মুদ্ৰা যোজনাৰ অধীনত ২০লাখ পৰ্যন্ত ঋণৰ গেৰেণ্টি মোদীৰ, কেনেকৈ কৰিব আবেদন?

মুদ্ৰা যোজনাৰ অধীনত ২০লাখ পৰ্যন্ত ঋণৰ গেৰেণ্টি মোদীৰ, কেনেকৈ কৰিব আবেদন?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- লোকসভা নিৰ্বাচনৰ পূৰ্বে মূদ্ৰা যোজনাক লৈ ডাঙৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেওবাৰে সংকল্প পত্ৰ অর্থাৎ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে বিজেপিয়ে। তাতেই কেন্দ্ৰৰ শাসকদলে দিছে কেইবাটাও প্ৰতিশ্ৰুতি। পুনৰ এবাৰ ক্ষমতালৈ আহিলে প্ৰধানমন্ত্ৰীয়ে মূদ্ৰা যোজনাৰ অধীনত ২০লাখ পৰ্যন্ত ঋণ দিয়াৰ কথাও ঘোষণা কৰিছে।

কেনেকৈ এই প্ৰকল্পত আৱেদন কৰিব?

পকেটত পৰ্যাপ্ত পুঁজি নাথাকিলেও ব্যৱসায় আৰম্ভ কৰাৰ সপোন বহু মানুহৰ থাকে। ব্য়ৱসায় কৰি আৰ্থিকভাৱে সক্ষম হোৱাৰ ইচ্ছা যিসকলৰ আছে তেওঁলোকে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত ঋণ গ্ৰহণ কৰিব পাৰিব। এই প্ৰকল্পৰ অধীনত ঋণ ল’ব পাৰিব দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলেও।  NSSOৰ এক সমীক্ষা অনুসৰি দেশত প্ৰায় ৫কোটি ৭৭লাখ ক্ষুদ্ৰ উদ্যোগী আছে। ইয়াৰ সৈতে যুক্ত হৈ আছে ১২ কোটি মানুহ। কম পৰিমানৰ পুঁজিৰেই ব্যৱসায় চলাই আছে বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে। বেছিভাগৰ সৈতে বেংকৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে যাতে ঋণ লৈ ব্যৱসায় চলাই উন্নতি কৰিব পাৰে সেয়ে ২০১৫ চনৰ ৮এপ্ৰিলৰ পৰা Pradhan Mantri MUDRA Yojana (PMMY) আৰম্ভ হৈছে।

কিমান টকাৰ ঋণ লাভ কৰিব মুদ্ৰা যোজনাৰ অধীনত?

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ আওতাত মুঠ তিনিটা প্ৰকল্প আছে। শিশু, কিশোৰ আৰু তৰুণ। শিশু প্ৰকল্পৰ ৫০হাজাৰ টকা, কিশোৰ প্ৰকল্পত ৫০হাজাৰৰ পৰা ৫লাখ টকা আৰু তৰুণ প্ৰকল্পত ১০লাখ পৰ্যন্ত ঋণ লাভ কৰিব পাৰে। এই ঋণ ল’বলৈ অৱশ্যে কেইটামান চৰ্ত মানিব লাগিব। কোনো ব্যক্তিগত কাৰণত আপুনি এই প্ৰকল্পৰ অধীনত ঋণ ল’ব নোৱাৰিব।

কি কি চৰ্ত সাপেক্ষে এই ঋণ পাব?

যিকোনে এজন ভাৰতীয় নাগৰিকে এই প্ৰকল্পৰ অধীনত ঋণ ল’ব পাৰে। যিয়ে ঋণ ল’ব খোজে তেওঁৰ বয়স ১৮ বছৰৰ ওপৰত আৰু ৬৫ বছৰৰ তলত হ’ব লাগিব।

যদি কিশোৰ বা তৰুণে মুদ্ৰা যোজনাৰ আওঁতাত ঋণ ল’ব খোজে তেন্তে তেওঁলোকে ব্যৱসায় আৰু ব্যক্তিগত লেনদেনৰ নথি বেংকত জমা দিব লাগিব। ১২ মাহৰ বেংক ষ্টেটমেণ্ট দিব লাগিব। ইয়াৰ সৈতে ব্যৱসায়ৰ আয়ৰ প্ৰমাণপত্ৰও জমা দিব লাগিব। সমস্ত বেংকৰ শাখাৰ পৰাই এই ঋণ পাব আবেদনকাৰীয়ে।

আবেদনকাৰীৰ এখন পৰিচয়পত্ৰ, বৰ্তমান বাসস্তানৰ ঠিকনা, আয়ৰ প্ৰমাণপত্ৰ বা ইনকাম টেক্স জমা দিয়াৰ নথি, বেংক ষ্টেটমেণ্ট, যি ব্যৱসায় কৰিছে তাৰ প্ৰমাণপত্ৰ আৰু কিমানদিন ধৰি ব্যৱসায় চলাইছে তাৰ নথিও জমা দিব লাগিব।মুদ্ৰা লোণৰ ৫০ হাজাৰ টকাৰ ক্ষেত্ৰত কোনো প্ৰচেছিং ফি নালাগে। তাতকৈ বেছি ঋণ ল’লে  ০.৫০ শতাংশ হাৰত এই প্ৰচেছিং ফি লাগিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *