তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে! পাক বিদেশ মন্ত্ৰণালয়েও অৱশেষত অভিনন্দন জনালে ইছৰোৰ দলক

তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে! পাক বিদেশ মন্ত্ৰণালয়েও অৱশেষত অভিনন্দন জনালে ইছৰোৰ দলক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সাধাৰণ পাকিস্তানী নাগৰিকৰ একাংশই শুভেচ্ছাবাৰ্তা দিছিল বুধবাৰে সন্ধিয়াই। বুধবাৰে চন্দ্ৰযান-৩ ৰ সফল উৎক্ষেপনৰ পাছতেই পাকিস্তানবাসীয়েও শুভেচ্ছা জনাইছিল ইছৰোক। ভাৰতে চন্দ্ৰপৃষ্ঠত ভৰি দিয়াক লৈ এইবাৰ শুভেচ্ছা জনাইছে পাক চৰকাৰেও। পাক বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মমতাৰ বালোচে এই সন্দৰ্ভত কয়, ‘এয়া এক বিৰাট সাফল্য। বৈজ্ঞানিকৰ এই সাফল্যৰ বাবে মই ইছৰোৰ প্ৰতিজন বিজ্ঞানীক শুভেচ্ছা জনাইছো।’

চন্দ্ৰৰ কুমেৰুত অভিযান চলোৱা ভাৰত প্ৰথমখন দেশ। বুধবাৰে ভাৰতে মহাকাশত দেখুওৱা এই সাফল্যৰ পাছতেই বিশ্বজুৰি বিষয়টোৱে চৰ্চা লাভ কৰিছে। চিৰবৈৰী পাকিস্তানৰ জনতাইয়ো ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক অভিনন্দন জনাইছে। পাক ৰাজনৈতিক মহলতো বিষয়টোৱে চৰ্চা লাভ কৰিছে। সামাজিকমাধ্যমত পক্ষ-বিপক্ষই বিভিন্ন মতামত ৰাখিছে। পাকিস্তানৰ সাধাৰণ জনতাই ভাৰতৰ সফলতা দেখি নিজৰ দেশৰ চৰকাৰক সমালোচনা কৰিছে।

পাকিস্তানৰ আৰ্থিক পৰিস্থিতি, পাক নাগৰিকৰ দুৰাৱস্থাক লৈ পাক চৰকাৰক মুকলিকৈ সমালোচনা কৰিছে পাকিস্তানৰ জনতাই। ইমৰাণ খান প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ফাওৱাদ চৌধুৰীয়েও মুকলিকৈ ভাৰতৰ সফলতাৰ প্ৰশংসা কৰিছে। চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমে লেণ্ডিং কৰাৰ আগৰে পৰাই পাকিস্তানৰ চৰকাৰী টিভি চেনেলত এই ঐতিহাসিক মুহূৰ্ত সম্প্ৰচাৰ কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছিল। কিন্তু চৰকাৰীভাৱে এই প্ৰস্তাৱক নাকচ কৰা হয়। চৰকাৰীভাৱে প্ৰচাৰ নকৰিলেও পাক সংবাদমাধ্যমৰ প্ৰথম পৃষ্ঠাত বাতৰি হৈছে ভাৰতৰ চন্দ্ৰযান-৩ৰ সফলতা।

সংবাদ পত্ৰ টেলিভিছনত বিস্তৃতৰূপত প্ৰকাশ হৈছে ভাৰতে চন্দ্ৰৰ কুমেৰুত ভৰি দিয়াৰ কথা। পাকিস্তানৰ বাতৰি কাকত, ‘দ্যা ডন’য়ে প্ৰথম পৃষ্ঠাতেই লিখিছে, ‘তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে।’ পাক চৰকাৰে অৱশ্য দুদিন ধৰি ইছৰোৰ এই সফলতাৰ শলাগ লোৱা নাছিল। পাছলৈ বিভিন্ন দেশে ভাৰতীয় বিজ্ঞানীক শুভেচ্ছা জনোৱাৰ পাছত শনিবাৰে পাক বিদেশ মন্ত্ৰণালয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় মহাকাশ বিজ্ঞানীৰ দলটোক শুভেচ্ছা জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *