প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-দেশৰ প্ৰধানমন্ত্ৰী গৰাকী কিমান শিক্ষিত হোৱাটো প্ৰয়োজনীয়? দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ শিক্ষাগত অৰ্হতা কিমান আছিল? নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? এজন প্ৰধানমন্ত্ৰী হ’বলৈ এজন ভাৰতীয় নাগৰিকৰ শিক্ষাৰ ক্ষেত্ৰত কি কি অৰ্হতা থকাটো প্ৰয়োজনীয়? বৰ্তমানৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানিক শিক্ষা কিমান? দেশৰ প্ৰধানমন্ত্ৰী গৰাকী কিমান শিক্ষিত হোৱাটো উচিত?

দেশ স্বাধীন হোৱাৰে পৰা বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী সকল কিমান শিক্ষিত তথা তেওঁলোকে কিমান আনুষ্ঠনিক শিক্ষা লাভ কৰিছিল সেয়া জনাতো দৰকাৰ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা বৰ্তমানৰ নৰেন্দ্ৰ মোদীলৈকে কাৰ কিমান শিক্ষাগত অৰ্হতা? কোনে কিমান দক্ষতাৰে দেশ পৰিচালনা কৰিছিল? স্বাভাৱিকতে এই প্ৰশ্ন হয়টো দেশৰ প্ৰতিজন নাগৰিকে উত্থাপন কৰে। ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ কোনো ধৰাবন্ধা শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কিমান আনুষ্ঠানিক শিক্ষা লাভ কৰিলে সেই সন্দৰ্ভত কোনো বিশেষ প্ৰশ্ন নাই অথবা দেশৰ সংবিধানে সেই বিষয় উপস্থাপন কৰা নাই। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে দেশৰ প্ৰধানমন্ত্ৰী জনক নিৰ্বাচন কৰাৰ অধিকাৰ আমাৰ আছে। এজন ভাৰতীয় নাগৰিকক কোনো শিক্ষাগত অৰ্হতাৰ ওপৰত প্ৰশ্ন উত্থাপন নকৰি দেশৰ প্ৰধানমন্ত্ৰী জনক আমি নিৰ্বাচন কৰিব পাৰোঁ। মন কৰিবলগীয়া যে বৰ্তমানলৈকে স্বাধীনতাৰ ৭৫ বছৰত আমি ১৪ গৰাকী প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিলো। ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পিছত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে আসনত বহে জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ উপৰিও আইন শিক্ষা গ্ৰহণ কৰে।

জৱাহৰলাল নেহৰুৰ পিছত গুলজাৰীলাল নন্দা মাত্ৰ ১৩ দিনৰ বাবেহে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয়। তেখেতৰ পিছত লাল বাহাদুৰ শাস্ত্ৰী ১৯৬৪ চনৰ ৯ জুন তাৰিখে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। লাল বাহাদুৰ শাস্ত্ৰী শিক্ষাগত অৰ্হতাৰ দিশৰ পৰা স্নাতক ডিগ্ৰীধাৰী। লাল বাহাদুৰ শাস্ত্ৰীৰ পিছত ১৯৬৬ চনৰ ২৪ জানুৱাৰীত দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ইন্দিৰা গান্ধী। কালম্বো বিশ্ববিদ্যালয়ৰ পৰা ইন্দিৰা গান্ধীয়ে স্নাতক ডিগ্ৰী লাভ কৰে। ক্ৰমান্বয়ে মোৰাৰজী দেশাই বোম্বাই প্ৰভিন্সৰ পৰা স্নাতক ডিগ্ৰীধাৰী।

চৰণ সিং আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ। ৰাজীৱ গান্ধী কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক। এলাহাবাদ আৰু পুনা বিশ্ববিদ্যালয় পৰা বিএ আৰু এলএলবি ভি পি সিঙৰ। এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ চন্দ্ৰ শেখৰ। স্নাতক, স্নাতকোত্তৰ আৰু LLB পি ভি নৰসিংহ ৰাৱৰ। স্নাতকোত্তৰ ডিগ্ৰী অটল বিহাৰী বাজপেয়ীৰ। এইচ ডি দেৱগৌৰা, চিভিল ইঞ্জিনীয়াৰিং। ইন্দৰ কুমাৰ গুজৰাল, স্নাতকোত্তৰ। মনমোহন সিঙ, স্নাতকোত্তৰ, গৱেষক।

বৰ্তমানৰ নৰেন্দ্ৰ মোডীৰ শিক্ষাগত অৰ্হতাক লৈ বিতৰ্ক সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দাবী যে তেখেতে দূৰৱৰ্তী শিক্ষা হিচাপে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু সেই একেই বিষয়তে গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বহু সময়ত সমালোচনা হৈ আহিছে যে নৰেন্দ্ৰ মোদীৰ যি শিক্ষাগত অৰ্হতাৰ কথা দাবী কৰি আহিছে সেই ডিগ্ৰী ভুৱা। অৰ্থাৎ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সকলৰ তুলনাত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা একেবাৰে শূণ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *