সমালোচনাৰ উৰ্দ্ধত পীয়ুষ! মন্ত্ৰী পীয়ুষে মনে মনেই কৰিলে এই কাম, শুনিলে আপুনিও দিব ধন্যবাদ

সমালোচনাৰ উৰ্দ্ধত পীয়ুষ! মন্ত্ৰী পীয়ুষে মনে মনেই কৰিলে এই কাম, শুনিলে আপুনিও দিব ধন্যবাদ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সমালোচনাৰ উৰ্ধত এই মহানুভৱতা৷ প্ৰতিসময়তে পীয়ুষ হাজৰিকাক প্ৰায়সংখ্যক লোকেই সমালোচনা কৰে৷ প্ৰতিটো কথা প্ৰতিটো কামতেই সমালোচনা চলে৷ মনে মনে এই মানুহজনেই কৰি আছে কিছু মহৎ কামো৷ সেই মহৎ কামৰ চৰ্চা কিন্তু খুব কমেই হয়৷ পীয়ুষ হাজৰিকাই গোপনে কৰা এই কাম জানিলে আপুনিও তেওঁক ধন্যবাদ জ্ঞাপন কৰাত কৃপণালী নকৰে৷

তিনিটা ঘাটমাউৰা শিশু৷ আপোন বুলিবলৈ তিনিওৰে কাষত কোনো নাই৷ খুব কম বয়সতে পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা সেই শিশুকেইটিৰ কাষত থিয় হ’বলৈকো কোনো নাছিল৷ সেই শিশুকেইটিৰ কাষত থিয় হ’ল মন্ত্ৰী পীয়ুষ হাজৰিকা৷ থিয় হোৱাই নহয় শিশুকেইটিৰ ভৱিষ্যৎ সুৰক্ষিত হোৱাকৈ কৰি পেলালে মহৎ কাম৷ তিতাবৰৰ পিতৃ-মাতৃহীন শিশুকেইটাৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ব্যক্তিগত প্ৰয়াস গ্ৰহণ কৰিছে মন্ত্ৰী পীয়ুষে৷

মন্ত্ৰী পীযুষ হাজৰীকাই নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৰহাটলৈ যোৱাৰ সময়ত এই খবৰ লাভ কৰিছিল৷ তিতাবৰৰ মাতৃহীন তিনিটা কণমানিৰ পিতৃৰো অকাল বিয়োগৰ খবৰ লাভ কৰিয়েই তেওঁ তাৎক্ষণিকভাৱে কিছু আৰ্থিক সাহায্য আগবঢ়াই৷ সেই আৰ্থিক সাহায্য দিলেও মনটোৱে শিশুকেইটিৰ কথাকে মনত পেলাই আছিল৷ সেই শিশুকেইটিৰ চকুলোৱে তেওঁক শুবলৈ  দিয়া নাছিল৷ শেহতীয়াভাৱে সেয়ে কণমানিকেইটাৰ ভৱিষ্যতৰ কথা ভাৱিয়েই তেওঁলোকৰ একাউণ্টত ৭লাখ টকা ১৫ বছৰলৈ ফিক্সড কৰি দিয়ে পীয়ুষ হাজৰিকাই৷ শিশুকেইটিৰ বেংক একাউণ্ট নথকাৰ বাবে মন্ত্ৰী পীয়ুষে জিলা উপায়ুক্তক তেওঁলোকৰ নামত এটা একাউণ্ট খুলি দিবলৈ নিৰ্দেশ দিয়ে৷ মন্ত্ৰীগৰাকীয়ে ফিক্সড ডিপজিট কৰা ধনৰ সুদ হিচাপে কণমানিকেইটাৰ চেভিংছ একাউণ্টত মাহিলী ৩হাজাৰ টকাকৈ সোমাই থাকিব৷ ১৫ বছৰৰ পাছত সেই জমা ৭লাখো শিশুকেইটিয়ে লাভ কৰিব৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *