সূৰ্যগ্ৰহণৰ কাৰণে নষ্ট হ’ব পাৰে আপোনাৰ স্মাৰ্টফোন! জানি থওক NASAৰ সতৰ্কবাণী

সূৰ্যগ্ৰহণৰ কাৰণে নষ্ট হ’ব পাৰে আপোনাৰ স্মাৰ্টফোন! জানি থওক NASAৰ সতৰ্কবাণী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-৮এপ্ৰিল ২০২৪ তাৰিখে সূৰ্যগ্ৰহণ। এই পৰিস্থিতিত আপোনাৰ কিছু সামগ্ৰীৰ যত্ন লোৱাটো খুবেই জৰুৰী। সূৰ্যগ্ৰহণক লৈ নাছাই দিছে কেইটামান বিশেষ ভৱিষ্যদ্বাণী। মোবাইল ব্যৱহাৰকাৰীসকলৰ বাবে নাছাই দিছে এই ভৱিষ্যদ্বাণী। সূৰ্যগ্ৰহণৰ সময়ত এজন মোবাইল ইউজাৰকাৰীয়ে কি কি কৰিব?

বিজ্ঞানীৰ দাবী যে সূৰ্যগ্ৰহণ কেতিয়াও খালী চকুৰে চাব নালাগে। খালী চকুৰে চালে চকুৰ ক্ষতি হ’ব পাৰে। সূৰ্যগ্ৰহণ পৰ্যবেক্ষণ কৰিবলৈ অপটিকেল ডিভাইছ বা ভাল চছমা ব্যৱহাৰ কৰিব। নাছাই জনোৱা অনুসৰি সূৰ্যগ্ৰহণৰ সময়ত মোবাইল ফোনৰ কেমেৰা ব্যৱহাৰ কৰিলে কেমেৰা চেঞ্চৰৰ ক্ষতি হ’ব পাৰে।

কি কৰা উচিত?

সূৰ্যগ্ৰহণৰ সময়ত ফোন ব্যৱহাৰ কৰাৰ সময়ত এটা প্ৰটেক্টৰ ব্যৱহাৰ কৰা উচিত। ইয়াৰোপৰি কেমেৰাত সঠিক ফিল্টাৰ ব্যৱহাৰ কৰিব পাৰে।

 

ইউজাৰসকলে তেওঁলোকৰ ফোনৰ লেঞ্চৰ সন্মুখত চছমা ব্যৱহাৰ কৰা উচিত।

যদি আপোনাৰ কেমেৰা খুবেই দামী হয় তেন্তে সেই কেমেৰা সূৰ্যগ্ৰহণ শ্বুটৰ বাবে ব্যৱহাৰ নকৰিব।

ছেঞ্চৰ বেয়া হ’লে কি কৰিব?

চেঞ্চৰ কোনো এটা স্মাৰ্টফোনৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। চেঞ্চৰৰ সহায়তেই ছবি তোলা হয়। ইয়াৰোপৰি চেঞ্চৰে আপোনাৰ স্মাৰ্টফোনৰ অটোমেশ্বনৰ কাৰ্যকৰিতা নিৰীক্ষণ কৰে। এই পৰিস্থিতিত চেঞ্চৰৰ কাৰ্যকৰিতা বন্ধ হ’লে আপোনাৰ স্মাৰ্টফোনৰ কামো বন্ধ হ’ব।

এই বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ সোমবাৰে উত্তৰ আমেৰিকাৰ পৰা ভালকৈ দৃশ্যমান হ’ব। এই সূৰ্যগ্ৰহণত চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজত থাকিব। যাৰ ফলত পৃথিৱীৰ পৰা সূৰ্য অস্পষ্ট হৈ পৰিব। এই সূৰ্যগ্ৰহণত দিনতেই অন্ধকাৰ দেখা যাব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *