তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিলে কি গুৰুত্বপূৰ্ণ কাম কৰিব মোদীয়ে? নমোৱে জনাইছে বৃহৎ প্লেনৰ কথা

তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিলে কি গুৰুত্বপূৰ্ণ কাম কৰিব মোদীয়ে? নমোৱে জনাইছে বৃহৎ প্লেনৰ কথা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিব বুলি খুবেই আশাবাদী নৰেন্দ্ৰ মোদী৷ ক্ষমতালৈ আহিলে কি কি কৰিব সেই পৰিকল্পনাও তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কৈয়েই পেলাইছে৷ প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই তেওঁ তিনিটা বিশেষ কাম প্ৰথমেই কৰিব বুলি জনাইছে৷ কিন্তু এই বিশেষ ৩টা কাম কি কি? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাৎকাৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোবোৰ কথাই মুকলিকৈ জনাইছে৷

এইবাৰৰ প্ৰধানমন্ত্ৰীত্ব অন্য দুবাৰৰ তুলনাত একেবাৰেই পৃথক হ’ব বুলি জনাইছে মোদীয়ে৷ মোদীয়ে কয়, ‘ভাৰতীয় জনতা পাৰ্টীয়ে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিব বুলিয়েই মই আশাবাদী তেনে নহয় এইবাৰ NDAয়ে ৪০০ কন আসন লাভ কৰিব বুলিও মই আশাবাদী৷ এইবাৰ প্ৰধানমন্ত্ৰীৰ গাদীত বহি মোৰ কেইটামান বিগ প্লেন আছে৷’

প্ৰধানমন্ত্ৰী হিচাপে কি কি বৃহৎ প্লেন আছে মোদীৰ?

প্ৰধানমন্ত্ৰী আৱাস যোজনাক এইবাৰ বিশেষ গুৰুত্ব দিব প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়-

  • প্ৰত্যেকঘৰ লোকৰেই বিদ্যুতৰ বিল শূন্য হ’ব৷
  • অত্যাধিক পৰিমাণে উৎপাদিত হোৱা বিদ্যুৎ বিক্ৰি কৰি আয় বঢ়োৱা হ’ব৷
  • ইলেক্ট্ৰিক বাহনেৰে এনাৰ্জি চেক্টৰত আত্মনিৰ্ভৰতা বৃদ্ধি কৰা হ’ব৷ নৰেন্দ্ৰ মোদীয়ে কয়, ‘মোৰ মনে কয় যিসকলৰ হাতত ইলেক্ট্ৰিক স্কুটাৰ আছে তেওঁলোকে ঘৰতেই চলাৰৰ সহায়ত চাৰ্জ দিব পাৰে৷ ইয়াৰ ফত হাজাৰৰ পৰা দুহেজাৰ টকা পৰ্যন্ত যাতায়াতৰ খৰচ কমি যাব৷

বিগত দু’বছৰৰ প্ৰধানমন্ত্ৰীত্ব কেনে আছিল?

প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত মানুহৰ মন জয় কৰাই তেওঁৰ মূল লক্ষ্য আছিল বুলিও জনাইছে নৰেন্দ্ৰ মোদীয়ে৷ দ্বিতীয় পৰ্বত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মানুহক আশ্বাস দিয়া হৈছিল যে তেওঁলোকৰ চৰকাৰৰ দিনত জীৱনযাত্ৰা উন্নীত কৰা হ’ব৷ নমোয়ে কয়, ‘মানুহৰ আশা আকাংক্ষা ধীৰে ধীৰে বাঢ়িছে৷ বিশ্বাস তৈয়াৰ হৈছে৷ মই এই তৃতীয় পৰ্বত দেশক তৃতীয় শক্তিশালী অৰ্থনৈতিক চুপাৰ পাৱাৰত পৰিণত কৰাব বিচাৰিছো৷ একাদশৰ পৰা দেশক পঞ্চম স্থানলৈ আনিছো৷ সেয়ে মানুহৰ ভৰষাও দিনে দিনে বাঢ়িছে৷ সেই ভৰসা আমি ধৰি ৰাখিব বিচাৰো৷ মনমোহন সিঙৰ নেতৃত্বত আমাৰ দেশ অৰ্থনৈতিক দিশত বিশ্বৰ একাদশ স্থানত আছিল৷ সেই স্থানৰ পৰা ভাৰতক পঞ্চম স্থানলৈ লৈ আনিছো৷ এইবাৰ আমি চেষ্টা কৰিম ভাৰতক তৃতীয় বৃহত্তম আৰ্থিক শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ বাবে৷’

বিনামূলীয়া বিদ্যুৎ পৰিসেৱা

চলিত বছৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছে ‘মুফত বিজলি যোজনা’৷ বিনামূলীয়া বিদ্যুৎ পৰিসেৱা আগবঢ়াবলৈকে এই প্ৰকল্প তৈয়াৰ কৰা হৈছে৷ এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ পৰা মুঠ ৭৫ হাজাৰ কোটি টকাৰ বাজেটো ধৰা হৈছে৷ প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ দিয়া হ’ব প্ৰত্যেকৰে ঘৰে ঘৰে৷ স্থানীয় প্ৰশাসন আৰু পঞ্চায়তৰ সহায়ত এই প্ৰকল্পৰ আওতাত প্ৰত্যেকৰে ছাদত ছলাৰ পেনেল লগোৱাৰ প্ৰক্ৰিয়াও আৰম্ভ হ’ব৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *