ডঃ ৰাধাকৃষ্ণণৰ এইকেইটা বাণীয়ে সমাজক জ্ঞানৰ বাৰ্তা দিয়ে… জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

ডঃ ৰাধাকৃষ্ণণৰ এইকেইটা বাণীয়ে সমাজক জ্ঞানৰ বাৰ্তা দিয়ে… জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জীৱনৰ প্ৰতিটো খোজতেই আমি শিকি থাকো। শিক্ষা বুলিলে কেৱল পুথিগত বিদ্যাই নহয়। জীৱনৰ প্ৰতিটো মুহূৰ্ততেই মানুহে শিকি থাকে। জীৱনত সফল কিংবা আগুৱাই যাবলৈ প্ৰয়োজন হয় বিদ্যাৰ। আৰু এই বিদ্যা অৰ্জন সম্ভৱ হৈ উঠে শিক্ষকৰ সহযোগিতাত। তেওঁলোকেই আমাক শিক্ষা প্ৰদান কৰে। প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটোত বিশেষভাৱে শিক্ষকসকলৰ উদ্দেশ্যে পালন কৰা হয়। ১৯৯৫ চনৰ পৰা প্ৰতি বছৰে দেশত ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষেও এই দিনটো পালন কৰা হয়। তেওঁ শিক্ষাৰ বিস্তাৰৰ বাবে সমগ্ৰ জীৱনটোৱেই কাম কৰি গৈছে। সেয়ে এই মহান মনিষীগৰাকীৰ ওপজা দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কেইটামান বাণীয়ে সকলোকে সমৃদ্ধ কৰে। ৰাধাকৃষ্ণণৰ মূল্যবাণ এইকেইটা বাণী মানি চলিলে আপুনিও জীৱনত সফল হ’ব।

কিতাপৰ তাৎপৰ্য হৈছে আমাৰ সংস্কৃতিৰ মাজত সেতু নিৰ্মাণ কৰা
১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুট্টানিত এক দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছি ৰাধাকৃষ্ণণে। তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নিত নোহোৱাৰ বাবে তেওঁ স্থানীয় জমিদাৰৰ ঘৰত কম দৰমহাতেই চাকৰি কৰিছিল।

গুৰু শিষ্যৰ ভাৱধাৰা এডাল ডোলেৰে বান্ধিব লাগিব। এই সম্পৰ্কত যিমানেই স্নেহ আছে তাতকৈ বেছি শ্ৰদ্ধা আৰু বন্ধুত্বভাৱ। শিক্ষক আৰু ছাত্ৰৰ মাজত বন্ধুত্বভাৱ গঢ়ি উঠিলেহে শিক্ষাৰ প্ৰসাৰ হ’ব।

কাক প্ৰকৃত শিক্ষাবিদ বুলি মানিব?
ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰায়েই উত্থাপন হোৱা এটা প্ৰশ্ন হৈছে, কাক প্ৰকৃত শিক্ষাবিদ হিচাপে মানি চলিব? ইয়াৰ উত্তৰ ৰাধাকৃষ্ণনে দি গৈছে। তেওঁৰ মতে, এজন শিক্ষাবিদ হিচাপে সেইজন ব্যক্তিকেই মানি ল’ব লাগে যিয়ে সকলোৰে সৈতে মিলি যাব পাৰে কিন্তু তেওঁৰ সৈতে সকলোৰে মিল থাকিব নালাগিব। তেওঁ বহুক্ষেত্ৰত একক অনন্য হ’ব লাগিব।

গ্ৰন্থ কেনেকুৱা হ’ব লাগে?
কেনেকুৱা গ্ৰন্থই ছাত্ৰৰ জ্ঞানৰ পৰিধি বঢ়াই সেই কথাও কৈ গৈছে ৰাধাকৃষ্ণণে। ৰাধাকৃষ্ণণৰ মতে গ্ৰন্থ এনেকুৱা হ’ব লাগে যিয়ে বিভিন্ন সংস্কৃতিৰ মাজত যোগসূত্ৰ স্থাপন কৰে।

সুখ কেনেকৈ আহিব?
ৰাধাকৃষ্ণনৰ মতে সুখী জীৱনৰ মূল হৈছে, জ্ঞান আৰু বিজ্ঞানৰ পথেৰে খোজ কঢ়া।

ধৰ্ম সম্পৰ্কে কি কৈছিল ৰাধাকৃষ্ণনে?
ৰাধাকৃষ্ণণৰ মতে ধৰ্ম কেৱল এটা ব্যৱহাৰিক দিশহে। ধৰ্মই জীৱনৰ মূল নহয়। শিক্ষাহে জীৱনৰ প্রধান কথা।

ঈশ্বৰ সন্দৰ্ভত ৰাধাকৃষ্ণণৰ ধাৰণা কি?
সমস্ত আত্মাৰ উৰ্দ্ধত আছে ঈশ্বৰ। তেওঁ সৰ্বোচ্চ চেতনাৰ অধিকাৰী। ঈশ্বৰভক্তি অসামান্য চেতনাৰ চামিল।

জ্ঞান আহৰণ প্ৰক্ৰিয়া কেতিয়া বন্ধ হয়?
যেতিয়া ব্যক্তিৰ মনত এটা ধাৰণা যে মই সকলো জানো এই ভাৱৰ জন্ম হয় তেতিয়াই ব্যক্তিগৰাকীৰ জ্ঞান আহৰণৰ প্ৰক্ৰিয়া বন্ধ হৈ পৰে। এই শিকাৰ ইচ্ছা শেষ হ’লেই মানুহজনে আৰু জ্ঞান আহৰণ কৰিব নোৱাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *