পিতৃৰ সৈতে চুম্বনেই শেষ কৰিছিল কেৰিয়াৰ! বিতৰ্কক লৈ মুখ খুলিছে মহেশ ভাট্টৰ কন্যা পূজা ভাট্টে

পিতৃৰ সৈতে চুম্বনেই শেষ কৰিছিল কেৰিয়াৰ! বিতৰ্কক লৈ মুখ খুলিছে মহেশ ভাট্টৰ কন্যা পূজা ভাট্টে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ১৯৯০ চন। পূজা ভাট্ট আৰু মহেশ ভাট্টক এখন মেগাজিনৰ কভাৰত চুম্বনৰত এখন ফটো চপা হয়। এই ছবিখন লৈয়েই আৰম্ভ হয় বিতৰ্ক। বিষয়টো সময়ত সোঁতত পাহৰণিৰ গৰ্ভত হেৰাই গ’লেও নিজেই বিষয়টোক লৈ আকৌ এবাৰ মুখ খুলিছে পূজা ভাট্টে। এটা সাক্ষাৎকাৰত অভিনেত্ৰী তথা পৰিচালক পূজা ভাট্টে কয়, ‘এয়া এটা ভুৱা প্ৰচাৰ আছিল। সেই সময়ত মহেশ ভাট্ট আৰু মোৰ মাজৰ সম্পৰ্কক ভুলকৈ দেখুওৱা হৈছিল।’

বিশেষ সাক্ষাৎকাৰটোত পূজা ভাট্টক প্ৰশ্ন কৰা হৈছিল যে তেওঁৰ সেই ভাইৰেল ছবিখনক লৈ অনুশোচনা হয় নেকি? অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, ‘নহয় এই বিষয়টোক মই খুবেই সাধাৰণভাৱে লওঁ। মোৰ এতিয়াও মনত আছেষ শ্বাহৰুখ খানে সেই সময়ত কৈছিল, তোমাৰ যেতিয়া এগৰাকী কন্যা সন্তান জন্ম হ’ব তুমিও তোমাৰ সন্তানক মৰমেৰে চুমা দিবা। মই মোৰ দেউতাৰ মনত এতিয়াও এগৰাকী কণমানিয়েই। তেওঁৰ মনত মই এতিয়াও এজনী কণমানিয়েই।’

তেওঁ কয়, ‘এখন ফটোক আপুনি কি দৃষ্টিৰে চাই সেইটোৰ ওপৰতে সকলোবোৰ নিৰ্ভৰ কৰে। যদি আপুনি এগৰাকী কন্যা সন্তানৰ পিতৃ হয় তেতিয়া বিষয়টো বুজি পাব। ১৯৭০ চনত বিবাহপাশত আৱদ্ধ হৈছিল মহেশ ভাট্ট। প্ৰথম বিবাহত মহেশ ভাট্টৰ দুগৰাকী সন্তান। পূজা ভাট্ট আৰু ৰাহুল ভাট্ট। ১৯৮৬ চনত পুনৰ বিবাহপাশত আৱদ্ধ হয় মহেশ ভাট্ট। মহেশ ভাট্টৰ দ্বিতীয় বিবাহৰ পাছত জন্ম হয় আন দুটা সন্তান। আলিয়া ভাট্ট আৰু শ্বাহিন ভাট্ট।

মহেশ ভাট্ট আৰু ছোনিয়া ৰাজদানৰ সম্পৰ্ক বেছি দিন নিটিকিল। পূজা ভাট্টে এই সন্দৰ্ভত কয়, ‘তেওঁলোকে খুব কম বয়সত বিবাহপাশত আৱদ্ধ হৈছিল। সেয়ে তেওঁলোকৰ বিবাহো নিটিকিল। দেউতাই মোক এই বিষয়ে সকলোবোৰ কথাই কৈছে। ছোনিয়াক আমি এতিয়াও সন্মান কৰো। সম্পৰ্ক কেতিয়াও কাগজৰ দৰে হ’ব নোৱাৰে, ফালি দিলেই সকলো শেষ হ’ব তেনে কোনো কথা নাই।’ বৰ্তমান পূজা ভাট্টে বিগ বছ অটিটিতো ভাগ লৈছে। বিগত বৰ্ষত Netflixত Bombay Begums ছবিৰে প্ৰত্যাবৰ্তন কৰিছে পূজাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *