প্ৰধানমন্ত্ৰী মোদী নিসন্তান নহয়! কন্যাদান কৰি এইবাৰ পিতৃ হ’ল প্ৰধানমন্ত্ৰী মোদী, কাৰ কন্যাদান কৰিলে প্ৰধানমন্ত্ৰীয়ে?

প্ৰধানমন্ত্ৰী মোদী নিসন্তান নহয়! কন্যাদান কৰি এইবাৰ পিতৃ হ’ল প্ৰধানমন্ত্ৰী মোদী, কাৰ কন্যাদান কৰিলে প্ৰধানমন্ত্ৰীয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- তেওঁ নিঃসন্তান। বৃহস্পতিবাৰে পিতৃৰ ভূমিকাত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। বিগত কেইবাদিন ধৰি দক্ষিণ ভাৰতৰ বিভিন্ন মন্দিৰ দৰ্শন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। বৃহস্পতিবাৰে তেওঁ কেৰালাৰ ত্ৰিশূৰৰ গুৰুভায়ুৰ শ্ৰীকৃষ্ণ মন্দিৰলৈ গৈছিল। তাতেই পূজাৰ অন্তত মোদীয়ে এখন বিবাহৰ অনুষ্ঠানতো যোগদান কৰে। সেই বিশেষ বিয়াখনতেই মোদীয়ে কন্যাদানো কৰিছে। সাধাৰণতে কন্যাদানৰ দায়িত্ব পালন কৰে পিতৃয়ে। পিতৃৰ অৱৰ্তমানত খুৰাক, বৰদেউতাক আদিয়ে এই দায়িত্ব পালন কৰে। কিন্তু মোদীয়ে অংশগ্ৰহণ কৰা বিবাহখনত পিতৃ উপস্থিত আছিল। পিতৃ উপস্থিত থকাস্বত্ত্বেও মোদীয়ে বিয়াখনত কন্যাদান কৰে। কিছু ক্ষণৰ বাবে তেওঁ কন্যাৰ পিতৃৰ দায়িত্ব লয়। বিয়াৰ অনুষ্ঠানত এজন পিতৃয়ে পালন কৰিবলগা সকলোবোৰ দায়িত্বই তেওঁ নিজৰ কান্ধত তুলি লয়।

সেই নৱদম্পত্তিহাল আন কোনো নহয়, সেই কইনাগৰাকী হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ সুৰেশ গোপীৰ কন্যা। সুৰেশ এজন খ্যাতনামা মালয়ালম অভিনেতা। ইয়াৰোপৰি তেওঁ এজন ৰাজনীতিবিদো। বিজেপি দলক প্ৰতিনিধিত্ব কৰি তেওঁ ৰাজ্যসভাৰ সাংসদো হৈছে। হয়তো এইবাৰো বিজেপি দলে তেওঁক লোকসভা নিৰ্বাচনত টিকট দিব। নিজ কন্যাৰ বিবাহৰ বাবে তেওঁ দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি আমন্ত্ৰণ জনাইছিল। দক্ষিণী ছুপাৰষ্টাৰৰ কন্যাৰ বিয়াত সেয়ে বিশেষ অতিথি হৈ উপস্থিত হৈছিল প্রধানমন্ত্ৰী মোদী।

https://twitter.com/TheSureshGopi/status/1747529146136416505/photo/2

দক্ষিণী সংবাদমাধ্যমে প্ৰকাশ কৰামতে এই অনুষ্ঠানত মোদীয়ে প্ৰথমে দৰাৰ হাতত কইনাৰ হাত তুলি দিয়ে। মালা সলনিৰ পাছতেই নৱদম্পত্তিয়ে মোদীৰ ভৰি চুই সেৱাও কৰিছে। কইনাক তেওঁ নিজহাতে দৰাৰ হাতত তুলি দিয়ে। কইনা দানৰ সকলো পৰম্পৰা তেওঁ অনুসৰণো কৰে। এই শুভ কাম সম্পন্ন কৰাৰ সময়ত মোদীয়ে পৰিধান কৰিছিল দক্ষিণ ভাৰতৰ বিশেষ পোছাক বগা ছাৰ্ট আৰু লুঙী। ডিঙিতো বিশেষ বগা গামোছা। সোনালী পাৰিৰ বগা ধুঁতি পিন্ধি যোৱা মোদীয়ে বিবাহৰ অনুষ্ঠানত উপস্থিত থকা সকলোকে প্ৰণামো জনাই। ঠিক পিতৃয়ে যেনেকৈ আলহীক অভ্যৰ্থনা কৰে তেনেদৰেই মোদীয়ে সকলোকে অভ্যৰ্থনা জনাই।

সুৰেশে নিজেই এই অনুষ্ঠানৰ ছবি এক্স হেণ্ডেলত প’ষ্ট কৰিছে। সুৰেশৰ কন্যাৰ নাম ভাগ্য। জোঁৱায়েকৰ নাম শ্ৰেয়ছ। দক্ষিণী ছুপাৰষ্টাৰগৰাকীয়ে এক্স হেণ্ডেলত লিখিছে, ‘গুৰুভায়ুৰ মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আমাৰ সন্তানৰ শুভবিবাহ সম্পন্ন হৈছে। আপোনালোকে আমাৰ সন্তানক আশীৰ্বাদ কৰিব।’

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *