মহালয়াত ৰাশি মানি দান কৰক এই সামগ্ৰী! সুখী হৈ পিতৃলোকলৈ উভতি আহিব পূৰ্বপুৰুষ

মহালয়াত ৰাশি মানি দান কৰক এই সামগ্ৰী! সুখী হৈ পিতৃলোকলৈ উভতি আহিব পূৰ্বপুৰুষ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আহিন মাহৰ কৃষ্ণ পক্ষৰ অমাবস্যা তিথিত সৰ্বপিতৃ অমাবস্যা৷ এই তিথিতেই মহালয়া৷ এই দিনটোতেই পিতৃপক্ষৰ অৱসান ঘটি দেৱীপক্ষৰ সূচনা হয়৷ হিন্দু ধৰ্মত মহালয়াৰ বিশেষ মাহাত্ম্য আছে৷ কাৰণ এই দিনটোতেই পূৰ্বপুৰুষৰ উদ্দেশ্যে তৰ্পণ, শ্ৰাদ্ধকৰ্ম, দানপূণ্য কৰা হয়৷ শাস্ত্ৰমতে সৰ্বপিতৃ অমাবস্যা বা মহালয়াত নিজৰ ৰাশি মানি দান কৰাটো অত্যন্ত শুভ৷ ইয়াৰ ফলত পূৰ্বপুৰুষসকল শীঘ্ৰেই প্ৰসন্ন হয়৷ ব্যক্তিৰ জীৱনৰ পৰা সকলো সমস্যাৰেই অৱসান ঘটে৷ কাইলৈ মহালয়া৷ মহালয়াৰ দিনটোত কোন ৰাশিৰ জাতকে কি দান কৰিলে শুভ ফল পাব?

মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মঙল৷ সৰ্বপিতৃ অমাবস্যাত মাটি, ৰঙা বস্তু, ফল, পোছাক, তামৰ বাচন দান কৰিব পাৰে৷ ইয়াৰোপৰি এই দিনটোত আপুনি দৰিদ্ৰসকলকো খাদ্য দিব পাৰে৷
বৃষ ৰাশি
জ্যোতিষ পৰামৰ্শ অনুসৰি বৃষ ৰাশিৰ জাতকে মহালয়াৰ দিনা পায়স, চাউল, গাখীৰ দান কৰাটো শুভ৷ বগা কাপোৰো দান কৰিব পাৰে৷
মিথুন ৰাশি
সৰ্বপিতৃ অমাবস্যাৰ দিনা আমলখি, আঙুৰ, মগু দাইল, প্ৰবাল দান কৰিলে শুভ৷ চৰাইকো খাদ্য খোৱাব কৰিব পাৰে৷
কৰ্কট ৰাশি
সৰ্বপিতৃ অমাবস্যাৰ দিনা কৰ্কট ৰাশিৰ জাতকে নাৰিকল, ধান দান কৰাৰ ওপৰিও গোটা বাদাম প্ৰবাহিত পানীত উটোৱাই দিলে সুফল পাব৷ দৰিদ্ৰলোকক খাদ্য খোৱাব পাৰে৷
সিংহ ৰাশি
এই ৰাশিৰ অধিপতি হৈছে সূৰ্য৷ এই ৰাশিৰ লোকে সৰ্বপিতৃ অমাবস্যাত সোন, খেজুৰ, অন্ন দান কৰাটো শুভ৷ ইয়াৰোপৰি এই তিথিত পূৰ্বপুৰুষৰ নামত শ্ৰাদ্ধ আৰু তৰ্পণ কৰক৷

কন্যা ৰাশি
কন্যা ৰাশিৰ লোকে মহালয়াৰ দিনা গুড় দান কৰিব পাৰে৷ ইয়াৰোপৰি আমলখি, মগু দাইল, আঙুৰ আৰু বগা পোছাক দান কৰিব পাৰে৷ এই তিথিত কাপোৰ দান কৰাটো শুভ৷ দৰিদ্ৰ অসহায় লোকক ভোজন আগবঢ়াব পাৰে৷
তুলা ৰাশি
শুক্ৰ এই ৰাশিৰ অধিপতি৷ এই ৰাশিৰ লোকে বগা কাপোৰ, ফল, ৰসগোল্লা, চাউল, গাখীৰেৰে তৈয়াৰী ভোজন আগবঢ়াব পাৰে৷ পায়সো দান কৰিব পাৰে৷

বৃশ্চিক ৰাশি
সৰ্বপিতৃ অমাবস্যাত দক্ষিণাসহ মাটিৰ ঢেলা দান কৰক৷ সম্ভৱ হ’লে ভূমি দানো কৰিব পাৰে৷ ইয়াৰোপৰি মছুৰ দাইল, ৰঙা পোছাক, গুড় দান কৰাটো শুভ৷ পূৰ্বপুৰুষৰ নামেৰে ৫গৰাকী দৰিদ্ৰ ব্যক্তিক দুই ৰঙৰ কম্বল বা গৰম পোছাক বিতৰণ কৰক৷

ধনু ৰাশি
এই ৰাশিৰ অধিপতি বৃহস্পতি৷ সৰ্বপিতৃ অমাবস্যাৰ দিনা ৰাম লিখা পোছাক, ধৰ্মীয় গ্ৰন্থ দান কৰক৷ তীৰ্থক্ষেত্ৰত দৰিদ্ৰসকলক খাদ্য দিয়ক৷

মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকে সৰ্বপিতৃ অমাবস্যাত তিলৰ তেল, ক’লা তিল দান কৰক৷ পূৰ্বপুৰুষৰ নামত শনি মন্দিৰত দৃষ্টিহীন আৰু দিব্যাংগসকলক খাদ্য খোৱাওক৷
কুম্ভ ৰাশি
শনিৰ প্ৰিয় ৰাশি কুম্ভৰ জাতকসকলে মহালয়াত তিল তেল, কলা তিল, তেলেৰে তৈয়াৰ কৰা খাদ্যদ্ৰব্য দান কৰা উচিত৷ ইয়াৰোপৰি ১১টা নাৰিকল লৈ পূৰ্বপুৰুষৰ স্মৰণ কৰি এই নাৰিকল প্ৰবাহিত পানীত উটোৱাই দিয়ক৷
মীন ৰাশি
মীন ৰাশিৰ অধিপতি বৃহস্পতি৷ সৰ্বপিতৃ অমাবস্যাৰ দিনা গীতা, ৰামায়ণ দান কৰক৷ ইয়াৰোপৰি হালধীয়া ৰঙৰ পোছাক দান কৰিব পাৰে৷ দৰিদ্ৰ অসহায়সকলক গাখীৰেৰে তৈয়াৰ কৰা খাদ্য দান কৰিব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *