কভিছিল্ড বিতৰ্ক! বিতৰ্কৰ পাছতেই ছাৰ্টিফিকেটৰ পৰা উধাও প্রধানমন্ত্ৰী মোদীৰ ফটো

কভিছিল্ড বিতৰ্ক! বিতৰ্কৰ পাছতেই ছাৰ্টিফিকেটৰ পৰা উধাও প্রধানমন্ত্ৰী মোদীৰ ফটো

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কৰ’নাৰ ভেকছিন চাৰ্টিফিকেটৰ পৰা উধাও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি৷ কভিছিল্ডক লৈ বিতৰ্কৰ মাজতেই তুংগত আন এক বিতৰ্ক৷ কৰ’নাৰ ভেকচিন চাৰ্টিফিকেটৰ পৰা মোদীৰ ছবি আঁতৰাই দিয়া হৈছে৷ বিৰোধীয়ে একগোট লৈ আক্ৰমণ চলাইছে শাসক শিবিৰক৷ ছাৰ্টিফিকেটত ছবি থকাৰ ওপৰিও লিখা আছিল এক বিশেষ বাৰ্তা৷ ‘আমি একেলগে কৰ’নাক পৰাস্ত কৰিম৷’

সেই ছবি আৰু বাৰ্তা হঠাতেই আঁতৰি গৈছে ছাৰ্টিফিকেটৰ পৰা৷ কভিছিল্ড ভেকচিন বিতৰ্কৰ পাছতেই নিশাৰ ভিতৰতে উধাও হৈছে প্ৰধানমন্ত্ৰী মোদীৰ ছবি৷ ছচিয়েল মিডিয়াত একাধিক নেটিজেনে কৰিছে এই বিশেষ দাবী৷ এতিয়া ভেকছিন ছাৰ্টিফিকেট ডাউনলোড কৰিবলৈ গৈ বহুতেই পোৱা নাই মোদীৰ ছবি৷ সম্প্ৰতি কভিছিল্ড প্ৰস্তুতকাৰক সংস্থা এষ্ট্ৰজেনেকাই লণ্ডনৰ আদালতত স্বীকাৰ কৰিছে যে তেওঁলোকৰ ভেকচিনৰ সামান্য পাৰ্শ্বক্ৰিয়া থাকিব পাৰে৷ এই ভেকচিনৰ কাৰণে থ্ৰম্বচাইটোপেনিয়া ছিনড্ৰম বা টিটিএছ নামৰ বিৰল ৰোগৰ সম্ভাৱনা আছে৷ বিষয়টোক লৈ বিশ্বজুৰি হৈ চৈ লাগিছে৷ প্ৰভাৱ পৰিছে ভাৰততো৷

এই দেশত ভেকচিন তৈয়াৰৰ দায়িত্ব আছিল ছেৰাম ইনষ্টিটিউটৰ ওপৰত৷ এই ছেৰামৰ বিৰুদ্ধেও ছুপ্ৰিম কৰ্টত জনস্বাৰ্থ গোচৰ ৰুজু হৈছে৷ অৱশ্যে মোদীৰ ফটো কভিছিল্ড চাৰ্টিফিকেট আঁতৰোৱাৰ কাৰণ নিৰ্বাচনী আচৰণবিধি বুলি জনাইছে স্বাস্থ্যমন্ত্ৰণালয়ে৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *