মুম্বাইৰ ছলমান খানৰ গেলেক্সীৰ সন্মুখতেই গুলীচালনা! দুই অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে তদন্ত আৰম্ভ

মুম্বাইৰ ছলমান খানৰ গেলেক্সীৰ সন্মুখতেই গুলীচালনা! দুই অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে তদন্ত আৰম্ভ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- গুলী চলিল ছলমান খানৰ ঘৰৰ কাষত। দেওবাৰে পুৱা ৫ বজাত মুম্বাইৰ গেলেক্সীৰ সন্মুখত শূন্যলৈ গুলিচালনা অজ্ঞাত ব্যক্তিৰ। অজ্ঞাত ব্যক্তিৰ পৰিচয় বিচাৰি তালাচি আৰম্ভ কৰিছে আৰক্ষীয়ে।

সংবাদ সংস্থা পিটিআইয়ে তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ছলমানৰ ঘৰৰ নিছেই কাষত চাৰি ৰাউণ্ড গুলি চলোৱা হৈছে। প্ৰাথমিকভাৱে প্ৰকাশ পোৱা তথ্য অনুসৰি শূন্য়লৈ গুলি চলোৱা হৈছে। এই গুলিত কোনো হতাহত হোৱা নাই।মুম্বাইৰ বান্দ্ৰা এলেকাৰ গেলেক্সি এপাৰ্টমেণ্টৰ বাসিন্দা ছলমান।

আৰক্ষীৰ তৰফৰ পৰা জনোৱা অনুসৰি, অপৰাধদমন শাখাৰ অধীনত এই ঘটনাৰ তদন্তত নামিছে আৰক্ষী। ফৰেন্সিক বিশেষজ্ঞৰ দলে ইতিমধ্যেই নমুনা সংগ্ৰহ কৰিছে। কি কাৰণত দুই ব্যক্তিয়ে গুলি চলাইছে সেই সন্দৰ্ভত বৰ্তমানো জানিব পৰা হোৱা নাই।

গেংষ্টাৰ লৰেন্স বিষ্ণোই আৰু গ্ৰোল্ডি ব্ৰেৰ গোষ্ঠীৰ পৰা মৃত্যুৰ ধমকি পূৰ্বেও লাভ কৰিছে ছলমান খানে। ইয়াৰোপৰি বলীউড তাৰকাক ব্যক্তিগত আগ্নেয়াস্ত্ৰ ৰখাৰ অনুমতি দিয়া হৈছে। কিছু দিন পূৰ্বেই ছলমানে এখন বুলেট প্ৰতিৰোধী বাহন ক্ৰয় কৰিছে। দেওবাৰে গুলি চলোৱাৰ ঘটনাৰ পাছতেই ছলমান ভক্তই উদ্বেগ প্ৰকাশ কৰিছে। এই বিষয়টোক লৈ অৱশ্যে বৰ্তমানলৈকো কোনো প্ৰতিবেদন প্ৰকাশ পোৱা নাই।

১৯৯৮ চনত কৃষ্ণহাৰ হৰিণ চিকাৰত ছলমানৰ নাম সাঙোৰ খাই পৰিছিল। ইয়াৰ সলনি ছলমানক হত্যা কৰাৰো ধমকি দিছিল বিষ্ণোই গোষ্ঠী। বিগত বছৰ তদন্তকাৰী সংস্থাই জনোৱা অনুসৰি কাৰাবন্দী গেংষ্টাৰ বিষ্ণোই যি ১০ জনক হত্যা কৰিম বুলি কৈছিল সেই তালিকাত প্ৰথম স্থানত আছে ছলমান খান।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *