জন্মদিনত প্ৰতিবাৰেই চমক! ১০ বছৰত দেশবাসীক কি কি উপহাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে?

জন্মদিনত প্ৰতিবাৰেই চমক! ১০ বছৰত দেশবাসীক কি কি উপহাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৭৩ বছৰত ভৰি দিলে ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটৰ ভদনগৰ এলেকাত জন্মগ্ৰহণ কৰিছিল প্রধানমন্ত্ৰী মোদীয়ে। ২০১৪ চনৰ ১৭ ছেপ্টেম্বৰত প্রধানমন্ত্ৰী হিচাপে প্ৰথমটো জন্মদিন পালন কৰিছিল প্রধানমন্ত্ৰী মোদীয়ে। মাতৃৰ আশীৰ্বাদ লৈ সেইদিনাই নৰেন্দ্ৰ মোদীয়ে ১১ টা জনসেৱামূলক প্ৰকল্পৰ উদ্বোধন কৰিছিল। তাৰপিছতেই প্ৰতিবছৰে তেওঁৰ জন্মদিনত দেশবাসীক উদ্দেশ্যি কোনোবা নহয় কোনোবা বৃহৎ উদ্যোগ হাতত লৈ আহিছে প্ৰধানমন্ত্ৰীয়ে।

এই বছৰ তেওঁ উদ্বোধন কৰিব যশভূমি কনভেনছন চেণ্টাৰ। সমগ্ৰ দেশজুৰি তেওঁৰ জন্মদিনত একাধিক কাৰ্যসূচীও লৈছে গেৰুৱা শিৱিৰে। নমো বিকাশ সেৱা দিৱস হিচাপে এই দিনটোক উদযাপন কৰিছে গেৰুৱা শিৱিৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্প্ৰতি বিশ্বৰ সকলোতকৈ জনপ্ৰিয় নেতা বুলিও এটা টেগ লাভ কৰিছে। সেয়ে এইগৰাকী জনপ্ৰিয় নেতাক পুৱাৰে পৰাই ভিন্নজনে পঠিওৱা শুভেচ্ছামূলক বাৰ্তা দেখা গৈছে এক্স হেণ্ডেলতো। বিৰোধী নেতা ৰাহুল গান্ধীৰ পৰা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূলৈকে সকলোৱেই শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক।

বিগত ১০ বছৰত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ওপজা দিনত সমাজহিতৈষী কাম হাতত লৈ আহিছে। এইবাৰো তেওঁ পিছপৰি ৰোৱা নাই। সন্মুখত যিহেতু লোকসভা নিৰ্বাচনো সেয়ে এইবাৰ ওপজা দিনটোত চমক দিবলৈ ত্ৰুটি এটা নাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই বৰ্ষৰ ওপজা দিনত কি চমক দিছে প্রধানমন্ত্ৰীয়ে?

এই বৰ্ষৰ ওপজা দিনত প্রধানমন্ত্ৰী মোদীয়ে দিল্লীৰ দ্বাৰকানগৰত ‘যশভূমি’ নামৰ ইণ্ডিয়া ইণ্টাৰনেশ্ব্যনেল চেণ্টাৰ মুকলি কৰিছে। ইয়াৰোপৰি তেওঁ দিল্লী বিমানবন্দৰত মেট্ৰ লাইনো মুকলি কৰিছে। আজিৰে পৰা বিশ্বকৰ্মা যোজনাও মুকলি কৰিছে মোদীয়ে। বিশ্বকৰ্মা যোজনাত ১৩ হাজাৰ কোটি টকা ব্যয় কৰিছে মোদীয়ে। এই প্ৰকল্পৰ জৰিয়তে মাইক্ৰ, ক্ষুদ্ৰ উদ্যোগীসকলক সহায় কৰিব বুলিও জনাইছে মোদীয়ে।

জন্মদিনৰ ১০ বছৰত চমকৰ ওপৰত চমক
২০১৪ চনত কি প্ৰকল্প হাতত লৈছিল মোদীয়ে?
২০১৪ চনত ভাৰতলৈ আহিছিল চীনৰ প্ৰেছিডেণ্ট ঝি জিনপিং। মোদীয়ে সেইদিনা তেওঁৰ মাতৃৰ আশীৰ্বাদো লৈছিল। ইয়াৰোপৰি সেইদিনা গুজৰাটৰ যুৱ সমাজ, মহিলা আৰু পিছপৰা শ্ৰেণীৰ লোকৰ বাবে ১১ টা বিশেষ প্ৰকল্প হাতত লৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

২০১৫ত কি প্ৰকল্প লৈছিল মোদীয়ে?
১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ ৫০ বছৰ উপলক্ষ্যে মোদীয়ে শ্বহীদসকলক শ্ৰদ্ধাজ্ঞলি দিবলৈ গৈছিল।

২০১৬ চনৰ ওপজা দিনত কি পন্থা হাতত লৈছিল মোদীয়ে?
সেইবাৰৰ ওপজা দিনত মোদীয়ে মাতৃৰ পৰা আশীৰ্বাদ লৈ দিনৰ বেলা দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৈতে এখন মিটিং সম্বোধন কৰিছিল।

২০১৭ চনত কি কৰিছিল মোদীয়ে?
২০১৭ চনতো মোদীয়ে মাতৃ হীৰাবেন মোদীৰ আশীৰ্বাদ লৈ চৰ্দাৰ সৰোবৰ প্ৰকল্প সম্বোধন কৰিছিল।

২০১৮ চনত কি প্ৰকল্প হাতত লৈছিল মোদীয়ে?
২০১৮ চনত মোদীয়ে কেক কাটিছিল বাৰাণসীত। তাতেই এখন প্ৰাইমাৰী স্কুলৰ শিক্ষাৰ্থীৰ সৈতে সময় অতিবাহিত কৰিছিল প্ৰধানমন্ত্ৰীয়ে।

২০১৯ত হাতত কি প্ৰকল্প আছিল?
২০১৯ত প্রধানমন্ত্ৰী মোদীয়ে গুজৰাটত নমামী নৰ্মদা প্ৰকল্প উদ্বোধন কৰিছিল। ইয়াৰোপৰি খালভানো ইকো টুৰিজিম চাইট, কেকটাছ গাৰ্ডেন আৰু একতা নাৰ্ছাৰী উদ্বোধন কৰিছিল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

২০২০ চনত কি প্ৰকল্প হাতত লৈছিল মোদীয়ে?
সেই বৰ্ষত মোদীয়ে সপ্তাহজোৰা সেৱা প্ৰকল্প নামৰ কাৰ্যসূচী হাতত লৈছিল। সেই কৰ্মসূচীৰ মাজত আছিল খাদ্য সামগ্ৰী বিতৰণ, ৰক্তদান, চকু চিকিৎসা শিৱিৰ স্থাপন কৰিছিল।

২০২১ চনত কি প্ৰকল্প হাতত লৈছিল মোদীয়ে?
২০২১ বৰ্ষৰ জন্মদিনত মোদীয়ে ২২৬ কোটি কোভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছিল।

২০২২ চনত কি প্ৰকল্প লৈছিল মোদীয়ে?
২২ বৰ্ষত মোদীয়ে ওপজা দিনত মধ্যপ্ৰদেশত আছিল। সেইবাৰ তেওঁ নামিবিয়াৰ পৰা চিতা ভাৰতলৈ আনিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *