ঘৰত এজোপা ডালিম গছ এইকেইটা কাৰণতেই ৰুই থব, মা লক্ষ্মী সুখী হোৱাৰ লগতে হ’ব এইকেইটা পৰিবৰ্তনো

ঘৰত এজোপা ডালিম গছ এইকেইটা কাৰণতেই ৰুই থব, মা লক্ষ্মী সুখী হোৱাৰ লগতে হ’ব এইকেইটা পৰিবৰ্তনো

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হিন্দুধৰ্মত বিভিন্ন গছ আৰু বৃক্ষৰ বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিভিন্ন গছত বিভিন্ন দেৱতাই বাস কৰে বুলি সনাতন ধৰ্মত বিশ্বাস কৰা হয়। ভাৰতীয় সমাজত গছ শুভ শক্তিৰ প্ৰতীক আৰু গছৰ পৰা নানান ঔষধো তৈয়াৰ কৰা হয়। ঘৰত থকা গছৰ শুভ প্ৰভাৱত সংসাৰত সুখ,শান্তি আৰু সমৃদ্ধি অটুত থাকে। তুলসী গছ, মানি প্লেন্টৰ দৰে গছ ঘৰত থকাটো অত্যন্ত শুভ বুলি কোৱা হয়। এইসমূহৰ ওপৰিও এবিধ বিশেষ গছ ঘৰত থকাটো খুবেই জৰুৰী। সেয়া হৈছে বেদনা বা ডালিমৰ গছ। হিন্দু শাস্ত্ৰমতে ডালিম গছত লক্ষ্মীৰ বসবাস।

ডালিম গছৰ মাহাত্ম্য
বাস্তুশাস্ত্ৰমতে ঘৰত ডালিম বা বেদনা গছ থাকিলে পজিটিভ এনাৰ্জি প্ৰবাহিত হৈ থাকে। ঘৰত বেদনা গছ থাকিলে সেই ঘৰত মা লক্ষ্মীয়ে বসবাস কৰে বুলি প্ৰচলিত বিশ্বাস। ইয়াৰোপৰি তেনে সংসাৰত কেতিয়াও অৰ্থ সংকটে দেখা নিদিয়ে। বেদনা বা ডালিম গছৰ শুভ প্ৰভাৱ ঘৰৰ সদস্যসকলৰ ওপৰত পৰে যাৰ ফলৰ গ্ৰহ দোষ কাটি যায় আৰু ঘৰত থকা বাস্তু দোষো দুৰ হয়।

ডালিম গছ ক’ত ৰুব?
বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ সন্মুখত ডালিম গছ ৰুলে তাৰ শুভ ফল লাভ কৰা সম্ভৱ হয়। চোতালৰ মাজভাগত কিন্তু ডালিম গছ ৰুব নালাগে। চোতালৰ মাজভাগত ৰুলে সমস্যাৰহে সৃষ্টি হয়। ইয়াৰোপৰি আৰ্থিক সংকটো আহিব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ সন্মুখত ডালিম গছ ৰোৱাটো শুভ।

ডালিম গছ মা লক্ষ্মীৰ বাস
মা লক্ষ্মীক তুষ্ট কৰিবলৈ ঘৰৰ মূল দুৱাৰৰ দক্ষিণ দিশত এজোপা ডালিম গছ ৰোৱাটো অত্যন্ত শুভ। ইয়াৰ ফলত মা লক্ষ্মী সন্তুষ্ট হয় আৰু আশীৰ্বাদ বৰ্ষণ কৰে। সংসাৰৰ অভাৱ অনাটন দূৰ হয়। সেই সংসাৰত কেতিয়াও সুখ সম্পদৰ অভাৱ নহয়।

ঘৰৰ কোনটো কোণত এই গছ ৰুৱ নালাগে?
বাস্তুশাস্ত্ৰ অনুসৰি ডালিম গছ ৰোৱাটো শুভ হ’লেও ঘৰৰ বাওঁ দিশত কেতিয়াও এই গছ ৰুব নালাগে। কাৰণ ঘৰৰ এই দিশত ডালিম গছ থাকিলে ঘৰত নিগেটিভ এনাৰ্জি তৈয়াৰ হয়। ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলৰ মাজত অশান্তি বাঢ়ে। ডালিম গছ সদায়ে ঘৰৰ সোঁ ফালে ৰুব। তেতিয়া অৱশ্যেই মা লক্ষ্মীয়ে সংসাৰত অৱস্থান কৰিব।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *