‘ৰাঘৱ ময়ো নাচালো!’ বোলছবি এৰি ৰাজনৈতিক মাধ্যম কিয় বাচি ল’ব লাগে? মুখ্যমন্ত্ৰীয়ে বুজাই ক’লে ৰাঘৱ ফ্লপৰ কাহিনী

‘ৰাঘৱ ময়ো নাচালো!’ বোলছবি এৰি ৰাজনৈতিক মাধ্যম কিয় বাচি ল’ব লাগে? মুখ্যমন্ত্ৰীয়ে বুজাই ক’লে ৰাঘৱ ফ্লপৰ কাহিনী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অক্টোবৰত মুক্তি লাভ কৰিছিল যতীন বৰাৰ চিনেমা ৰাঘৱে। ৰাঘৱ মুক্তিৰ পাছতেই সামাজিক মাধ্যমত ট্ৰলৰো সন্মুখীন হৈছিল যতীন বৰা। ছবিখন মুকলি হোৱাৰ পাছতেই ছবিগৃহত বহুতেই ছবিখন হীট হ’ব বুলি আশা কৰিছিল। কিন্তু আশাত চেঁচাপানী ঢালি ফ্লপ হ’ল যতীন বৰাৰ ৰাঘৱ। ছবিখন মুক্তিৰ পাছত ছবিগৃহত দৰ্শকৰ সংখ্যা আছিল তেনেই নগণ্য।

কিন্তু ৰাঘৱ ছবিখন আকৌ এবাৰ চৰ্চালৈ আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্যৱসায়ীকভাৱে কিয় বিফল ছবি হ’ল ৰাঘৱ সেই বাখ্যা দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিয় ছবিগৃহৰ পৰা আঁতৰাই দিয়া হ’ল ছবিখন সেই কথা বহুতেই বহুধৰণে উল্লেখ কৰিছিল যদিও শেহতীয়াকৈ ৰাঘৱ ফ্লপৰ প্ৰকৃত কাৰণ দাঙি ধৰিছে মুখ্যমন্ত্ৰীয়ে। সোমবাৰে পাঞ্জাবাৰীত ‘আইদেউ’ ছবিগৃহ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য।

মুখ্যমন্ত্ৰীয়ে মন্তব্যত কৈছে, ‘কেইদিনমান পূৰ্বে যতীন বৰাৰ চিনেমা এখনে মুক্তি লাভ কৰিছিল। অৱশ্যে মোৰ চোৱাৰ সুবিধা নহ’ল। চিনেমাখনকলৈও বিজেপি-কংগ্ৰেছ চলিল। এতিয়া যদি বিজেপি আৰু কংগ্ৰেছ কৰিব লাগে, আমি সকলো বিজেপি সদস্যকে চিনেমাখন চাব লাগে বুলি কলো হেতেন। সকলো বিজেপি লোকেই চিনেমাখন চাবলৈ গ’লহেতেন, চিনেমাখনো হিট হ’লহেতেন। পাৰ্টি বুলিহে চাবলৈ গ’ল হেতেন। আৰ্টিষ্ট বুলিতো কোনো নগ’লহেতেন।আজি-কালি এইধৰণৰ এটা নতুন পৰম্পৰা ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে। যিটো চলচ্চিত্ৰ উদ্যোগটোৰ বাবে বিপদৰ ঘণ্টা। মই ভাবো তেনেকুৱা সৰু-সৰু কামৰ পৰা আমি দূৰত থাকিব লাগে। ইয়াৰ ফলত দীৰ্ঘকালীন বিৰূপ প্ৰভাৱ পৰে।’

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘শিল্পীয়ে ছবি এৰি মত প্ৰকাশৰ অন্য মাধ্যম বাচি ল’লে ছবিত ক্ষতি হয়। নিজৰ মাধ্যমৰ ভিতৰত থাকিয়ে শিল্পীসকলে প্ৰতিবাদ কৰিব লাগে। নিজৰ মাধ্যমত থাকি মত প্ৰকাশ কৰিলেহে নিজস্বতা অক্ষুণ্ণ থাকে। বোলছবি এৰি ৰাজনৈতিক মাধ্যম বাচি ল’লে প্ৰশ্নটো আহিবই। শিল্পীসকলে ইমান শক্তিশালী মাধ্যম থাকোতে অন্য মাধ্যম হাইজেক কৰিবৱ দৰকাৰেই নাই।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *