বিগত বৰ্ষত সংসাৰ গঢ়িছে, নতুন বছৰত দিছে আন এক চমক, ৰাঘৱৰ সৈতে বিবাহৰ পাছতেই আহিছে ভালখবৰ

বিগত বৰ্ষত সংসাৰ গঢ়িছে, নতুন বছৰত দিছে আন এক চমক, ৰাঘৱৰ সৈতে বিবাহৰ পাছতেই আহিছে ভালখবৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বিগত বছৰত নিজৰ জীৱনক নতুনভাৱে সজাইছে বলীউড অভিনেত্ৰী পৰিণীতি চোপ্ৰাই। আম আদমী পাৰ্টীৰ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে পৰিণীতি। মুম্বাইৰ পৰা দিল্লী দুই চহৰত দুখন ঘৰ সামৰাত বিগত এবছৰ ব্যস্ত হৈ আছে অভিনেত্ৰী পৰী। ৰাজনীতিবিদক বিয়া কৰাইয়ো বিনোদন জগতৰ পৰা কিন্তু আঁতৰি অহা নাই পৰিণীতি। বিবাহৰ পাছতো বিভিন্ন ছবিৰ অনুষ্ঠানত দেখা গৈছে পৰিণীতিক।

অভিনেত্ৰী হিচাপে তেওঁ বাৰে বাৰে প্ৰশংসিত হ’লেও বিগত কেইবাবছৰ ধৰি কিন্তু বক্স অফিচত বিশেষভাৱে তেওঁৰ ছবিৰ চৰ্চা চলা নাই। পেছাগত দিশত সেয়ে বৰ এটা শক্তিশালী নহয় বুলিয়েই বহুসংখ্যকৰে ধাৰণা। অভিনয়তকৈ এইবাৰ সেয়ে মাইক্ৰফোন হাতত তুলি লৈছে পৰিণীতিয়ে। অভিনয়ৰ ওপৰিও গানৰো চৰ্চা বহুদিনৰে পৰাই চলাই আহিছে পৰিণীতিয়ে। তেওঁৰ কণ্ঠ বেছ সুৰীয়া সেই প্ৰমাণ ‘মেৰি প্যাৰি বিন্দু’ ছবিৰ জৰিয়তেই বহুজনে পাইছে। সেই ছবিত গায়িকাৰ চৰিত্ৰত অভিনয় কৰাৰ ওপৰিও প্লেবেক ছিংগাৰ হিচাপেও কাম কৰিছে পৰিণীতিয়ে।

মাজে মাজে সামাজিকমাধ্যমতো তেওঁ গোৱা বিভিন্ন গীতৰ কলিৰ ভিডিঅ’ ভাইৰেল হয়। নতুন বছৰত এইবাৰ মঞ্চত পাৰফৰ্ম কৰিছে পৰিণীতিয়ে। এয়া তেওঁৰ প্রথম লাইভ কনছাৰ্ট বুলিও কথা কৈছে বহুজনে। সামাজিকমাধ্যমত বহুতেই তেওঁৰ ষ্টুডিঅ’ৰ ছবি প’ষ্ট কৰি লিখিছে, ‘গীত মোৰ জীৱনৰ শ্ৰেষ্ঠ ভালপোৱা। বহু গায়কক মঞ্চত পাৰফৰ্ম কৰা দেখিছো। এইবাৰ ময়ো এই জগতত ভৰি দিছো। জীৱনৰ নতুন এক অধ্যায় আৰম্ভ কৰিবলৈ লৈছো।’ উল্লেখ্য যে, বিবাহৰ পূৰ্বেও পৰিণীতিয়ে ৰাঘৱৰ সৈতে এটা বিশেষ গীত ৰেকৰ্ড কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *