৃৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- যোৰহাটৰ পাছত এইবাৰ ৰহা। মাকৰ বাহিৰে অইনে বুজিব নোৱাৰে সেই সুখ-দূখৰ ক’লাজ ।আলফুলে গৰ্ভত লৈ জন্ম দিয়াৰ পিচত অতি কষ্টেৰে ডাঙৰ-দীঘল কৰা সন্তানৰ দ্বাৰা কিয় বাৰে বাৰে নিৰ্যাতিত হয় পিতৃ-মাতৃ? ৰহাতো ঘটিল নঘটিবলগীয়া তেনে এক ঘটনা। ৰুগীয়া মাতৃক চিকিৎসাৰ পৰিৱৰ্তে মাৰ-পিট কৰি ঘৰৰ পৰা উলিয়াই দিলে কুলাংগাৰ পুত্ৰই। পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৰুগ্ন বৃদ্ধাই অৱশেষত আশ্ৰয় লৈছে বিয়া দিয়া বৰ জীয়ৰীৰ ঘৰত। এই ঘটনা সংঘটিত হৈছে ৰহা চহৰৰ দেৱাগুৰিত। ৬৫ বছৰীয়া বিধবা বৃদ্ধাগৰাকীৰ নাম ভানু মেধি। এটি পুত্ৰ আৰু দুজনী জীয়ৰী। পুত্ৰৰ নাম কল্পতৰু মেধি। দুয়োজনী জীয়ৰীক বিয়া দিয়াৰ পিচত স্বাভাৱিকতেই বিধবা ভানু মেধি থাকে একমাত্ৰ পুত্ৰ ৪০ বছৰীয়া কল্পতৰুৰ লগত।

কিন্তু অভিযোগ মতে, নিচাসক্ত পুত্ৰই সঘনেই মাতৃৰ ওপৰত চলাই আহিছে শাৰীৰিক আৰু মানসিক নিৰ্যাতন। পুত্ৰৰ অত্যাচাৰত থাকিব নোৱাৰি বাৰে বাৰে আশ্ৰয় লয় ওচৰতে বিয়া দিয়া বৰ জীয়ৰীৰ ঘৰত। শেহতীয়াকৈ বৃদ্ধাগৰাকী পুনৰ নিজ ঘৰলৈ উভতি আহে যদিও পুত্ৰই পুনৰ আৰম্ভ কৰিলে মাতৃৰ ওপৰত শাৰীৰিক নিৰ্যাতন। ইতিমধ্যে বৃদ্ধাগৰাকীৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ্কট ৰোগ। কিন্তু পুত্ৰই চিকিৎসাৰ পৰিৱৰ্তে মাতৃৰ ওপৰত চলালে শাৰীৰিক অত্যাচাৰ, অকথ্য নিৰ্যাতন। উপায়ন্তৰ হৈ ভানু দাসে পুনৰ আশ্ৰয় লৈছেগৈ বৰ জীয়ৰী তথা জোঁৱাই ঘৰত। কিন্তু বৃদ্ধাগৰাকীৰ উপযুক্ত চিকিৎসাৰ বাবে সামৰ্থ নহয় জী-জোঁৱাই। বৃদ্ধাগৰাকীৰ বিশ্বাস ভাল চিকিৎসা কৰিলে আৰোগ্য হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *