সৰস্বতী পূজাৰ দিনাই মোদীৰ হাতেৰে উদ্বোধন হ’ব মুছলমান দেশৰ প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ, চাওক মন্দিৰৰ কেইখনমান বিশেষ ফটো

সৰস্বতী পূজাৰ দিনাই মোদীৰ হাতেৰে উদ্বোধন হ’ব মুছলমান দেশৰ প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ, চাওক মন্দিৰৰ কেইখনমান বিশেষ ফটো

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই এইবাৰ আবু ধাবিত নিৰ্মাণ কৰি উলিওৱা হৈছে বিশাল হিন্দু মন্দিৰ। আগন্তুক ১৪ফেব্ৰুৱাৰীত এই মন্দিৰৰ উদ্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে মন্দিৰৰ কিছু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সংযুক্ত আৰৱ আমিৰশ্বাহীৰ আবু ধাবিত মৰুভূমিৰ এক বিশেষ এলেকাত নিৰ্মাণ কৰি উলিওৱা হৈছে সুবিশাল হিন্দু মন্দিৰটো। ১৪ ফেব্ৰুৱাৰীত এই মন্দিৰ উদ্বোধনৰ পূৰ্বে চলি আছে ফিনিছিং টাচ্ছৰ কাম। চূড়ান্ত মুহূৰ্তৰ প্ৰস্তুতি এতিয়া তুংগত। ১৩ ফেব্ৰুৱাৰীত আবু ধাবিত শ্বেখ জায়েদ ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলে আয়োজন কৰা এক অনুষ্ঠানত যোগদান কৰিব। পশ্চিম এছিয়াৰ বিশেষ শিলেৰে নিৰ্মাণ কৰা হৈছে এই BAPS স্বামী নাৰায়ণ মন্দিৰ। এই মন্দিৰটো নিৰ্মাণত মুঠ খৰচ হৈছে ৭০০ কোটি টকা। অত্যন্ত সুক্ষ্ম কাৰুকাৰ্য কৰা হৈছে এই মন্দিৰত। ইতিমধ্যে মন্দিৰৰ একাধিক ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সুবিশাল এই মন্দিৰৰ ৰূপ দেখি মুগ্ধ হৈ পৰিছে প্ৰতিজন হিন্দুৱে।

৩ বছৰ ধৰি এই মন্দিৰৰ নিৰ্মাণৰ কাম অব্যাহত আছে। প্ৰায় ১৮লাখ ইটাৰে তৈয়াৰ কৰা হৈছে স্বামী নাৰায়ণ মন্দিৰ। সাতটা চূড়া বিশিষ্ট এই স্বামী নাৰায়ণ মন্দিৰ নিৰ্মাণ হৈছে ২৭একৰ মাটিৰ ওপৰত। ৰাজস্থান আৰু গুজৰাটৰ পৰা কাৰিগৰসকলক আনি আবু ধাবিত এই নিৰ্মাণৰ কাম চলোৱা হৈছে। মন্দিৰৰ বাবে মাৰ্বল পাথৰ অনা হৈছে ইটালিৰ পৰা। স্বামী নাৰায়ণ মন্দিৰৰ মজিয়া ঠাণ্ডা হৈ থাকিবৰ বাবে বিশেষ পদাৰ্থ ব্যৱহাৰ কৰা হৈছে।

আবু ধাবিত তৈয়াৰ কৰা এই হিন্দু মন্দিৰ এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ মন্দিৰ। মুঠ ১৮ লাখ ইটাৰ ব্যৱহাৰ কৰা হৈছে এই মন্দিৰত। মুঠ ৩ বছৰ সময় লাগিছে এই মন্দিৰ নিৰ্মাণত। দু’হাজাৰ কাৰিগৰৰ অক্লান্ত পৰিশ্ৰমত এই মন্দিৰ সম্পূৰ্ণ হৈ উঠিছে। সৰস্বতী পূজাৰ দিনাই মহা ধুমধামেৰে এই মন্দিৰ উদঘাটন কৰা হ’ব। ইয়াৰ পূৰ্বে দেওবাৰে ভাৰতীয় ৰাষ্ট্ৰদূত সঞ্জয় সুধীৰৰ উদ্যোগত বিশ্বৰ বিভিন্ন দেশৰ কূটনীতিবিদসকলে এই মন্দিৰ পৰিদৰ্শন কৰিব। কানাডা, বাংলাদেশ, বাহাৰিন, আৰ্জেণ্টিনা, জাৰ্মানী, নেদাৰলেণ্ডসহ ৪২ দেশৰ প্ৰতিনিধিয়ে মন্দিৰৰ শৈল্পিক কাৰুকাৰ্য চাবলৈ সেই স্থানত উপস্থিত হ’ব। BAPS হিন্দু মন্দিৰৰ মূল লক্ষ্য হৈছে, পৃথিৱীত সকলো ধৰ্মৰ মানুহৰ মাজত সম্প্ৰীতি বজাই ৰখা। এই মন্দিৰ শান্তিৰ প্ৰতীক হৈ থাকিব। সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ভাৰতৰ মাজত সম্পৰ্ক দৃঢ় আৰু অটুত কৰা। BAPSৰ স্বামী নাৰায়ণ সংস্থাৰ আন্তৰ্জাতিক বিষয় সংক্ৰান্তীয় প্ৰধান অধিকাৰী হৈছে স্বামী ব্ৰহ্মবিহাৰী দাস।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *