‘পৰিণীতিতকৈ ৰাজনীতি মোৰ জীৱনলৈ আগেয়ে আহিছে’, পৰিণীতিৰ সৈতে বিবাহক লৈ অৱশেষত মুখ খুলিলে সাংসদ ৰাঘৱ চাড্ডাই

‘পৰিণীতিতকৈ ৰাজনীতি মোৰ জীৱনলৈ আগেয়ে আহিছে’, পৰিণীতিৰ সৈতে বিবাহক লৈ অৱশেষত মুখ খুলিলে সাংসদ ৰাঘৱ চাড্ডাই

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- পৰিণীতিৰ সৈতে প্ৰেমৰ আৰম্ভণিৰ পূৰ্বে ৰাঘৱ ৰাজনীতিত৷ পৰিণীতিৰ স্বামীয়েই ৰাঘৱৰ পৰিচয় হৈ পৰিছে নেকি? কিয় বাৰে বাৰে পৰিণীতিক লৈহে প্ৰশ্ন কৰা হয় ৰাঘৱক?
দেশজুৰি ৰাঘৱ চাড্ডা আৰু পৰিণীতি চোপ্ৰাৰ বিবাহক লৈ চৰ্চা চলি থকাৰ সময়তে মুখ খুলিছে সাংসদ ৰাঘৱ চাড্ডাই। পৰিণীতি-ৰাঘৱৰ যুঁটিটোক জনতাই ভালপাইছে। একেলগে দুয়োকে দেখি সুখী হৈছে। ৰাঘৱে এই বিষয়টোক কেনেদৰে গ্ৰহণ কৰিছে? এই প্ৰশ্নৰ উত্তৰ নিদিয়া ৰাঘৱে এইবাৰ নিজেই বিষয়টোক লৈ মন্তব্য কৰিছে।

ৰাঘৱে কয়, ‘মই তাইক লগ পোৱাটো এক মেজিকেল ফিলিংছ৷ মোৰ জীৱনলৈ তেওঁক অনাৰ বাবে ভগৱানক সদায় ধন্যবাদ দিও৷ মোৰ জীৱনত তেওঁ আছে সেয়াই মোৰ আটাইতকৈ ডাঙৰ সুখ৷ মোৰ বিবাহক লৈ দেশবাসী যিমান সুখী মই তেওঁলোকতকৈ বেছি সুখী৷’

এজন সাধাৰণ যুৱক। চাৰ্টাৰ্ড একাউণ্টটেন্টৰ পৰা কেনেকৈ ৰাজ্যসভাৰ সদস্যলৈকে উত্থান হ’ল ৰাঘৱৰ? এই সমূহ কথাৰ উত্তৰ ৰাঘৱে নিজেই দিছে। ২০১৫ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল ৰাঘৱ চাড্ডাই৷ পোনতে কেজৰিৱালৰ দল আপ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ পদত আছিল ৰাঘৱ৷ ২০১৯ চনত দক্ষিণ দিল্লী লোকসভা সমষ্টিত প্ৰতিদন্দিতা ৰাঘৱৰ৷ সেই নিৰ্বাচনত পৰাজবৰণে ৰাঘৱক দিলে নতুন দিশৰ সন্ধান৷ ২০২০ চনত দিল্লীৰ ৰাজেন্দ্ৰ নগৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা৷ সেই নিৰ্বাচনত জয়ী হৈ ৰাঘৱে দায়িত্ব লাভ কৰিলে দিল্লী জল বোৰ্ডৰ৷ দিল্লী জল বোৰ্ডৰ উপাধ্যক্ষ পদত নিযুক্ত হয় ৰাঘৱ চাড্ডা৷

এদিন ইণ্ডিয়ান আৰ্মীত যোগদান কৰাৰ সপোন দেখা ৰাঘৱৰ জীৱনে ল’লে পৃথক এক গতি। ৰাজনৈতিক ক্ষেত্ৰখনত উত্থান হৈয়েই থাকিল ৰাঘৱৰ। বিধায়ক, জল বোৰ্ডৰ উপাধ্যক্ষৰ পাছত ৰাজ্যসভাৰ সাংসদ হ’ল ৰাঘৱ। পঞ্জাৱৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈয়েই দেশৰ ৰাজনীতিৰ জনপ্ৰিয় চেহেৰা হৈ পৰিল ৰাঘৱ। পঞ্জাৱত আপৰ উত্থানৰ আঁৰতো ৰাঘৱ চাড্ডা। কিন্তু ৰাঘৱৰ ৰাজনৈতিক কেৰিয়াৰৰ চৰ্চা যিমান হ’ল তাতোকৈ বেছি চৰ্চা হৈছে পৰিণীতিৰ সৈতে গঢ় লোৱা সম্পৰ্কক লৈহে।

সক্ৰিয় ৰাজনীতিত তেওঁৰ যোগদান সন্দৰ্ভত তেওঁ কয়, ‘ৰাজনীতিতকৈ মই এগৰাকী দেশভক্ত৷ দেশক সেৱা কৰিবলৈ আৰ্মী হ’ব নোৱাৰিলো৷ ৰাজনীতিবিদ হৈ মই দেশক সেৱা আগবঢ়াব খোজো৷ উত্তৰণৰ ৰাজনীতিত মই বিশ্বাসী৷ দেশৰ ৰাজনীতিক আগুৱাই নিবলৈ শিক্ষা পৰিসৰ বাঢ়িব লাগিব৷ মোৰ সংসাৰৰ চৰ্চাতকৈ অন্য দিশসমূহৰ আলোচনা হওক৷’

ৰাঘৱ-পৰিণীতিৰ সংসাৰলৈ সকলোৰে শুভকামনা আছে বুলি দৃঢ়বিশ্বাসী ৰাঘৱে কয়, ‘মোৰ বিবাহতকৈ দেশৰ কথা ভাৱক৷ দেশ সলাবলৈ পোনতে এই দেশৰ শিক্ষাৰ উন্নীতকৰণ হওক৷ স্বাস্থ্য সেৱাৰ উন্নীতকৰণৰ বিষয়বোৰক নজৰ দিয়ক৷’ এক ভাইৰেল খবৰ মতে আগন্তুক ৩০ ছেপ্টেম্বৰত বহু প্ৰত্যাশিত এই বিবাহ অনুষ্ঠান আয়োজন হ’ব বুলি জনাইছে বহুকেইটা সূত্ৰই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *