পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ কেইবামাহ পূৰ্বেই পদকক লৈ আয়োজক সমিতিয়ে দিছে ডাঙৰ খবৰ। অলিম্পিক পদক জিকিলেই লাভ কৰিব এটুকুৰা আইফেল টাৱাৰ। অৰ্থাৎ আইফেল টাৱাৰৰ এটা অংশ খোদাই কৰা হ’ব প্ৰতিটো পদকতেই। বৃহস্পতিবাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে আয়োজক দেশে। অলিম্পিকৰ প্ৰতিটো পদকতে খোদাই কৰা থাকিব আইফেল টাৱাৰৰ বিশেষ অংশ। সোন, ৰূপ, ব্ৰঞ্জ তিনিওটা পদকতেই থাকিব এই ছবি। ফলত যিসকলে অলিম্পিকত পদক জয় কৰিব তেওঁলোকে ফ্ৰান্সৰ ইতিহাসৰ সাক্ষ্য আজীৱন বহন কৰিব।

আইফেল টাৱাৰৰ উচ্চতা হৈছে ৩৩০ মিটাৰ। টাৱাৰটো ১৮,০৩৮টা লোহাৰ টুকুৰাৰে নিৰ্মাণ কৰা হৈছে। কিন্তু বিশেষ কাৰণত প্ৰকৃত কাঠামোৰ মাজত কিছু সালসলনি অনা হয়। যি অংশ খুলি অনা হৈছে সেই অংশৰ পৰা পদকৰ মাজত বিশেষ ছবি খোদাই কৰা হ’ব। প্ৰতিটো টুকুৰাৰ ওজন হ’ব ১৮গ্ৰাম।

পদকৰ নক্সা নিৰ্মাণ কমিটিৰ প্ৰধান জোয়াকিম ৰংকিনে জনোৱা অনুসৰি এই সংস্থাই আইফেল টাৱাৰৰ বিশেষ অংশটোৰ সংৰক্ষণৰ দায়িত্বত আছিল। তেওঁলোকৰ পৰা অনুমতি লৈয়েই পদকত টুকুৰাটো স্থাপন কৰা হৈছে। টাৱাৰৰ সেই অংশটো পলিছ কৰি ঝালাই কৰি নিৰ্দিষ্ট আকাৰ দি পদক স্থাপন কৰা হৈছে। পদকৰ ওপৰত পেৰিছ ২০২৪ লিখা থাকিব।

ফ্ৰান্সৰ মানচিত্ৰৰ কথা মূৰত ৰাখিয়েই ৬কোণীয়া কৰা হৈছে পদকটো। অলিম্পিকত সকলো মিলি মুঠ ৫০৮৪টা পদক আছে। ইয়াৰ মাজতেই আছে অলিম্পিকৰ বাবে ২৬০০টা আৰু পেৰাঅলিম্পিকৰ বাবে ২৪০০টা পদক। সোনৰ পদকৰ ওজন হ’ব ৫২৯গ্ৰাম। কিন্তু এই সোণ প্ৰকৃত সোণ নহয়। ৰূপৰ ওপৰত ৬গ্ৰামৰ প্ৰলেপহে থাকিব। ৰূপৰ পদকৰ ওজন হ’ব ৫২৫গ্ৰাম। ব্ৰঞ্জৰ পদকৰ ওজন ৪৫৫গ্ৰাম।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *